আজি পৱিত্ৰ মোক্ষদা একাদশী, পাপৰ পৰা মুক্তি পাবলৈ ভগৱান বিষ্ণুক কৰক এইদৰে পূজা…

মোক্ষদা একাদশীত ৰীতি-নীতি অনুযায়ী পূজা কৰিলে সৰ্বোত্তম ফলাফল লাভ কৰিব পৰা যায় । আজিৰ দিনটোত বিষ্ণু ভগৱানক পূজা কৰাৰ পৰম্পৰা প্ৰচলিত হৈ আহিছে । মোক্ষদ একাদশীত উপবাসে থাকিলে সকলো পাপৰ পৰা মুক্তি লাভ কৰা যায় বুলি বিশ্বাস কৰা হয়।

আজি পৱিত্ৰ মোক্ষদা একাদশী, পাপৰ পৰা মুক্তি পাবলৈ ভগৱান বিষ্ণুক কৰক এইদৰে পূজা...

ভগৱান বিষ্ণু(প্ৰতীকী ফটো)

Updated On: 

11 Dec 2024 | 10:25 AM

আজি পবিত্ৰ মোক্ষদা একাদশী । আমাৰ হিন্দু পঞ্জিকা অনুসৰি বছৰত মুঠ ২৪ বাৰ একাদশী তিথি পৰে । হিন্দু সমাজত প্ৰচলিত বিশ্বাস অনুসৰি,শ্ৰী হৰি বিষ্ণুৰ শৰীৰৰ পৰা মাতা একাদশীৰ জন্ম হৈছিল বুলি বিশ্বাস কৰা হয়। কৃষ্ণ পক্ষ আৰু শুক্ল পক্ষত এমাহত দুটা একাদশীৰ তিথি পৰে । মাৰ্গশিৰ্ষ মাহৰ শুক্ল পক্ষৰ একাদশী তাৰিখ মোক্ষদা একাদশী হিচাপে পালন কৰা হয়।

বিশ্বাস অনুসৰি, মোক্ষদা একাদশীত ৰীতি-নীতি অনুযায়ী পূজা কৰিলে সৰ্বোত্তম ফলাফল লাভ কৰিব পৰা যায় । আজিৰ দিনটোত বিষ্ণু ভগৱানক পূজা কৰাৰ পৰম্পৰা প্ৰচলিত হৈ আহিছে । মোক্ষদ একাদশীত উপবাসে থাকিলে সকলো পাপৰ পৰা মুক্তি লাভ কৰা যায় বুলি বিশ্বাস কৰা হয়। আজিৰ দিনটোত গীতা পাঠ কৰিলে পাপৰ পৰা মুক্তি পোৱা যায় আৰু শুভ ফল পোৱা যায় বুলি বিশ্বাস কৰা হয় ।

বিষ্ণুক পূজা কৰিলে মোক্ষ লাভ কৰিব

ভগৱান বিষ্ণুক আজিৰ দিনটোত পূজা কৰা হয়। এই দিনটোত ঈশ্বৰক পূজা কৰি ভক্তসকলে মোক্ষ লাভ কৰে বুলি বিশ্বাস কৰা হয়। হাজাৰ হাজাৰ বছৰ ধ্যান কৰি যিমান গুণ পোৱা যায়, এই দিনটোত উপবাসে থাকিলে একেই ফল পোৱা যায় বুলিও হিন্দু সমাজত বিশ্বাস আছে।

কেনেদৰে কৰিব পূজা লাগে ?

আজি ভগৱান বিষ্ণুৰ চতুৰ্ভুজ ৰূপৰ ছবি বা মূৰ্তিৰ সন্মুখত ঘিউৰ দীপ আৰু ধূপ জ্বলোৱা হয় । তাৰ পিছত উপবাসে থকাৰ প্ৰতিজ্ঞা গ্ৰহণ কৰা হয়। ভগৱান বিষ্ণুক পঞ্চমৃতেৰে অভিষেক কৰি ফুলৰ মালা অৰ্পন কৰা হয়। ইয়াৰ পিছত ৰীতি-নীতি অনুসৰি পূজাত ধূপ, তুলসী পাত, মিঠাই, ফল-মূল আদি অৰ্পণ কৰিব লাগে।

গোটেই দিনটো উপবাসে থাকিব লাগে আৰু ৰাতি জাগি থাকিব লাগে । পৰম্পৰা অনুসৰি, পিছদিনা পূজা কৰাৰ অন্তত উপবাস ভংগ কৰি দান-বৰঙণি আগবঢ়াব লাগে । ইফালে, এই তাৰিখতে মহাভাৰতৰ কুৰুক্ষেত্ৰত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক গীতাৰ জ্ঞান দিছিল বুলি বিশ্বাস কৰা হয়। সেয়েহে এই দিনটোত গীতা জয়ন্তীও পালন কৰা হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...