Navratri 2025: নৱৰাত্ৰিত কি কি ৰঙে আপোনাক শুভ ফল দিব? জানক কোনদিনা কি ৰঙৰ বস্ত্ৰ পৰিধান কৰিব…

২২ ছেপ্টেম্বৰ সোমবাৰৰ পৰা নৱৰাত্ৰি আৰম্ভ হ'ব। নৱৰাত্ৰিৰ প্ৰতিটো দিনৰ ৰং দেৱী দুৰ্গাৰ এক নিৰ্দিষ্ট ৰূপৰ সৈতে জড়িত। আজি জানো আহক নৱৰাত্ৰিত কি ৰঙৰ বস্ত্ৰ পৰিধান কৰিলে শুভ ফল পোৱা যাব।

Navratri 2025: নৱৰাত্ৰিত কি কি ৰঙে আপোনাক শুভ ফল দিব? জানক কোনদিনা কি ৰঙৰ বস্ত্ৰ পৰিধান কৰিব...

নৱৰাত্ৰিত কি কি ৰঙে আপোনাক শুভ ফল দিব?

Published: 

17 Sep 2025 22:09 PM

নৱৰাত্ৰি হিন্দু ধৰ্মৰ এক বিশেষ উৎসৱ। এই সময়ছোৱাত দুৰ্গা দেৱীৰ ৯টা ৰূপ পূজা কৰা হয়। দেৱী দুৰ্গাৰ ৰূপ অতি পবিত্ৰ, দেৱীয়ে নিজৰ ভক্তৰ প্ৰতিটো কামনা পূৰণ কৰে। নৱৰাত্ৰিৰ ৯ দিনৰ বাবে ৯ টা ভিন্ন ৰং আছে ৷ প্ৰতিটো দিনৰ ৰঙৰে দেৱী দুৰ্গাৰ লগত সম্পৰ্ক আছে। ২০২৫ চনত ২২ ছেপ্টেম্বৰ সোমবাৰৰ পৰা নৱৰাত্ৰি আৰম্ভ। নৱৰাত্ৰিৰ সময়ত প্ৰতিটো দিন অনুযায়ী দেৱীৰ ৰঙৰ কাপোৰ পিন্ধিলে শুভ ফল পোৱা যায়।

নৱৰাত্ৰিৰ ৯ দিনত কি ৰঙৰ কাপোৰ পিন্ধিব আৰু কোন দিনা কোন দেৱীক পূজা কৰিব লাগে? সবিশেষ জানি লওক।

  1. নৱৰাত্ৰিৰ প্ৰথম দিনা ঘট স্থাপন কৰে আৰু মা শৈলপুত্ৰীৰ পূজা কৰা হয়। সেই দিনা ৰঙা কাপোৰ পিন্ধি শৈলপুত্ৰী দেৱীক পূজা কৰিলে অতি শুভ ফল পায় বুলি গণ্য কৰা হয়।
  2. নৱৰাত্ৰিৰ দ্বিতীয় দিনা মা ব্ৰহ্মচাৰিনীক পূজা কৰা হয়। এই দিনটোত নীলা ৰঙৰ কাপোৰ ভাল পোৱা বুলি গণ্য কৰা হয়। গতিকে নৱৰাত্ৰিৰ দ্বিতীয় দিনাও পূজাত নীলা ৰং পিন্ধিব লাগে।
  3. নৱৰাত্ৰিৰ তৃতীয় দিনা মা চন্দ্ৰঘণ্টাক পূজা কৰা হয়। হালধীয়া ৰং দেৱী দুৰ্গাৰ বাবে অতি প্ৰিয় বুলি গণ্য কৰা হয়। এই দিনটোত হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰি মা দুৰ্গাৰ চন্দ্ৰঘন্টা ৰূপ পূজা কৰিব লাগে।
  4. নৱৰাত্ৰিৰ চতুৰ্থ দিনা মাতৃ কুষ্মাণ্ডাক পূজা কৰা হয়। এই দিনটোত গাঢ় নীলা বা বেঙুনীয়া ৰঙৰ কাপোৰ পিন্ধি কুষ্মাণ্ডা দেৱীক পূজা কৰিব লাগে। বিশ্বাস কৰা হয় যে এনে কৰিলে মাতৃৰ আশীৰ্বাদ পোৱা যায় আৰু ঘৰলৈ সমৃদ্ধি আহে।
  5. নৱৰাত্ৰিৰ পঞ্চম দিনা মাতৃ দুৰ্গাৰ স্কন্দমাতা ৰূপৰ পূজা কৰা হয়। স্কন্দমাতাক সাধাৰণ ৰঙা কাপোৰ পিন্ধি পূজা কৰিব লাগে।
  6. নৱৰাত্ৰিৰ ষষ্ঠ দিনা কাত্যায়নী দেৱীক পূজা কৰা হয়। এই দিনটোত কমলা কাপোৰ পিন্ধি মা কাত্যায়নীক পূজা কৰাটো অতি শুভ বুলি গণ্য কৰা হয়।
  7. নৱৰাত্ৰীৰ সপ্তম দিনা মাতৃ কলৰাত্ৰিৰ পূজা কৰা হয়। মা দুৰ্গাৰ এই ৰূপক অশুভ ধ্বংসকাৰী বুলি গণ্য কৰা হয়। এই দিনটোত ধূসৰ বা বাদামী ৰঙৰ কাপোৰ পৰিধান কৰি মা কলৰাত্ৰিক পূজা কৰিব লাগে।
  8. নৱৰাত্ৰিৰ অষ্টম দিনা মা মহাগৌৰীক পূজা কৰা হয়। আজিৰ দিনটোত দেৱী মহাগৌৰীক গোলাপী ৰঙৰ কাপোৰ পিন্ধি পূজা কৰিব লাগে।
  9. নৱৰাত্ৰিৰ অন্তিম দিনা মাতৃ সিদ্ধিদাত্ৰীক পূজা কৰা হয়। এই দিনটোত বেঙুনীয়া কাপোৰ পিন্ধি পূজা কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে এনে কৰিলে ঘৰত সুখ আৰু সমৃদ্ধি বৃদ্ধি পায়।

(Disclaimer: এই বাতৰিত দিয়া তথ্য ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। TV9 অসমে এই কথা নিশ্চিত কৰা নাই।)

ভালকৈ টোপনি আহিবলৈ শোৱাৰ পূৰ্বে কৰক এই ৫টা কাম, সবিশেষ...
ঔষধ খোৱাৰ প্ৰয়োজন নাই, ইউৰিক এচিডৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাৰ ৫ টা ঘৰুৱা উপায় জানক...
৫ প্ৰকাৰৰ হোম লোন: আপুনি কোনটো বাছি ল’ব? জানক
সপোনত এই পাঁচটা বস্তু দেখাটো অত্যন্ত শুভ, জীৱনলৈ আহে সুখ!