গীতাৰ বাণী মানি প্ৰতিদিনে পুৱা কৰক এইসমূহ কাম, দেৱী লক্ষ্মীৰ আশীৰ্বাদত দূৰ হ’ব ধনৰ সমস্যা

শ্রীমদ্ভাগৱত গীতাৰ বাখ্যা মতে পুৱাৰ এই অভ্যাসবোৰে কেৱল মন শান্ত কৰি ৰখাই নহয়, জীৱনত ইতিবাচক শক্তিও বৃদ্ধি কৰে। দৈনন্দিন জীৱনত এই অভ্যাসসমূহ গ্ৰহণ কৰিলে সমৃদ্ধিৰ সমান্তৰালকৈ দৈহিক-মানসিক স্বাস্থ্যও উন্নত কৰি ৰাখে বুলি কোৱা হৈছে। জানো আহক এই বিষয়ে।

গীতাৰ বাণী মানি প্ৰতিদিনে পুৱা কৰক এইসমূহ কাম, দেৱী লক্ষ্মীৰ আশীৰ্বাদত দূৰ হ’ব ধনৰ সমস্যা

গীতাৰ বাণীয়ে জীৱন কৰি তুলিব সমৃদ্ধিশালী

Published: 

09 Dec 2025 | 06:42 AM

নিজৰ জীৱন সুখ-সমৃদ্ধিৰে ভৰাই তুলিবলৈ সকলো লোকেই নিতে কঠোৰ পৰিশ্ৰম কৰে। কিন্তু তাৰ পিছতো বহুলোকৰ জীৱনত আৰ্থিক অভাৱ দূৰ নহয়। এই সমস্যাৰ সৈতে মোকাবিলাৰ বাবে প্ৰায়ে নিত্য-নতুন পৰিকল্পনা কৰে যদিও সফলতাৰ মুখ নেদেখে। পিছে শাস্ত্ৰ মতে কেৱল কঠোৰ পৰিশ্ৰমেই নহয়, দৈনন্দিন কাম-কাজ আৰু অভ্যাসেও আমাৰ ভাগ্য আৰু জীৱনৰ প্ৰগতিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। শ্রীমদ্ভাগৱত গীতাত মানুহৰ ভাগ্যৰ পৰিৱৰ্তন ঘটাব পৰা পুৱাৰ কিছুমান সাধাৰণ অভ্যাসৰ বিষয়ে উল্লেখ কৰা হৈছে।

শ্রীমদ্ভাগৱত গীতাৰ বাখ্যা মতে পুৱাৰ এই অভ্যাসবোৰে কেৱল মন শান্ত কৰি ৰখাই নহয়, জীৱনত ইতিবাচক শক্তিও বৃদ্ধি কৰে। দৈনন্দিন জীৱনত এই অভ্যাসসমূহ গ্ৰহণ কৰিলে সমৃদ্ধিৰ সমান্তৰালকৈ দৈহিক-মানসিক স্বাস্থ্যও উন্নত কৰি ৰাখে বুলি কোৱা হৈছে। জানো আহক এই বিষয়ে।

সূৰ্য উদয়ৰ পূৰ্বেই উঠা

গীতাত ‘কাল’ অৰ্থাৎ সময়ক আটাইতকৈ শক্তিশালী আৰু মূল্যৱান বুলি কোৱা হৈছে। সময়ক বুদ্ধিমানৰূপে ব্যৱহাৰ কৰা সকলেহে প্ৰকৃত সফলতা লাভ কৰে। সূৰ্য উদয়ৰ আগৰ সময়ছোৱাক ব্ৰহ্মমুহূৰ্ত বোলা হয়। এই সময়ত সাৰ পোৱাটো কেৱল ধৰ্মীয় দৃষ্টিকোণৰ পৰাই শুভ নহয়, বৈজ্ঞানিক আৰু মানসিক দৃষ্টিকোণৰ পৰাও ই অত্যন্ত উপকাৰী।

ব্ৰহ্মমুহুৰ্তৰ সময়ত সাৰ পালে মন চোকা হয়, চিন্তা-চৰ্চা স্পষ্ট হয়, পৰিকল্পনা অধিক সফল হয়। আধ্যাত্মিক অনুশীলন, ধ্যান, যোগাসন, ইতিবাচক চিন্তাৰ বাবে এই সময়ছোৱাই আটাইতকৈ উত্তম হিচাপে গণ্য কৰা হয়।

ঈশ্বৰৰ নাম লোৱা

পুৱা সাৰ পোৱাৰ সময়ছোৱাত মন শান্ত আৰু কোমল হৈ থাকে। এই সময়ছোৱাত ঈশ্বৰক স্মৰণ কৰিলে দিনটোলৈ শক্তি বৰ্তি থাকে। ইশ্বৰৰ নাম জপ কৰাৰ পিছত হাতৰ তলুৱালৈ চাওক। এই সৰু অভ্যাসে আত্মবিশ্বাসো বৃদ্ধি কৰে।

সূৰ্য দেৱতাক পানী আগবঢ়াওক

সূৰ্য দেৱতাক শক্তি, স্বাস্থ্য আৰু সমৃদ্ধিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। পুৱা তামৰ পাত্ৰৰে সূৰ্য দেৱতাক পানী আগবঢ়োৱাটো অত্যন্ত শুভ। ইয়াৰ ফলত মন সুস্থিৰ হৈ পৰে আৰু নেতিবাচক শক্তি দূৰ হয়। দৈনিক এই অভ্যাসে মানসিক চাপ হ্ৰাস কৰাৰ লগতে ঘৰখনলৈ ইতিবাচক শক্তি কঢ়িয়াই আনে।

ভগৱান শ্ৰীকৃষ্ণৰ ভক্তি আৰু পূজা

গীতাত ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ চৰণত আশ্ৰয় লোৱাসকলক আশীৰ্বাদ প্ৰদান কৰে বুলি উল্লেখ কৰিছে। পুৱা ভগৱান শ্ৰীকৃষ্ণৰ ফটো বা মূৰ্তিৰ আগত বা প্লেটত চন্দনেৰে নিৰ্মিত স্বস্তিকা আৰু ওম প্ৰতীকত তুলসী অৰ্পণ কৰাটো অত্যন্ত শুভ হিচাপে গণ্য কৰা হয়। এনে কাৰ্যই ভগৱান শ্ৰীকৃষ্ণৰ পৰা আশীৰ্বাদ কঢ়িয়াই আনে বুলি কোৱা হয়।

ইতিবাচক কৰ্ম আৰু দান

পুৱা কিছু দান বা সেৱা কৰিলেও আপোনাৰ সৌভাগ্য উন্নত কৰাত সহায়ক হয়। ইয়াৰ দ্বাৰা কেৱল গুণৰ পথ প্ৰশস্ত কৰাই নহয়, আপোনাৰ ঘৰখনলৈ সমৃদ্ধি আৰু ইতিবাচক শক্তিৰ আগমনো বৃদ্ধি পায়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...