Mahashivratri 2025: মহাশিৱৰাত্ৰীৰ পূৰ্বে যদি এই সপোন দেখে, তেন্তে ভাগ্য উদয় হ’ব আপোনাৰ!

Mahashivratri:এইবাৰ ২৬ ফেব্ৰুৱাৰীত মহাশিৱৰাত্ৰিৰ উৎসৱ পালন কৰা হ’ব। স্বপ্ন শাস্ত্ৰৰ মতে মহাশিৱৰাত্ৰীৰ পূৰ্বে সপোনত কিছুমান বিশেষ বস্তু দেখাটো অতি শুভ বুলি গণ্য কৰা হয়।

Mahashivratri 2025: মহাশিৱৰাত্ৰীৰ পূৰ্বে যদি এই সপোন দেখে, তেন্তে ভাগ্য উদয় হব আপোনাৰ!

মহাশিৱৰাত্ৰীৰ পূৰ্বে যদি এই সপোন দেখে, তেন্তে ভাগ্য উদয় হ'ব আপোনাৰ!

Edited By: 

Trishna Kalita | Updated On: 21 Feb 2025 | 11:34 PM

Mahashivratri 2025: চলিত বৰ্ষৰ ২৬ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে মহাশিৱৰাত্ৰিৰ উৎসৱ পালন কৰা হ’ব। মহাকুম্ভতো এই দিনটোত অন্তিম পবিত্ৰ স্নান হ’ব। স্বপ্ন বিজ্ঞানৰ মতে মহাশিৱৰাত্ৰীৰ পূৰ্বে সপোনত কিছুমান বিশেষ বস্তু দেখাটো অতি শুভ। মহাশিৱৰাত্ৰীৰ আগত যদি আপুনি সপোনত এই বিশেষ বস্তবোৰ দেখিছে, তেন্তে বুজি লওক যে আপোনাৰ ভাগ্য জিলিকিবলৈ গৈ আছে। ধৰ্মীয় বিশ্বাস অনুসৰি এই সপোনবোৰৰ জৰিয়তে ভগৱান শিৱই বিশেষ সংকেত দিয়ে। মহাশিৱৰাত্ৰীৰ আগত কোনবোৰ সপোনক অতি শুভ বুলি গণ্য কৰা হয় জানক।

এইবোৰ দেখিলে শুভ

সপোনত সাপ দেখা – বাসুকী নাগক ভগৱান শিৱৰ ডিঙিত থকা অলংকাৰ বুলি গণ্য কৰা হয়। মহাশিৱৰাত্ৰীৰ আগত যদি সপোনত সাপ দেখে, তেন্তে ইয়াক অতি শুভ লক্ষণ বুলি গণ্য কৰা হয়। এই সপোনৰ অৰ্থ হ’ল আপুনি আৰ্থ লাভ কৰিবলৈ ওলাইছে। সপোনত সাপ দেখা পোৱাটোৱে এয়াও ইংগিত দিয়ে যে ভগৱান শিৱই আপোনাৰ ধন সম্পৰ্কীয় সকলো সমস্যাৰ অন্ত পেলাব পাৰে আৰু আপুনিও ঋণৰ পৰা মুক্তি পাব পাৰে।

সপোনত ডম্বৰু দেখা – ধৰ্মীয় বিশ্বাস অনুসৰি ভগৱান শিৱই ডম্বৰু বজোৱাৰ পিছতহে সুৰ আৰু ছন্দৰ অস্তিত্ব আহিছিল। মহাশিৱৰাত্ৰিৰ আগত যদি সপোনত ডম্বৰু দেখা পায়, তেন্তে ইয়াক অতি শুভ বুলি গণ্য কৰা হয়। এই সপোনটোৱে ইংগিত দিয়ে যে আপোনাৰ জীৱনৰ সকলো বিপদ শেষ হ’বলৈ ওলাইছে আৰু আপোনাৰ ঘৰত কোনোবা শুভ পৰিঘটনা হ’ব পাৰে।

সপোনত শিৱলিংগ দেখা – মহাশিৱৰাত্ৰিৰ আগত যদি আপুনি সপোনত শিৱলিংগ দেখে, তেন্তে আপোনাৰ সৌভাগ্যই লগ দিব বুলি ইংগিত দিয়ে। যি কামত কষ্ট কৰি আছে তাতেই সফলতা লাভ কৰিব পাৰিব।

সপোনত নন্দীক দেখা – নন্দীক ভগৱান শিৱৰ বাহন বুলি গণ্য কৰা হয়। সপোনত যদি আপুনি নন্দীক দেখা পায় তেন্তে আপোনাৰ অপূৰণীয় ইচ্ছা পূৰণ হ’ব পাৰে । লগতে সপোনত ম’হ দেখিলেও আপোনাৰ পূজাত ভগৱান শিৱ সন্তুষ্ট হোৱাৰ ইংগিত পোৱা যায়।

সপোনত ত্ৰিশূল দেখা – মহাশিৱৰাত্ৰীৰ আগত যদি সপোনত ত্ৰিশূল দেখা যায়, তেন্তে বুজিব যে কামনা, ক্ৰোধ, লোভ আদিৰ পৰা মুক্তি পাবলৈ গৈ আছে। লগতে আপোনাৰ পৰিয়ালত সুখৰ পৰিবেশ থাকিব।

Disclaimer: এই বাতৰিত দিয়া তথ্য ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। TV9 অসমে এই কথা নিশ্চিত কৰা নাই।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব