বছৰৰ শেষত গঠন হ’ব লক্ষ্মী নাৰায়ণ ৰাজযোগ, এই তিনি ৰাশিৰ ফুলিব কপাল

চলিত বছৰটোৰ শেষৰ ফালে গঠন হ’বলগীয়া এই লক্ষ্মী নাৰায়ণ ৰাজযোগে তিনিটা ৰাশিৰ বাবে অত্যন্ত শুভফল কঢ়িয়াই আনিব পাৰে। পিছে লক্ষ্মী নাৰায়ণ ৰাজযোগে বিশেষভাৱে উপকৃত কৰিব পৰা এই ৰাশি তিনিটাৰ বিষয়ে জানো আহক।

বছৰৰ শেষত গঠন হ’ব লক্ষ্মী নাৰায়ণ ৰাজযোগ, এই তিনি ৰাশিৰ ফুলিব কপাল

প্ৰতিনিধিত্বমূলক ছবি

Published: 

23 Dec 2025 06:36 AM

চাওঁতে চাওঁতে চলিত ২০২৫ চন বিদায়ৰ দিশে আগবাঢ়িছে। আৰু কিছুদিনৰ পিছতে এই বৰ্ষটোৱে বিদায় ল’ব। তাৰ পিছতে আগমন ঘটিব নতুন বৰ্ষ ২০২৬ৰ। বিদায়ী এই বৰ্ষটোত সুখ-দুখ নানা ক্ষণৰ সাক্ষী হ’ল প্ৰতিজন লোক। কিন্তু বছৰটোৰ শেষৰ কেইটামান দিনে নিৰ্দিষ্ট কেইটামান ৰাশিৰ বাবে অনন্য শুভফল কঢ়িয়াই আনিব। এই শুভফলৰ কাৰণ হ’ব লক্ষ্মী নাৰায়ণ ৰাজযোগ। পঞ্জিকা অনুসৰি বৰ্তমান শুক্ৰ গ্ৰহ ধনু ৰাশিত প্ৰৱেশ কৰিছে। ইফালে বছৰ শেষৰফালে, ২৯ ডিচেম্বৰত প্ৰজ্ঞাৰ দাতা বুধেও ধনু ৰাশিত প্ৰৱেশ কৰিব।

জ্যোতিষ শাস্ত্ৰ মতে শুক্ৰ আৰু বুধ একেলগে ধনু ৰাশিত সংযোগ হোৱাৰ ফলত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ সৃষ্টি হ’ব। এই লক্ষ্মী নাৰায়ণ ৰাজযোগক জ্যোতিষ শাস্ত্ৰত অত্যন্ত শুভ হিচাপে গণ্য কৰা হয়। এই বিশেষ যোগে সুখ, সমৃদ্ধি, আৰ্থিক লাভ কঢ়িয়াই আনে বুলি কোৱা হয়।

চলিত বছৰটোৰ শেষৰ ফালে গঠন হ’বলগীয়া এই লক্ষ্মী নাৰায়ণ ৰাজযোগে তিনিটা ৰাশিৰ বাবে অত্যন্ত শুভফল কঢ়িয়াই আনিব পাৰে। পিছে লক্ষ্মী নাৰায়ণ ৰাজযোগে বিশেষভাৱে উপকৃত কৰিব পৰা এই ৰাশি তিনিটাৰ বিষয়ে জানো আহক।

কন্যা ৰাশি

কন্যা ৰাশিৰ বাবে লক্ষ্মী নাৰায়ণ যোগে বছৰৰ শেষলৈ ধন-সম্পত্তি কঢ়িয়াই অনাৰ ইংগিত দিছে। ব্যৱসায়ত জড়িতসকলে এই সময়ছোৱাত নতুন চুক্তিৰ লগতে লাভৰ মুখ দেখিব। পৰিয়ালৰ সৈতে সুখকৰ সময় কটাব পাৰিব। বহুদিনৰ পৰা পাবলৈ থকা ধন লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰিত নিয়োজিত লোকসকলে পদোন্নতি বা দৰমহা বৃদ্ধিৰ দৰে ভাল খবৰ লাভ কৰিব পাৰে।

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ বাবে লক্ষ্মী নাৰায়ণ যোগ কেৰিয়াৰ আৰু সুনাম দুয়োটা দিশতে অত্যন্ত শুভ বিবেচিত হ’ব। আৰ্থিক অৱস্থাৰ উন্নতি হ’ব। হঠাৎ আৰ্থিক লাভৰ সম্ভাৱনা আছে। পাৰিবাৰিক অৱস্থা সুস্থিৰ হ’ব। কৰ্মক্ষেত্ৰত আপুনি কামৰ প্ৰশংসিত হ’ব। ঊৰ্ধতন বিষয়াৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। চৰকাৰী চাকৰিত নিয়োজিতসকলে বিশেষ সুবিধা লাভ কৰিব পাৰে।

ধনু ৰাশি

এই ৰাশিৰ লোকে এই বিশেষ সময়ছোৱাত নতুন চাকৰি তথা পদোন্নতি লাভৰ সম্ভাৱনা আছে। মানসিক চাপ হ্ৰাস পাব। আত্মবিশ্বাস বৃদ্ধি হোৱাৰ ফলত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত সফল হ’ব। আগতীয়াকৈ পৰিকল্পনা কৰি বিনিয়োগ কৰিলে লাভৰ মুখ দেখিব। অধ্যয়ন বা ব্যৱসায়ত সফলতা লাভ কৰিব পাৰে।

ব্লাড চুগাৰৰ মাত্ৰা হঠাতে হ্ৰাস পালে কি কৰিব! এতিয়াই জানি লওক এইবিষয়ে
কিদৰে চিনিব ৰাসায়নিক দ্ৰৱ্য ব্যৱহাৰেৰে পকোৱা কল? চাওক এই সহজ টিপছ্
কি কি কাৰণত আঁঠুৰ বিষ হয়? হ'ব পাৰে এই জটিল ৰোগ...
কিডনী সুস্থ ৰাখিবলৈ দৈনিক খাওক এই তিনিবিধ প্ৰাকৃতিক পানীয়
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা
‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...