গ্ৰহৰ গতিয়ে আনিব সৌভাগ্য, নতুন বছৰৰ আৰম্ভণি এই তিনি ৰাশিৰ বাবে হ’ব ধন যোগ

ধনু ৰাশিক বৃহস্পতি ৰাশি হিচাপে গণ্য কৰা হয়। এইদৰে বৃহস্পতি ৰাশিত বুধ আৰু শুক্ৰ গ্ৰহৰ সংযোগে লক্ষ্মী নাৰায়ণ যোগৰ সৃষ্টি কৰিব। এই সংযোগ ২৯ ডিচেম্বৰৰ পৰা ১৭ জানুৱাৰীলৈকে থাকিব। এই লক্ষ্মী নাৰায়ণ যোগে তিনিটা ৰাশিৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব। জানো আহক এই বিষয়ে।

গ্ৰহৰ গতিয়ে আনিব সৌভাগ্য, নতুন বছৰৰ আৰম্ভণি এই তিনি ৰাশিৰ বাবে হ’ব ধন যোগ

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

08 Dec 2025 | 06:37 PM

নতুন বছৰ বুলিলেই সকলোৰে মনত থাকে বিশেষ উৎসাহ-উদ্দীপনা। সকলোৱেই কামনা কৰে, নতুন বছৰটো হৈ পৰক সুখ-সমৃদ্ধিৰে ভৰপূৰ। আৰু মাত্ৰ কেইটামান দিনৰ পিছতে নতুন বৰ্ষ ২০২৬ক আদৰণি জনাব বিশ্ববাসীয়ে। এই নতুন বছৰটিৰ আৰম্ভণি তিনিটা ৰাশিৰ বাবে বিশেষভাৱে শুভ দেখা গৈছে। জ্যোতিষ গণনা অনুসৰি ২৯ ডিচেম্বৰত বুধ গ্ৰহ ধনু ৰাশিত প্ৰৱেশ কৰিব আৰু ১৭ জানুৱাৰীলৈকে ধনু ৰাশিতে থাকিব। ইফালে ২০ ডিচেম্বৰৰ পৰা ১৩ জানুৱাৰীলৈকে শুক্ৰ গ্ৰহো এই ৰাশিত থাকিব।

ধনু ৰাশিক বৃহস্পতি ৰাশি হিচাপে গণ্য কৰা হয়। এইদৰে বৃহস্পতি ৰাশিত বুধ আৰু শুক্ৰ গ্ৰহৰ সংযোগে লক্ষ্মী নাৰায়ণ যোগৰ সৃষ্টি কৰিব। এই সংযোগ ২৯ ডিচেম্বৰৰ পৰা ১৭ জানুৱাৰীলৈকে থাকিব। এই লক্ষ্মী নাৰায়ণ যোগে তিনিটা ৰাশিৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব। জানো আহক এই বিষয়ে-

কন্যা ৰাশি

লক্ষ্মী নাৰায়ণ ৰাজযোগ কন্যা ৰাশিৰ বাবে উপকাৰী প্ৰমাণিত হ’ব। সমাজত আপোনাৰ সন্মান বাঢ়িব। এই সময়ছোৱাত আপোনাৰ বস্তুগত আৰাম বৃদ্ধি পাব। নতুন বাহন বা সম্পত্তি ক্ৰয় কৰাৰ সুযোগ পাব পাৰে। দামী সামগ্ৰী ক্ৰয়ৰ বাবে খৰচ বৃদ্ধি পাব পাৰে যদিও ধনৰ কোনো অভাৱ অনুভৱ নহ’ব। পূৰ্বপুৰুষৰ সম্পত্তিও উত্তৰাধিকাৰী সূত্ৰে পোৱাৰ সম্ভাৱনাও আছে।

ধনু ৰাশি

ধনু ৰাশিৰ লোকৰ বাবেও এই সময়ছোৱাই ভাল খবৰ আৰু ইতিবাচকতা কঢ়িয়াই আনিব। আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ’ব। ব্যৱসায়ীসকলে ভাল লাভৰ মুখ দেখিব। ব্যৱসায় সম্প্ৰসাৰণ হ’ব। বৈবাহিক জীৱন সুখকৰ হ’ব। অবিবাহিতসকলে বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। আপোনাৰ স্বাস্থ্যও ভাল হ’ব।

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ লোকৰ বাবেও আশীৰ্বাদস্বৰূপ হ’ব লক্ষ্মী নাৰায়ণ ৰাজযোগ। আয়ৰ নতুন উৎস বিচাৰি পাব পাৰে আৰু বিনিয়োগৰ জৰিয়তে ভাল লাভৰ সম্ভাৱনা আছে। আপোনাৰ আয় বৃদ্ধি পাব। ভ্ৰমণৰ সুযোগ লাভৰ সম্ভাৱনা আছে। এই সময়ছোৱাত আপোনাৰ জীৱনটোক নতুন দিশ দিব পৰা কোনো বিশেষ ব্যক্তিৰ সংস্পৰ্শলৈ আহিব পাৰে। বন্ধু-বান্ধৱ আৰু আত্মীয়ৰ সৈতে ভাল সম্পৰ্ক গঢ়ি উঠিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...