Lakshmi puja 2024: লক্ষ্মী পূজাৰ সময়ত এই নিয়ম পালন কৰিলে হ’ব ধনৰ প্ৰাপ্তি!

Lakshmi puja: কাইলৈ লক্ষ্মী পূজা। হিন্দু ধৰ্মত লক্ষ্মী পূজাৰ মহত্ব অধিক। বিশ্বাস অনুসৰি এই দিনটোত লক্ষ্মীক পূজা কৰিলে আশীৰ্বাদ পোৱা যায় আৰু ধনৰ সমস্যা নোহোৱা হয়।

Lakshmi puja 2024: লক্ষ্মী পূজাৰ সময়ত এই নিয়ম পালন কৰিলে হব ধনৰ প্ৰাপ্তি!

লক্ষ্মী পূজা

Published: 

15 Oct 2024 | 07:36 PM

দুৰ্গা পূজাৰ পাছতে লক্ষ্মীক পূজা কৰিবলৈ প্ৰস্তুত হৈছে ভক্তগন।  ১৬ অক্টোবৰত দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হব লক্ষ্মী পূজা। লক্ষ্মী পূজাক কজাগৰী লক্ষ্মী পূজা বুলিও কোৱা হয়। সংস্কৃতত, কঃ অৰ্থাৎ কে আৰু জগৰী শব্দবোৰৰ অৰ্থ হৈছে সাৰে থকা । লক্ষ্মী পূজাৰ সময়ত গোটেই ৰাতি সাৰে থকাটো প্ৰচলিত, সেয়েহে এই তিথিক কজাগৰীও বুলি কোৱা হয়।

মহিলাসকলে এই দিনটোত চাউলৰ গুৰি আৰু আবিৰে আল্পনা আঁকি লক্ষ্মী পূজা পাতে। এই পূজাত বিবাহিতা মহিলাসকলে লক্ষ্মী চৰিত আৰু পাচালী পাঠ কৰে। অৱশ্যে ঠাই বিশেষে লক্ষ্মী পূজাৰ নিয়ম বেলেগ বেলেগ হোৱা দেখা যায়।

পূজাৰ সময়

পঞ্জিকা অনুসৰি পূৰ্ণিমা ১৬ অক্টোবৰ বুধবাৰৰ পৰা নিশা ০৮:৪১ বজাৰ পৰা আৰম্ভ হ’ব। পিছদিনা ১৭ অক্টোবৰ বৃহস্পতিবাৰে বিয়লি ০৪:৫৩ বজাত ইয়াৰ অন্ত পৰিব। এনে পৰিস্থিতিত ১৬ অক্টোবৰত লক্ষ্মী পূজা অনুষ্ঠিত কৰা হ’ব। পূৰ্ণিমাৰ চন্দ্ৰ উদয় সন্ধিয়া ৫.০৫ বজাত হ’ব। পূৰ্ণিমাৰ দিনা লক্ষ্মী দেৱী পূজাৰ শুভ সময় দিনৰ ১১:৪২ বজাৰ পৰা ১২:৩২ বজালৈ হ’ব। এই সময়ত পূজা কৰিলে শুভ ফল পোৱা যাব।

মহত্ব

হিন্দু ধৰ্মত লক্ষ্মী পূজাৰ মহত্ব অধিক। হিন্দুসকলৰ ত্ৰিদেৱীৰসমূহৰ অন্যতম ধন, সম্পদ, উন্নতি, পোহৰ, জ্ঞান, সৌভাগ্য, উৰ্বৰতা, দানশীলতা, সাহস আৰু সৌন্দৰ্যৰ দেৱী লক্ষ্মী। তেওঁ ভগৱান বিষ্ণুৰ ভাৰ্যা। বিশ্বাস অনুসৰি লক্ষ্মী পূজাৰ দিনা দেৱীয়ে ভক্তসকলৰ ঘৰলৈ আহি তেওঁলোকক আশীৰ্বাদ দিয়ে।

যি ঘৰত পবিত্ৰতা, পৰিচন্নতা, নম্ৰতা থাকে তাতেই লক্ষ্মীয়ে বাস কৰে । চাৰি হাতৰ মা লক্ষ্মীক মাতা বৈভৱ লক্ষ্মী বুলি কোৱা হয়। মা মহালক্ষ্মীক বোকাৰ পদুমৰ ওপৰত বহি থকা দেখা যায়, ই আধ্যামিক পবিতৰতা আৰু শক্তিৰ প্ৰতীক। কোৱা হয় এই দিনটোত দান কৰিলে শুভ ফল পোৱা যায় আৰু ধনৰ আগমন হয়।

ঠাই ভেদে লক্ষ্মী পূজাৰ নিয়ম বেলেগ। পূজা সমাপ্ত হোৱাৰ পাছত ভোগ বিতৰণ কৰা হয়। কিছুমান ঠাইন পায়খ বনাই চন্দ্ৰৰ পোহৰত ৰখাৰ পৰম্পৰা আছে আৰু কিছুমান ঠাইক নাৰিকলৰ পানীৰে চকু ধোৱা পৰম্পৰা আছে। বিশ্বাস অনুসৰি,নিশা চন্দ্ৰৰ ৰশ্মিৰ অমৃতৰ দৰে ঔষধি গুণ থাকে যি স্বাস্থ্যৰ বাবে উপকাৰী।

কি কি কৰিব লাগে

  • লক্ষ্মী পূজাৰ দিনা পুৱা সোনকালে উঠি লক্ষ্মী মাৰ আগত ঘিউৰ চাকি জ্বলাৱক।
  • এই দিনটোত বস্ত্ৰ, খাদ্য আদি দান কৰিব লাগে। এনে কৰিলে ধনৰ প্ৰাপ্তি হয়।
  • ওম হ্ৰীম শ্ৰীম ক্ৰীম ক্লিম শ্ৰী লক্ষ্মী মম গৃহে ধন পুৰয়ে, ধন পুৰয়ে, চিন্তায় দুৰায়ে স্বাহা…লক্ষ্মী পূজাৰ দিনা এই মন্ত্ৰ জপ কৰিলে ধনৰ অভাৱ নহয়।
  • এই দিনটোত নিৰ্দিষ্ট নীতি নিয়ম পালন কৰি লক্ষ্মী মাক কড়ী অৰ্পন কৰিব লাগে আৰু পাছদিনা কড়ী কেইটা ৰঙা ৰঙৰ কাপোৰত বান্ধি টকা থোৱা স্থানত থব লাগে। এনে কৰিলে টকাৰ অভাৱ নহয়।
  • লক্ষ্মী মাৰ পান প্ৰিয়, গতিকে এই দিনটোত লক্ষ্মীৰ পূজা কৰিলে পানৰ ব্যৱহাৰ কৰা দৰকাৰ।
  • যি ঘৰত কাজিয়া, তৰ্কাতৰ্কি আদি নাথাকে তেনে ঘৰত লক্ষ্মীয়ে বাস কৰে।
  • লক্ষ্মী চৰিতত থকা নিয়ম মানি চলিব লাগে।

 

(স্পষ্টীকৰণঃ ওপৰোক্ত লিখনিটো ধৰ্মীয় মান্যতা আৰু জনবিশ্বাসৰ ওপৰত ভিত্তি কৰি লিখা হৈছে। ইয়াৰ লগত টিভি-৯ অসমৰ কোনো সম্পৰ্ক নাই বা ইয়াৰ কোনো বৈজ্ঞানিক ভিত্তি নাই।)

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...