Mahashivratri 2025: মহাশিৱৰাত্ৰিৰ দিনা কৰক এই কাম! শিৱ হ’ব সন্তুষ্ট, পূৰণ হ’ব সকলো মনৰ কামনা…

Mahashivratri 2025: আজি মহাশিৱৰাত্ৰি। এই দিনটোত ভগৱান শিৱক পূজা কৰিলে সুফল পোৱা যায় বুলি কোৱা হয়। ইয়াৰোপৰি কিছুমান বিশেষ বস্তু আছে যি শিৱক অৰ্পন কৰিলে মনৰ কামনা পূৰণ হয় ।

Mahashivratri 2025:  মহাশিৱৰাত্ৰিৰ দিনা কৰক এই কাম! শিৱ হব সন্তুষ্ট, পূৰণ হব সকলো মনৰ কামনা...

মহাশিৱৰাত্ৰি

Published: 

26 Feb 2025 | 08:55 AM

আজি মহাশিৱৰাত্ৰি তথা শিৱক আৰাধনা কৰাৰ দিন। মান্যতা অনুসৰি এই দিনটোত শুদ্ধ মনেৰে বিধি অনুসৰি শিৱক পূজা কৰিলে ভাল ফল পোৱা যায়। শিৱক পূজা কৰাৰ কোনো বিশেষ দিন নাথাকে যদিও আজিৰ দিনটো সন্দৰ্ভত বিশেষ পৌৰাণিক কথা জড়িত হৈ আছে।  প্ৰতিবছৰে ফাগুন মাহৰ কৃষ্ণ পক্ষ চতুৰ্থী তিথিত মহাশিৱৰাত্ৰি  (Mahashivratri 2025)পালন কৰা হয়। শিৱ পুৰাণত উল্লেখ থকা অনুসৰি এই দিনটোতে ভগৱান শিৱ মা পাৰ্বতীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। যাৰ বাবে এই দিনটোত মহাশিৱৰাত্ৰি পালন কৰা হয়। কোৱা হয়, আজিৰ দিনটোত শিৱ- পাৰ্বতীক পূজা কৰিলে শুভ ফল পোৱা যায়।

শুভ সময়

হিন্দু পঞ্জিকা অনুসৰি ফাগুন মাহৰ কৃষ্ণ পক্ষ চতুৰ্থী তিথিৰ আৰম্ভণি ২৬ ফেব্ৰুৱাৰী, বুধবাৰে পুৱা ১১ বাজি ৮ মিনিটৰ পৰা হ’ব। লগতে এই তিথিৰ সমাপ্তি ২৭ ফেব্ৰুৱাৰীৰ পুৱা ৮ বাজি ৫৪ মিনিটত হ’ব। মহাশিৱৰাত্ৰিৰ পূজা ৰাতি কৰা হয়। যাৰ বাবে চলিত বৰ্ষত শিৱৰাত্ৰি ২৬ ফেব্ৰুৱাৰীত হ’ব।

মহাশিৱৰাত্ৰিৰ নিশিত কাল ২৬ ফেব্ৰুৱাৰীৰ নিশা ১২:০৯ বজাৰ পৰা ১২:৫৯ বজালৈ থাকিব। এই সময়খিনিয়ে শিৱক পূজা কৰাৰ শুভ সময়।

কি কৰিব লাগে

  • যদি আপুনি চাকৰি বা ব্য়ৱসায়ৰ ক্ষেত্ৰত কোনো সমস্যাৰ সন্মুখীন হৈ আছে তেন্তে মহাশিৱৰাত্ৰিৰ দিনা ব্ৰত ৰাখক। লগতে পানীত মৌ মিহলাই শিৱলিংগত অৰ্পন কৰক। লগতে শিৱলিংগত ডালিমৰ ফুল অৰ্পন কৰিব পাৰে।
  • যদি আপুনি জীৱনত আৰ্থিক উন্নতি বিচাৰিছে তেন্তে ৰূপৰ পাত্ৰত পানী ৰাখিল শিৱক জলাভিষেক কৰক। এই সময়ত ওমঃ নমঃ শিৱায় বা ওমঃ পাৰ্বতীপতেয় নমঃ বুলি ১০৮ বাৰ জপ কৰিব।
  • ধন বৃদ্ধিৰ বাবে মহাশিৱৰাত্ৰিৰ দিনা শিৱলিংগত কুহিয়াৰৰ ৰস অৰ্পন কৰিব পাৰে। ধন প্ৰাপ্তিৰ লগতে মৌ আৰু ঘিউ অৰ্পন কৰিব পাৰে।
  • সম্পত্তি বৃদ্ধিৰ বাবে শিৱলিংগত গাখীৰ ঢালিব পাৰে।
  • পাবলগীয়া ধন ঘূৰাই পাবৰ বাবে বেলপাত অৰ্পন কৰিব পাৰে।

শিৱ পুৰাণ অনুসৰি, মহাশিৱৰাত্ৰিৰ দিনা শিৱক পূজা অৰ্চনা কৰিলে সকলো মনৰ কামনা পূৰণ হয়। এই দিনটোত আপুনি শিৱৰ প্ৰিয় বস্তু অৰ্পন কৰিব পাৰে। তাৰ ভিতৰত-

  • আপুনি শিৱক ধতুৰা অৰ্পন কৰিব পাৰে।
  • ৰুদ্ৰাক্ষ শিৱৰ প্ৰিয়, গতিকে এই দিনটোত আপুনি ৰুদ্ৰাক্ষ অৰ্পন কৰিব পাৰে।
  • এই দিনটোত দান কৰা শুভ বুলি কোৱা হয়।
  • শিৱ পূজাত ভষ্মৰ বিশেষ মহত্ব আছে। গতিকে ভষ্ম অৰ্পন কৰা ভাল বুলি কোৱা হয়।
  • ৭ টা কলা তিল আৰু ১ টা জালুক হাতত লৈ মনৰ কামনা প্ৰাৰ্থনা কৰক আৰু পাছত শিৱলিংগত অৰ্পন কৰক। এনে কৰিলে শিৱ সন্তুষ্ট হয় বুলি কোৱা হয়।

 

স্পষ্টীকৰণঃ(ওপৰোক্ত লেখাটো ধৰ্মীয় মান্যতা আৰু বিশ্বাসৰ ভিত্তিত লিখা হৈছে। ইয়াৰ সত্যাসত্যৰ সৈতে টিভি-৯ অসমৰ কোনো সম্পৰ্ক নাই।)

 

অন্য খবৰ পঢ়কঃ Mahashivratri 2025 Date: মহাশিৱৰাত্ৰি কেতিয়া? জানক পূজাৰ দিন, শুভ সময়, কি কি অৰ্পন কৰিব লাগে…

আৰু পঢ়কঃ Mahashivratri 2025: শিৱৰাত্ৰিৰ দিনা কি কি কৰিব লাগে আৰু কি নালাগে, জানক সকলো…

 

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...