নৱবৰ্ষ ২০২৬ৰ প্ৰথম দিনটোতে কৰক এই কাম, বছৰটোলৈ থাকিব দেৱী লক্ষ্মীৰ কৃপা

লোকবিশ্বাস অনুসৰি নতুন বছৰৰ প্ৰথম দিনটোত কিছুমান বিশেষ কাম হাতত ল’ব লাগে। বছৰৰ প্ৰথম দিনটোত এই কামবোৰ সম্পন্ন কৰিলে শুভ তথা ইতিবাচক ফলাফল পোৱা যায় বুলি বিশ্বাস কৰা হয়। তদুপৰি নৱবৰ্ষৰ প্ৰথম দিনাই এই কামবোৰ সম্পাদন কৰিলে দেৱী লক্ষ্মী সন্তুষ্ট হয় বুলি লোকবিশ্বাস প্ৰচলিত।

নৱবৰ্ষ ২০২৬ৰ প্ৰথম দিনটোতে কৰক এই কাম, বছৰটোলৈ থাকিব দেৱী লক্ষ্মীৰ কৃপা

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

16 Dec 2025 09:57 AM

নৱবৰ্ষ ২০২৬ৰ আৰম্ভণিলৈ আৰু বেছিদিন নাই। পোৱা-নোপোৱাৰ আনন্দ-ক্ষোভৰ মাজেৰে সকলোৱে ২০২৫ক আদৰিবলৈ সাজু হৈছে। স্বাভাৱিকতেই প্ৰতিটো নতুন বছৰৰ লগে লগে সকলোৰে মনলৈ আহে নতুন আশা আৰু নতুন সংকল্প। সেয়ে নৱবৰ্ষৰ প্ৰথম দিনটো সকলোৰে বাবে বিশেষ। এই দিনটো সমগ্ৰ বিশ্বতে অত্যন্ত উলহ-মালহেৰে উদযাপন কৰা হয়। সাধাৰণতে নতুন বছৰটো যি শক্তিৰে আৰম্ভ কৰে, সেই শক্তিয়ে বছৰৰ বাকী সময়ছোৱাত মানুহৰ জীৱনত প্ৰভাৱ পেলায় বুলি বিশ্বাস কৰা হয়।

লোকবিশ্বাস অনুসৰি নতুন বছৰৰ প্ৰথম দিনটোত কিছুমান বিশেষ কাম হাতত ল’ব লাগে। বছৰৰ প্ৰথম দিনটোত এই কামবোৰ সম্পন্ন কৰিলে শুভ তথা ইতিবাচক ফলাফল পোৱা যায় বুলি বিশ্বাস কৰা হয়। তদুপৰি নৱবৰ্ষৰ প্ৰথম দিনাই এই কামবোৰ সম্পাদন কৰিলে দেৱী লক্ষ্মী সন্তুষ্ট হয় বুলি লোকবিশ্বাস প্ৰচলিত।

এইদৰে নৱবৰ্ষৰ প্ৰথম দিনটোতে দেৱী লক্ষ্মী সন্তুষ্ট হ’লে গোটেই বছৰটোলৈ তেওঁৰ আশীৰ্বাদ পোৱা যায় আৰু এইদৰে বছৰৰ প্ৰতিটো দিনতে ঘৰখন ধন-সম্পত্তিৰে ভৰি থাকে। গতিকে, বছৰৰ প্ৰথম দিনটোত হাতত ল’বলগীয়া এনে কিছুমান কামৰ বিষয়ে জানো আহক।

২০২৬ চনৰ প্ৰথম দিনটোত এইবোৰ কাম নিশ্চয়কৈ কৰক

নৱবৰ্ষৰ প্ৰথম দিনটোত ব্ৰহ্ম মুহূৰ্তৰ সময়ত চকু মুদি প্ৰাৰ্থনা কৰক। বছৰৰ প্ৰথম দিনটোত তুলসী গছত পানী আগবঢ়াওক। তেনে কৰিলে উৎকৃষ্ট ফলাফল পোৱা যাব পাৰে।

বছৰৰ প্ৰথম দিনটোত দান-বৰঙণি বিশেষ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হয়, গতিকে প্ৰথম দিনাই নিশ্চয়কৈ দান কৰিব। ইয়াৰ ফলত গ্ৰহৰ অৱস্থান শক্তিশালী হয় আৰু ঘৰখনলৈ সুখ আৰু শান্তি আনে। আপোনাৰ সামৰ্থ্য অনুসৰি আৰ্তজনক গৰম কাপোৰ শস্য বা ধন দান কৰক।

এটা পৰিষ্কাৰ আৰু সু-সংগঠিত ঘৰত ইতিবাচক শক্তি প্ৰবাহিত হৈ থাকে। দেৱী লক্ষ্মীয়েও পৰিষ্কাৰ-পৰিচ্ছন্নতাক ভাল পায়। দেৱী লক্ষ্মী পৰিষ্কাৰ ঘৰত বাস কৰে, গতিকে নৱবৰ্ষৰ প্ৰথম দিনাই ঘৰ পৰিষ্কাৰ কৰক। গংগা জল ছটিয়াই দিব। এনে কৰিলে বছৰটোলৈ ঘৰত ধনৰ অভাৱ নহয়।

নৱবৰ্ষৰ প্ৰথম দিনটোত নিশ্চয়কৈ লাদ্দু গোপালক সেৱা আগবঢ়াব। তেওঁক মিঠা ব্যঞ্জন আগবঢ়াওক। ইয়াৰ দ্বাৰা লাদ্দু গোপাল সোনকালে সন্তুষ্ট হ’ব আৰু তেওঁ আশীৰ্বাদ প্ৰদান কৰিব।

এইবাৰ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে নতুন বছৰ। ২০২৬ চনক শুভ কৰি তুলিবলৈ তুলসী গছ ৰোপণ কৰক। লক্ষ্মী দেৱী তুলসীত বাস কৰে। তুলসী ভগৱান বিষ্ণুৰো অতি প্ৰিয়।

বিশেষ দ্ৰষ্টব্যঃ এই লেখাটো সম্পূৰ্ণৰূপে ধৰ্মীয় তথা লোকবিশ্বাসৰ ওপৰত আধাৰিত। TV Assam- এ এয়া নিশ্চিত কৰা কৰা নাই।

শীতকালত হিটাৰ কেনেকৈ ব্যৱহাৰ কৰিব? ভুল কৰিলে হ'ব বিপদ!
বাৰে বাৰে গুপ্তাংগৰ খজুৱতিয়ে আমনি কৰিছে নেকি? ই কি ৰোগৰ কাৰণ জানক
এই ৫ টা লক্ষণে আপোনাক কিডনী সংক্ৰমণৰ ইংগিত দিব পাৰে...
এই ৫ টা সহজ অভ্যাসে আপোনাৰ চুগাৰ নিয়ন্ত্ৰণত ৰাখিব...
দুৰ্বল নেকি জুবিন গাৰ্গৰ চাৰ্জশ্বীট? কি ক'লে মুখ্যমন্ত্ৰীয়ে...
অখিল গগৈ কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...