কিদৰে ভগৱান শিৱৰ ক্ৰোধত ভষ্ম হৈছিল কামদেৱ? এই পৌৰাণিক কাহিনী জানক…
কামদেৱে কেইবাবাৰো শিৱৰ ধ্যান ভংগ কৰাৰ চেষ্টা কৰে। কিন্তু কামদেৱৰ কোনো প্ৰচেষ্টা সফল নহ’ল। অৱশেষত তেওঁ ভগৱান শিৱলৈ পুষ্প বাণ মাৰিলে। সেই শৰে ভগৱান শিৱৰ হৃদয়ত আঘাত কৰাৰ লগে লগে তেওঁৰ ধ্যান ভাঙি যায়।

শিৱৰ ক্ৰোধত ভষ্ম হৈছিল কামদেৱ
কোৱা হয় যে, ভগৱান শিৱ বৰ দয়ালু। সোমবাৰটো ভগৱান শিৱৰ বাবে উৎসৰ্গা কৰা হয়। এই দিনটোত ভগৱান শিৱৰ পূজা আৰু উপবাস কৰা হয়। ভগৱান শিৱক সন্তুষ্ট কৰাটো অতি সহজ বুলি কোৱা হয়। মহাদেৱৰ তৃতীয় চকুৰ লগত জড়িত কাহিনীটো হিন্দু ধৰ্মৰ অন্যতম কেন্দ্ৰীয় বিষয়বস্তু। ভগৱান শিৱই তৃতীয় চকুৰে কামদেৱক ভষ্ম কৰিছিল। কামদেৱ আৰু ভগৱান শিৱ সম্পৰ্কীয় এই আমোদজনক কাহিনী পুৰাণত বৰ্ণনা কৰা হৈছে। এই কাহিনীটোৰ বিষয়ে অধিক জানো আহক।
শিৱ পুৰাণৰ কাহিনী অনুসৰি মাতৃ পাৰ্বতীয়ে এবাৰ পিতৃ দক্ষই আয়োজন কৰা যজ্ঞত অংশ লৈছিল, য’ত তেওঁৰ পিতৃয়ে ভগৱান শিৱক অপমান কৰিছিল। স্বামীৰ অপমান সহ্য কৰিব নোৱাৰি মাতৃ পাৰ্বতীয়ে যজ্ঞবেদীত জপিয়াই প্ৰাণ আহুতি দিলে। এই খবৰ পালে ভগৱান শিৱই ক্ৰোধ আৰু শোকেৰে পৰিপূৰ্ণ হৈ তাণ্ডৱ (দিৱ্য নৃত্য) প্ৰদৰ্শন কৰিবলৈ ধৰিলে। তেওঁৰ তাণ্ডৱ নৃত্যই বিশ্বব্ৰহ্মাণ্ডৰ ধ্বংসৰ সংকেত দিছিল।
ইয়াৰ পিছত দেৱতাসকলে শিৱক অনুৰোধ কৰিছিল। তাৰ পিছত শান্ত হৈছিল মহাদেৱ। একে সময়তে তাৰকাসুৰে কঠোৰ তপস্যা কৰি ব্ৰহ্মৰ পৰা এক বৰ লাভ কৰিছিল যে তেওঁৰ অন্ত শিৱ পুত্ৰইহে কৰিব পাৰিব। মা পাৰ্বতীৰ আত্মদহনৰ বাবে শিৱই সন্তান জন্ম দিয়াৰ সম্ভাৱনা শেষ হৈছিল।
এই পৰিস্থিতিৰ সুযোগ লৈ তাৰকাসুৰে অধিক শক্তিশালী হৈ উঠিল। তদুপৰি তেওঁ দেৱতা আৰু ত্ৰিজগতক আতংকিত কৰিবলৈ ধৰিলে। যেতিয়া পৰিস্থিতি অসহ্যকৰ হৈ পৰিল, তেতিয়া দেৱতাসকলে শিৱক তেওঁৰ ধ্যানৰ পৰা জাগ্ৰত কৰাৰ কথা বিবেচনা কৰিলে, কিন্তু তেওঁক জাগ্ৰত কৰাটো মৃত্যুক নিমন্ত্ৰণ কৰাৰ দৰে। অৱশ্যে বহু বিবেচনাৰ অন্তত এই দায়িত্ব কামদেৱৰ ওপৰত ন্যস্ত কৰা হ’ল।
ইয়াৰ পিছতে কামদেৱে কেইবাবাৰো শিৱৰ ধ্যান ভংগ কৰাৰ চেষ্টা কৰে। কিন্তু কামদেৱৰ কোনো প্ৰচেষ্টা সফল নহ’ল। অৱশেষত তেওঁ ভগৱান শিৱলৈ পুষ্প বাণ মাৰিলে। সেই শৰে ভগৱান শিৱৰ হৃদয়ত আঘাত কৰাৰ লগে লগে তেওঁৰ ধ্যান ভাঙি যায়। তাৰ পাছত ক্ৰোধত মহাদেৱে তৃতীয় চকু খোল কায়। তৃতীয় চকুৰ শিখাই নিমিষতে কামদেৱক ছাই কৰি পেলালে।
(অস্বীকাৰ: এই তথ্যসমূহ ধৰ্মীয় বিশ্বাস আৰু সাধাৰণ তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। TV9 অসমে ইয়াক নিশ্চিত নকৰে।)