শিৱ পূজাত ভুলতেও ব্যৱহাৰ নকৰিব এই ৬ বিধ বস্তু, ক্ৰোধিত হৈ পৰিব ভোলানাথ!

ধৰ্মীয় বিশ্বাস অনুসৰি ভগৱান শিৱ এনে এজন দেৱতা যিয়ে সহজে সন্তুষ্ট হয়। লগতে ভক্তই বিচৰা ফল দিয়ে। ভগৱান শিৱৰ কি ভাল লাগে আমি সকলোৱে জানো আৰু সেইবোৰ বস্তু আমিও শিৱলিংগত আগবঢ়াই দিওঁ। কিন্তু ভোলেনাথৰ পূজাত অন্তৰ্ভুক্ত নোহোৱা  বস্তুবোৰ কি কি জানেনে? জানো আহক।

শিৱ পূজাত ভুলতেও ব্যৱহাৰ নকৰিব এই ৬ বিধ বস্তু, ক্ৰোধিত হৈ পৰিব ভোলানাথ!

শিৱ পূজা

Updated On: 

21 Apr 2025 | 07:32 AM

আমি জানো যে ভগৱান শিৱ সোনকালে সন্তুষ্ট হয়, লগতে শিৱৰ সোনকালে খং উঠাটোৱো সঁচা। ভগৱান শিৱৰ তাণ্ডৱৰ বিষয়ে কোনে নাজানে? ভগৱান শিৱ যদি সোনকালে সন্তুষ্ট হয়, তেন্তে তেওঁৰ সোনকালে ক্ষুব্ধও হয়। গতিকে এনেকুৱা কাম নকৰিব যাতে ভগৱান শিৱ আপোনাৰ ওপৰত ক্ৰোধ কৰিব পাৰে। আমি দৈনিক ঘৰতে শিৱক পূজা কৰো। পূজাৰ সময়ত শিৱলিংগত পানী আগবঢ়োৱা হয়। মহাদেৱক পূজা কৰা আৰু তেওঁক সন্তুষ্ট কৰাটো আটাইতকৈ সহজ বুলি বিশ্বাস কৰা হয়। হিন্দু ধৰ্মগ্ৰন্থত কোৱা হৈছে যে কোনো ব্যক্তিয়ে সঁচা হৃদয়েৰে শিৱক জল অৰ্পণ কৰিলেও ভগৱান সুখী হৈ আশীৰ্বাদ দিয়ে।

সোমবাৰৰ দিনটো বিশেষভাৱে মহাদেৱৰ নামত উৎসৰ্গিত। সোমবাৰ শিৱভক্তসকলে উপবাসে থাকি মহাদেৱৰক পূজা কৰে।  আজি আমি আপোনালোকক ইয়াত দিম শিৱ পূজাত নিষিদ্ধ বস্তুৰ তালিকা। এইবোৰ বস্তু কেতিয়াও শিৱলিংগত আগবঢ়াব নালাগে। শিৱ পূজাত যিবোৰ বস্তু নিষিদ্ধ বুলি গণ্য কৰা হয়, সেইবোৰ কি কি জানো আহক।

হালধি

হিন্দু ধৰ্মত হালধি শুভ বুলি গণ্য কৰা হয় যদিও শিৱ পুৰুষত্বৰ প্ৰতীক হোৱাৰ বাবে শিৱ পূজাত হালধি আগবঢ়োৱা নহয়। এই কাৰণে মহাদেৱক হালধি আগবঢ়াৱ নালাগে

সেন্দূৰ

সেন্দূৰ আৰু ৰোলী ভগৱান শিৱৰ ক্ষেত্ৰত প্ৰয়োগ কৰা নহয় কাৰণ এই দুয়োটা বস্তু সৌভাগ্যৰ প্ৰতীক হিচাপে জনা যায় আৰু ভগৱান শিৱক বৈৰাগ্যৰ প্ৰতীক বুলি গণ্য কৰা হয়। এই কাৰণেই এই দুটা বস্তু শিৱক অৰ্পণ কৰা নহয়।

ফুল

শিৱই পদুমৰ বাহিৰে আন কোনো ৰঙা ৰঙৰ ফুল ভাল নাপায়। ভগৱান শিৱক কেতেকী ফুল আগবঢ়োৱা নিষিদ্ধ বুলি ধৰা হয়। পুৰাণৰ মতে কেতেকীয়ে ব্ৰহ্মাক তেওঁৰ মিছা কথা কোৱাত সহায় কৰিছিল, যাৰ বাবে শিৱই কেতেকীক অভিশাপ দিছিল।

শংখ

শিৱ পূজাত শংখ নিষিদ্ধ। কাৰণ ভগৱান শিৱই শংখচূৰ নামৰ অসুৰক বধ কৰিছিল।

নাৰিকল পানী

ভগৱান শিৱক কেতিয়াও নাৰিকল পানীৰে অভিষেক কৰা উচিত নহয়।

তুলসী

ভগৱান শিৱক তুলসী পাত অৰ্পণ কৰিব নালাগে। ইয়াৰ প্ৰেক্ষাপটত আছে অসুৰ ৰজা জলন্ধৰৰ কাহিনী, যাৰ পত্নী বৃন্দাক তুলসী গছলৈ ৰূপান্তৰিত কৰা হৈছিল। শিৱই জলন্ধৰক বধ কৰিছিল, গতিকে বৃন্দাই শিৱৰ পূজাত তুলসী পাত ব্যৱহাৰ নকৰিবলৈ কৈছিল।

(অস্বীকাৰ: ইয়াত দিয়া তথ্য ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। TV9 অসমে ইয়াক নিশ্চিত নকৰে।)

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...