Mahashivratri 2025: শিৱৰাত্ৰিৰ দিনা কি কি কৰিব লাগে আৰু কি নালাগে, জানক সকলো…

Mahashivratri 2025: কাইলে মহাশিৱৰাত্ৰি। প্ৰতিবছৰৰ ফাগুন মাহৰ কৃষ্ণ পক্ষ চতুৰ্থী তিথিত মহাশিৱৰাত্ৰি পালন কৰা হয়। কোৱা হয়, এই দিনটোত শিৱক পূজা কৰিলে মনৰ আশা পূৰণ হয়।

Mahashivratri 2025: শিৱৰাত্ৰিৰ দিনা কি কি কৰিব লাগে আৰু কি নালাগে, জানক সকলো...

শিৱৰাত্ৰি

Published: 

25 Feb 2025 17:07 PM

মাজত মাত্ৰ কেইটামান ক্ষণ বাকী। কাইলৈ সমূহ ধৰ্মপ্ৰাণ ৰাইজে উদযাপন কৰিব মহাশিৱৰাত্ৰি (Mahashiratri 2025)। প্ৰতিবছৰে ফাগুন মাহৰ কৃষ্ণ পক্ষ চতুৰ্থী তিথিত মহাশিৱৰাত্ৰি পালন কৰা হয়। কোৱা হয়, মহাশিৱৰাত্ৰিৰ দিনা শিৱক পূজা কৰিলে মনৰ সকলো আশা পূৰণ হয়।  শিৱৰাত্ৰি সন্দৰ্ভত বহু পৌৰাণিক কথা জড়িত হৈ আছে। কিন্তু শিৱ পুৰাণৰ মতে, এই দিনটোক ভগৱান শিৱ আৰু মা পাৰ্বতীৰ বিয়া হৈছিল। যাৰ বাবে এই দিনটোত মহাশিৱৰাত্ৰি পালন কৰা হয়।

শুভ সময়

হিন্দু পঞ্জিকা অনুসৰি ফাগুন মাহৰ কৃষ্ণ পক্ষ চতুৰ্থী তিথিৰ আৰম্ভণি ২৬ ফেব্ৰুৱাৰী, বুধবাৰে পুৱা ১১ বাজি ৮ মিনিটৰ পৰা হ’ব। লগতে এই তিথিৰ সমাপ্তি ২৭ ফেব্ৰুৱাৰীৰ পুৱা ৮ বাজি ৫৪ মিনিটত হ’ব। ইয়াৰোপৰি পূজাৰ নিশিত কাল ২৬ ফেব্ৰুৱাৰীৰ নিশা ১২:০৯ বজাৰ পৰা ১২:৫৯ বজালৈ থাকিব। যাৰ বাবে এই সময়খিনি পূজা কৰাৰ শুভ সময়।

মান্যতা

হিন্দু ধৰ্মত মহাশিৱৰাত্ৰিৰ বিশেষ মান্যতা আছে। এই দিনটোত শিৱ ভক্তসকলে ব্ৰত ৰাখে আৰু শিৱক পূজা কৰে। কোৱা হয়, এই দিনটোত শিৱক পূজা কৰিলে জীৱনলৈ সুখ শান্তি আহে আৰু সম্পদ-সমৃদ্ধি হয়। লগতে জীৱনৰ পৰা সকলো অপায় অমংগল নোহোৱা হৈ যায়।

পূজাৰ নিয়ম

মহাশিৱৰাত্ৰিৰ দিনা ব্ৰত আৰু পূজাৰ নিয়ম হিন্দু ধৰ্মগ্ৰন্থত উল্লেখ আছে। গতিকে এই নিয়বোৰ মানি চলিলে ভাল ফল পোৱা যায়। এই দিনটোত শিৱক পূজা কৰাৰ সময়ত কোনো ভুল কৰিব নালাগে। ইয়াৰ ফলত জীৱনত সমস্যাৰ সৃষ্টি হব পাৰে। মহাশিৱৰাত্ৰিৰ দিনা কি কি কৰিব নালাগে, সেই সন্দৰ্ভত লেখাটোত উল্লেখ কৰা হ’ল।

 

কি কৰিব নালাগে

  • মহাশিৱৰাত্ৰিৰ দিনা শিৱক কাচৰ বাচনেৰে গাখীৰ অৰ্পন নকৰিব। ইয়াক অশুভ বুলি গন্য কৰা হয়।
  • শংখত পানী লৈও শিৱক জলাভিষেক কৰিব নালাগে।
  • শিৱক পূজাৰ সময়তপদুম,কৰবী ফুল আৰু কেতেকী ফুল অৰ্পন কৰিব নালাগে।
  • পূজাৰ সময়ত কেঁচা চাউল অৰ্পন কৰিব নালাগে।
  • হালধি, মেহেন্দি , সেন্দুপ আদি অৰ্পন কৰিব নালাগে।
  • পূজা কৰাৰ সময়ত ও ক’লা কাপোৰ পিন্ধিব নালাগে।
  • মাংস, মদ, পিয়াঁজ আৰু নহৰু আদি নাখাব।
  • ব্ৰত ৰাখিলে দিনত শুব নালাগে।
  • নেতিবাচক চিন্তা মনলৈ আহিব দিব নালাগে।
  • কাকো গালি দিব নালাগে।
  • কাকো খং নকৰিব।

 কি কি কৰিব লাগে

  • শিৱক নিয়ম অনুসৰি জলাভিষেক কৰিব পাৰে।
  • শিৱক গাখীৰ অৰ্পন কৰিব লাগে।
  • শিৱৰ প্ৰিয় বস্তু অৰ্পন কৰিব লাগে।
  • এই দিনটোত দান কৰা ভাৱ বুলি গন্য কৰা হয়।
  • বেলপাত অৰ্পন কৰিব  লাগে।
  • ৰুদ্ৰাক্ষ অৰ্পন কৰিব লাগে।
  • শিৱই ভালপোৱা যিকোনো বস্তু অৰ্পন কৰিব পাৰে।

 

স্পষ্টীকৰণঃ (ওপৰোক্ত লেখাটো ধৰ্মীয় মান্যতা আৰু বিশ্বাসৰ ভিত্তিত লিখা হৈছে। ইয়াৰ সত্যাসত্যৰ সৈতে টিভি-৯ অসমৰ কোনো সম্পৰ্ক নাই।)

 

অন্য খবৰ পঢ়কঃ Mahashivratri 2025 Date: মহাশিৱৰাত্ৰি কেতিয়া? জানক পূজাৰ দিন, শুভ সময়, কি কি অৰ্পন কৰিব লাগে…

ফেটি লিভাৰৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি জানেনে? জানক চিকিৎসকৰ পৰা...
বৃক্কত পাথৰ কিয় হয় ? ইয়াৰ মূল কাৰণসমূহ জানক...
জীৱনত বাৰে বাৰে বিফল হৈছে নেকি? এই অভ্যাসবোৰ গঢ়ি তোলক
নাকৰ পৰা তেজ ওলোৱাটো কি ৰোগৰ লক্ষণ? সবিশেষ জানক