Lakshmi Puja 2025ঃ ধন লাভৰ বাবে লক্ষ্মী পূজাৰ দিনা কৰক এই সহজ কাম! দেৱী হ’ব সন্তুষ্ট…

Lakshmi Puja 2025: ৬ অক্টোবৰত পালন কৰা হ'ব লক্ষ্মী পূজা। হিন্দু ধৰ্মত লক্ষ্মী পূজাৰ মহত্ব অধিক। ধৰ্মীয় বিশ্বাস আৰু মান্যতা অনুসৰি এই দিনটোত কিছুমান কাম কৰিলে শুভ ফল পোৱা যায়।

Lakshmi Puja 2025ঃ ধন লাভৰ বাবে লক্ষ্মী পূজাৰ দিনা কৰক এই সহজ কাম! দেৱী হব সন্তুষ্ট...

লক্ষ্মী পূজা

Published: 

05 Oct 2025 | 07:11 PM

হিন্দু ধৰ্মত শাৰদ পূৰ্ণিমাৰ বিশেষ মহত্ব আছে। এই দিনটোত অৰ্থাৎ আহিন মাহৰ পূৰ্ণিমা তিথিত সমগ্ৰ দেশবাসীয়ে লক্ষ্মী পূজা কৰে। ধৰ্মীয় বিশ্বাস অনুসৰি এই দিনটোত লক্ষ্মীক পূজা কৰিলে ঘৰলৈ ধনৰ আগমন হয়। বিভিন্ন ঠাইত লক্ষ্মী পূজাৰ নিয়ম বেলেগ বেলেগ। অসমতো এইবাৰ ৬ অক্টোবৰৰ দিনটোত লক্ষ্মী পূজা পালন কৰা হ’ব।

এই দিনটোত চন্দ্ৰটোৰ বিশেষ মহত্ব আছে। কোৱা হয়, এই দিনটোত চন্দ্ৰৰ পোহৰ অমৃতৰ দৰে ঐশ্বৰিক ঔষধি গুণেৰে ভৰি থাকে। যাৰ বাবে বহুতে নিশা চন্দ্ৰৰ পোহৰত পায়খ থৈ দি সেয়া পাছদিনা ভগৱনাক আগবঢ়াই খায়। এই দিনটো দানৰো বিশেষ মহত্ব আছে। কোৱা হয়, কিছুমান বিশেষ কাম কৰিলে ধন-সম্পত্তি বৃদ্ধি হয়।

সময়

  • পূৰ্ণিমা তিথি আৰম্ভ: ৬ অক্টোবৰ, ২০২৫, দুপৰীা ১২:২৩ বজাত
  • পূৰ্ণিমা তিথি শেষ: ৭ অক্টোবৰ, ২০২৫, পুৱা ৯:১৬ বজাত

কি দান কৰিব

চাউলঃ এই দিনটোত চাউল বা খাদ্য দান কৰিলে চন্দ্ৰৰ আশীৰ্বাদ লাভ কৰা যায়। চন্দ্ৰক মন আৰু শান্তিৰ উৎস বুলি গণ্য কৰা হয়। এই দিনটোত চাউল দান কৰিলে আৰ্থিক সমৃদ্ধি হয়। ইয়াৰ লগতে ঘেঁহু দান কৰিলে সূৰ্যৰ আশীৰ্বাদ পোৱা যায়।

বন্তিঃ এই দিনটোত বন্তি দান কৰা অত্যন্ত শুভ বুলি গণ্য কৰা হয়। এই দিনটোত নদী, পুখুৰী  বা পবিত্ৰ স্থানত বন্তি জ্বলাব পাৰে। মান্যতা অনুসৰি এনে কৰিলে দেৱী লক্ষ্মী সন্তুষ্ট হয়। লগতে পূৰ্বপুৰুষৰ আশীৰ্বাদ লাভ কৰা যায়, যাৰ ফলত জীৱনত সুখ আৰু সমৃদ্ধি আহে।

গাখীৰ, দৈ, পায়খঃ এই দিনটোত গাখীৰ, দৈ, পায়খ বা বগা বস্তু দান কৰা অত্যন্ত শুভ। পায়খ আপুনি এটা বাতিত নিশাটো চন্দ্ৰৰ পোহৰত থৈ দিব পাৰে। পুৱা প্ৰসাদ হিচাপে গ্ৰহণ কৰি দুখীয়া আৰু আৰ্তজনক দান কৰিলে ঘৰখনলৈ সমৃদ্ধি আৰু সুস্বাস্থ্যৰ সমৃদ্ধি হয় বুলি কয়।

কাপোৰ দানঃ এই দিনটোত বগা কাপোৰ দান কৰাৰো বিশেষ মহত্ব আছে। আপুনি বেলেগ কাপোৰ দান কৰিবও পাৰে। এনে কৰিলে জীৱনৰ পৰা কষ্ট দূৰ হয়। যুৱতী-মহিলাক কাপোৰ দান কৰিলে মা লক্ষ্মী সন্তুষ্ট হয় বুলি কয়।

ৰূপ দানঃ আপুনি ৰূপ দান কৰিব পাৰে। ইয়াৰ ফলত ৰাশিফলত চন্দ্ৰৰ স্থান শক্তিশালী হয়, মন শান্ত হয়, ধন-সম্পত্তি আৰু সমৃদ্ধি বৃদ্ধি পায়।

 

 

অন্য খবৰ পঢ়কঃ লক্ষ্মী পূজা কেতিয়া? জানক তাৰিখ, শুভ সময় আদি সকলো…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...