মহাকুম্ভৰ পবিত্ৰ স্থানত মাংস বনাই সুৰাপান কৰিলে দম্পতীয়ে, ভাইৰেল ভিডিঅ’…

Mahakumbh 2025: মহাকুম্ভৰ পবিত্ৰ স্থানত মাংস ৰান্ধিলে কোনে? শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ'ই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মহাকুম্ভৰ পবিত্ৰ স্থানত মাংস বনাই সুৰাপান কৰিলে দম্পতীয়ে, ভাইৰেল ভিডিঅ...

মহাকুম্ভৰ ভাইৰেল ভিডিঅ'

Published: 

04 Feb 2025 | 12:54 PM

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত বৰ্তমান সময়ত চলি আছে মহাকুম্ভ ২০২৫ (Mahakumbh) । দেশৰ বহু সাধু- সন্ন্যাসীৰ লগতে বিদেশৰ বহু ভক্তইও মহাকুম্ভৰ বাকৰিত ভিৰ কৰিছে।  মহাকুম্ভৰ বিষয়ে বিভিন্ন বাতৰি প্ৰকাশ পাইছে।  প্ৰায় প্ৰতিদিনে সামাজিক মাধ্যমত মহাকুম্ভৰ বহু ফটো, ভিডিঅ’ ভাইৰেল হৈ পৰিছে। শেহতীয়াকৈ মহাকুম্ভৰ এটা ভিডিঅ’ ভাইৰেল হৈছে, যাৰ পাছত ইয়াক লৈ সৰ্বত্ৰে তীব্ৰ চৰ্চা হৈছে।

ভিডিঅ’টোত দেখা গৈছে যে, মূৰত পাগুৰি, হাতত লাঠি, জঁটাধাৰী এজন সন্ন্যাসী এখন তম্বুৰ পিনে আগবাঢ়িছে। তম্বুৰ বাহিৰত আছে এটা পাকঘৰ। লগে লগে সেই সন্ন্যাসীজনে বাচন- বৰ্তনসমূহত কোবাবলৈ আৰম্ভ কৰে আৰু তাৰপৰা ওলাই পৰে ৰন্ধা মাংস। সেই পাত্ৰটোত আছিল মুৰ্গীৰ ৰন্ধা মাংস। অভিযোগ অনুসৰি, কুম্ভমেলাৰ পবিত্ৰ স্থানত এহাল দম্পতীয়ে মাংস ৰান্ধি খাইছিল।

মাংস দেখিয়েই সন্ন্য়াসীজনে তেওঁলোকক সেই স্থানৰ পৰা আঁতৰি যাবলৈ কয়। ইয়াৰোপৰি সন্ন্য়াসীজনৰ লগত থকা আন একাংশলোকেও হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰে। তেওঁলোকে প্ৰশ্ন কৰে যে, কুম্ভ মেলাত কিয় মাংস ৰান্ধিব?  খঙৰ ভমকত সন্ন্য়াসীজনে সেই তম্বুখন ভাঙি পেলায়। অৱশ্যে সেই স্থানত উপস্থিত থকা মহিলাগৰাকীৰ কোনো ক্ষতি কৰা নাছিল কোনোয়ে।ততাতৈয়াকৈ ঠাইখিনি চাফা কৰি কুম্ভ চৌহদৰ পৰা ওলাই যাবলৈ কোৱা হয় দম্পতীহালক।

 

উল্লেখ্য যে, মহাকুম্ভত দেশ বিদেশৰ কোটি কোটি ভক্ত অমৃত স্নান কৰিবলৈ উপস্থিত হৈছে। ইয়াৰোপৰি কুম্ভ মেলাৰ লগতে সম্পূৰ্ণ প্ৰয়াগৰাজত মাছ-মাংস নিষিদ্ধ আছে। যাৰ বাবে এনেকৈ মহাকুম্ভৰ পবিত্ৰ স্থানত মাংস ৰন্ধা বাবে সন্ন্য়াসীৰ লগতে অন্য একাংশই তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।  অভিযোগ অনুসৰি, মাংস খোৱাৰ লগতে তেওঁলোকে সুৰাপানো কৰিছিল।

এই ভিডিঅ’টো এতিয়া সামাজিক মাধ্যমত তীব্ৰগতিত ভাইৰেল হৈ পৰিছে। সুনিমেশ মাইতি নামৰ এজনলোকে ভিডিঅ’টো শ্বেয়াৰ কৰিছে।  হাজাৰ হাজাৰলোক এই ভিডিঅ’টো শ্বেয়াৰ কৰি নিজৰ মন্তব্য প্ৰকাশ কৰিছে। অৱশ্যে এই ভিডিঅ’টো কেতিয়াৰ সেই সন্দৰ্ভত টিভি-৯ অসমৰ হাতত কোনো সত্যাসত্য নাই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...