Mahashivratri 2025: মহাশিৱৰাত্ৰিৰ পূৰ্বে ঘৰলৈ আনক এইসমূহ সামগ্ৰীঃ মহাদেৱৰ আশীৰ্বাদেৰে ভৰি পৰিব জীৱন

হিন্দু ধৰ্মত মহাশিৱৰাত্ৰি উৎসৱৰ এক বিশেষ তাৎপৰ্য আছে। শিৱভক্তসকলে গোটেই বছৰটো মহাশিৱৰাত্ৰিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰে। জ্যোতিষৰ মতে মহাশিৱৰাত্ৰীৰ পূৰ্বে কিছু বস্তু ঘৰলৈ অনাটো শুভ বুলি গণ্য কৰা হয়। এনে সামগ্ৰী আনিলে ভগৱান শিৱৰ আশীৰ্বাদত ঘৰখন সুখ-সমৃদ্ধিৰে ভৰি পৰে বুলি কোৱা হয়।

Mahashivratri 2025: মহাশিৱৰাত্ৰিৰ পূৰ্বে ঘৰলৈ আনক এইসমূহ সামগ্ৰীঃ মহাদেৱৰ আশীৰ্বাদেৰে ভৰি পৰিব জীৱন

মহাশিৱৰাত্ৰিত আপোনজনক এইদৰে জনাওক শুভকামনা

Edited By: 

Trishna Kalita | Updated On: 21 Feb 2025 | 11:33 PM

মহাশিৱৰাত্ৰিৰ বাবে এতিয়া পৰম আগ্ৰহেৰে অপেক্ষা কৰিছে হিন্দু ধৰ্মালম্বী লোকসকলে। হিন্দু ধৰ্মত মহাশিৱৰাত্ৰি উৎসৱৰ এক বিশেষ তাৎপৰ্য আছে। শিৱভক্তসকলে গোটেই বছৰটো মহাশিৱৰাত্ৰিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰে। প্ৰতি বছৰে ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিত মহাশিৱৰাত্ৰি পালন কৰা হয়। এই তাৰিখতে ভগৱান শিৱ আৰু মা পাৰ্বতীৰ বিবাহ হৈছিল বুলি বিশ্বাস কৰা হয়। জ্যোতিষৰ মতে মহাশিৱৰাত্ৰীৰ পূৰ্বে কিছু বস্তু ঘৰলৈ অনাটো শুভ বুলি গণ্য কৰা হয়। এনে সামগ্ৰী আনিলে ভগৱান শিৱৰ আশীৰ্বাদত ঘৰখন সুখ-সমৃদ্ধিৰে ভৰি পৰে বুলি কোৱা হয়।

এইবাৰ ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথি ২৬ ফেব্ৰুৱাৰীৰ পৰা পুৱা ১১:০৮ বজাৰ পৰা আৰম্ভ হৈছে। আনহাতে ২৭ ফেব্ৰুৱাৰীৰ পুৱা ৮:৫৪ বজাত এই তিথিৰ অন্ত পৰিব। সেয়ে ২৬ ফেব্ৰুৱাৰীত মহাশিৱৰাত্ৰি পালন কৰা হ’ব। এই দিনটোত ভগৱান শিৱক আৰাধনাৰে নিজৰ মনোবাঞ্ছা পূৰণৰ বাবে প্ৰাৰ্থনা কৰিব ভক্তসকলে।

হিন্দু ধৰ্মত ৰুদ্ৰাক্ষক অতি পবিত্ৰ জ্ঞান কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি ৰুদ্ৰাক্ষৰ উৎপত্তি হৈছে ভগৱান শিৱৰ চকুলোৰ পৰা। এনে পৰিস্থিতিত মহাশিৱৰাত্ৰীৰ আগত যদি আপুনি ৰুদ্ৰাক্ষ ঘৰলৈ আনে, তেতিয়া ই আপোনাৰ পৰিয়ালৰ ওপৰত ভগৱান শিৱৰ আশীৰ্বাদ লাভৰ পথ সুগম কৰিব। তদুপৰি ঘৰত ৰুদ্ৰাক্ষ ৰাখিলে ৰোগ, দোষ, কষ্ট আদিও দূৰ হয়।

মহাশিৱৰাত্ৰিৰ আগেয়ে পৰাদ শিৱলিংগ নিজৰ ঘৰলৈ আনিব পাৰিব। তাৰ পিছত এই শিৱলিংগক নিতৌ পূজা কৰক। এনে কৰিলে বাস্তু দোষ, পিতৃ দোষ আদি বহু সমস্যাৰ পৰা সকাহ পাব পাৰি। তদুপৰি মহাশিৱৰাত্ৰিৰ আগে আগে বা মহাশিৱৰাত্ৰিৰ দিনা ভগৱান শিৱৰ সমগ্ৰ পৰিয়ালৰ ছবিও নিজৰ ঘৰলৈ লৈ আহিব পাৰে।

ভগৱান শিৱৰ আশীৰ্বাদ পাবলৈ মহাশিৱৰাত্ৰীৰ আগে আগে ঘৰত কিছু গছ-গছনিও ৰোপণ কৰিব পাৰে। ইয়াৰ দ্বাৰা আপোনাৰ ঘৰত ভগৱান শিৱৰ আশীৰ্বাদ সদায়ে বৰ্তি থাকিব। আপোনাৰ ঘৰত বেল আৰু শামিৰ দৰে গছ ৰোপণ কৰিব পাৰে। এই গছবোৰ ৰোপণ কৰিলে ঘৰত ধনাত্মক শক্তিয়ে ক্ৰিয়া কৰিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব