কাইলৈ পুহ মাহৰ অমাৱস্যা, এই ৪ সামগ্ৰীৰ দানে ভাগ্য মুকলি কৰিব আপোনাৰ

কাইলৈ ১৯ ডিচেম্বৰ, শুকুৰবাৰ। পুহৰ শুভ অমাৱস্যা কাইলৈৰ দিনটোতে পৰিছে। পুহৰ অমৱস্যা উপলক্ষে কোনবোৰ বস্তু দান কৰিলে বিশেষভাৱে শুভ আৰু ফলপ্ৰসূ বিবেচিত হয় জানো আহক।

কাইলৈ পুহ মাহৰ অমাৱস্যা, এই ৪ সামগ্ৰীৰ দানে ভাগ্য মুকলি কৰিব আপোনাৰ

কাইলৈ পুহৰ অমাৱস্যা

Updated On: 

18 Dec 2025 19:01 PM

হিন্দু ধৰ্মত পূৰ্ণিমা আৰু অমাৱস্যাৰ এক বিশেষ মহত্ব আছে। এই দিনকেইটাত কিছুমান বিধি-বিধান মানি চলা হয়। হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি পুহ মাহটোক যথেষ্ট শুভ বুলি কোৱা হয়। একেদৰে পুহৰ অমাৱস্যাৰো অত্যন্ত ধৰ্মীয় মান্যতা আছে। এই দিনটোত পূৰ্বপুৰুষৰ পূজা, দান-বৰঙণি, পবিত্ৰ নদীত স্নান কৰা আদি কাৰ্যৰ বিশেষ তাৎপৰ্য আছে। এনে ধৰণৰই কাৰ্যই পূৰ্বপুৰুষক সন্তুষ্ট কৰে আৰু পৰিয়ালটোক আশীৰ্বাদ প্ৰদান কৰে বুলি বিশ্বাস কৰা হয়।

কেৱল সিমানেই নহয়, এই দিনটোত ধৰ্মীয় আচাৰ-ব্যৱহাৰ পালন কৰি পিতৃ দোষ অৰ্থাৎ পূৰ্বপুৰুষৰ দোষৰ পৰা মুক্ত হয় বুলি কোৱা হয়। ইয়াৰ ফলত যিকোনো পাপ, আৰ্থিক লোকচান, ঋণ আদি সমস্যাৰ পৰা সকাহ লাভ কৰিব পাৰি। ধৰ্মীয় আচাৰ-ব্যৱহাৰৰ লগতে পুহৰ অমাৱস্যাত দান-বৰঙণি অত্যন্ত তাৎপৰ্যপূৰ্ণ বিবেচিত হয়।

যদি কোনো লোক পিতৃ দোষ, ঋণ অথবা দীৰ্ঘদিনীয়া ৰোগৰ সমস্যাত ভাৰাক্ৰান্ত, তেতিয়া পুহৰ অমাৱস্যাত কিছুমান বস্তু দান কৰিলে অনন্য সুফল লাভ কৰিব পাৰি। জ্যোতিষ শাস্ত্ৰ মতে পুহৰ অমাৱস্যাৰ দিনটোত কৰা দানে জীৱনৰ নেতিবাচকতা দূৰ কৰে। ইয়াৰ ফলত পিতৃ দোষ দূৰ হয় আৰু সৌভাগ্যৰ আগমন ঘটে বুলি কোৱা হয়।

পুহৰ অমাৱস্যা কাইলৈ

কাইলৈ ১৯ ডিচেম্বৰ, শুকুৰবাৰ। পুহৰ শুভ অমাৱস্যা কাইলৈৰ দিনটোতে পৰিছে। পুহৰ অমৱস্যা উপলক্ষে কোনবোৰ বস্তু দান কৰিলে বিশেষভাৱে শুভ আৰু ফলপ্ৰসূ বিবেচিত হয় জানো আহক।

খাদ্য দান

হিন্দু শাস্ত্ৰৰ আধাৰত খাদ্য দান কৰাটো এক মহান দান হিচাপে গণ্য কৰা হয়। পুহৰ অমৱস্যাত খাদ্যৰ দান অধিক শুভ হৈ পৰে। এই দিনটোত খাদ্য দান কৰিলে পূৰ্বপুৰুষ সন্তুষ্ট হয়। ইয়াৰ ফলত জীৱনৰ আৰ্থিক অসুবিধা, ঋণ আৰু অন্যান্য সমস্যাসমূহ দূৰ হয়। এনে কাৰণতে পুহৰ আমাৱস্যাত চাউল, ঘেঁহু আৰু অন্যান্য শস্য দান কৰাটো অত্যন্ত শুভ বুলি গণ্য কৰা হয়।

গুড় দান

পুহৰ অমৱস্যাত গুড় দান কৰিলে ৰাশিফলত সূৰ্য আৰু বৃহস্পতিৰ স্থান শক্তিশালী হয়, ইয়াৰ ফলত সৌভাগ্যৰ আগমন ঘটে। ইয়াৰ দ্বাৰা ব্যক্তিজনে জীৱনত সফলতা লাভ কৰে আৰু কৰ্ম বা কেৰিয়াৰৰ সৈতে জড়িত বাধাসমূহ দূৰ হ’বলৈ আৰম্ভ কৰে।

ক’লা তিল

পূৰ্বপুৰুষৰ পূজাত ক’লা তিলৰ বিশেষ স্থান আছে। ধৰ্মীয় বিশ্বাস অনুসৰি ক’লা তিলৰ দ্বাৰা প্ৰস্তুত কৰা প্ৰসাদ পোনপটীয়াকৈ পূৰ্বপুৰুষে লাভ কৰে আৰু তেওঁলোক সন্তুষ্ট হয়। ইয়াৰ দ্বাৰা পূৰ্বপুৰুষৰ পাপ দূৰ হোৱাই নহয়, অকাল মৃত্যুৰ সৈতে জড়িত পাপৰ পৰাও সকাহ পোৱা যায় বুলি বিশ্বাস কৰা হয়।

কম্বল দান

পুহ মাহত প্ৰবল জাৰ পৰে। গতিকে অমাৱস্যাৰ দিনটোত গৰম কাপোৰ আৰু কম্বল দান অতি গুণৱান কাম হিচাপে বিবেচিত হয়। এই সামগ্ৰীসমূহ কোনো দুখীয়া বা আৰ্তজনক দান কৰিলে জীৱনলৈ সুখ, শান্তি আৰু ইতিবাচকতাৰ আগমন ঘটে।

ভাল টোপনিৰ বাবে অতি উপকাৰী এইসমূহ খাদ্য, নিশা টোপনি নাহে যদি চাওক এতিয়াই
নাৰীৰ যৌন শক্তি বৃদ্ধি কৰে এইকেইবিধ খাদ্যই, জানি হ'ব আচৰিত!
পত্নী গৰ্ভৱতী হ’লে স্বামীয়ে কৰিব নালাগে এইবোৰ ভুল, প্ৰভাৱ পৰে সন্তানৰ ওপৰত!
এনে ফল ডায়েবেটিছ ৰোগীৰ বাবে হ’ব পাৰে উপযোগী, চাই লওক এতিয়াই
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...
বৃন্দাবনী বস্ত্ৰ বৰপেটালৈ অনা সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে?
ৰাইজে যে কংগ্ৰেছক মাতিব তাৰ কোনো সম্ভাৱনা নাইঃ মুখ্যমন্ত্ৰী