বছৰৰ শেষত গঠন হ’ব লক্ষ্মী নাৰায়ণ ৰাজযোগ, এই তিনি ৰাশিৰ ফুলিব কপাল

চলিত বছৰটোৰ শেষৰ ফালে গঠন হ’বলগীয়া এই লক্ষ্মী নাৰায়ণ ৰাজযোগে তিনিটা ৰাশিৰ বাবে অত্যন্ত শুভফল কঢ়িয়াই আনিব পাৰে। পিছে লক্ষ্মী নাৰায়ণ ৰাজযোগে বিশেষভাৱে উপকৃত কৰিব পৰা এই ৰাশি তিনিটাৰ বিষয়ে জানো আহক।

বছৰৰ শেষত গঠন হ’ব লক্ষ্মী নাৰায়ণ ৰাজযোগ, এই তিনি ৰাশিৰ ফুলিব কপাল

প্ৰতিনিধিত্বমূলক ছবি

Published: 

23 Dec 2025 | 06:36 AM

চাওঁতে চাওঁতে চলিত ২০২৫ চন বিদায়ৰ দিশে আগবাঢ়িছে। আৰু কিছুদিনৰ পিছতে এই বৰ্ষটোৱে বিদায় ল’ব। তাৰ পিছতে আগমন ঘটিব নতুন বৰ্ষ ২০২৬ৰ। বিদায়ী এই বৰ্ষটোত সুখ-দুখ নানা ক্ষণৰ সাক্ষী হ’ল প্ৰতিজন লোক। কিন্তু বছৰটোৰ শেষৰ কেইটামান দিনে নিৰ্দিষ্ট কেইটামান ৰাশিৰ বাবে অনন্য শুভফল কঢ়িয়াই আনিব। এই শুভফলৰ কাৰণ হ’ব লক্ষ্মী নাৰায়ণ ৰাজযোগ। পঞ্জিকা অনুসৰি বৰ্তমান শুক্ৰ গ্ৰহ ধনু ৰাশিত প্ৰৱেশ কৰিছে। ইফালে বছৰ শেষৰফালে, ২৯ ডিচেম্বৰত প্ৰজ্ঞাৰ দাতা বুধেও ধনু ৰাশিত প্ৰৱেশ কৰিব।

জ্যোতিষ শাস্ত্ৰ মতে শুক্ৰ আৰু বুধ একেলগে ধনু ৰাশিত সংযোগ হোৱাৰ ফলত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ সৃষ্টি হ’ব। এই লক্ষ্মী নাৰায়ণ ৰাজযোগক জ্যোতিষ শাস্ত্ৰত অত্যন্ত শুভ হিচাপে গণ্য কৰা হয়। এই বিশেষ যোগে সুখ, সমৃদ্ধি, আৰ্থিক লাভ কঢ়িয়াই আনে বুলি কোৱা হয়।

চলিত বছৰটোৰ শেষৰ ফালে গঠন হ’বলগীয়া এই লক্ষ্মী নাৰায়ণ ৰাজযোগে তিনিটা ৰাশিৰ বাবে অত্যন্ত শুভফল কঢ়িয়াই আনিব পাৰে। পিছে লক্ষ্মী নাৰায়ণ ৰাজযোগে বিশেষভাৱে উপকৃত কৰিব পৰা এই ৰাশি তিনিটাৰ বিষয়ে জানো আহক।

কন্যা ৰাশি

কন্যা ৰাশিৰ বাবে লক্ষ্মী নাৰায়ণ যোগে বছৰৰ শেষলৈ ধন-সম্পত্তি কঢ়িয়াই অনাৰ ইংগিত দিছে। ব্যৱসায়ত জড়িতসকলে এই সময়ছোৱাত নতুন চুক্তিৰ লগতে লাভৰ মুখ দেখিব। পৰিয়ালৰ সৈতে সুখকৰ সময় কটাব পাৰিব। বহুদিনৰ পৰা পাবলৈ থকা ধন লাভ কৰাৰ সম্ভাৱনা আছে। চাকৰিত নিয়োজিত লোকসকলে পদোন্নতি বা দৰমহা বৃদ্ধিৰ দৰে ভাল খবৰ লাভ কৰিব পাৰে।

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ বাবে লক্ষ্মী নাৰায়ণ যোগ কেৰিয়াৰ আৰু সুনাম দুয়োটা দিশতে অত্যন্ত শুভ বিবেচিত হ’ব। আৰ্থিক অৱস্থাৰ উন্নতি হ’ব। হঠাৎ আৰ্থিক লাভৰ সম্ভাৱনা আছে। পাৰিবাৰিক অৱস্থা সুস্থিৰ হ’ব। কৰ্মক্ষেত্ৰত আপুনি কামৰ প্ৰশংসিত হ’ব। ঊৰ্ধতন বিষয়াৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। চৰকাৰী চাকৰিত নিয়োজিতসকলে বিশেষ সুবিধা লাভ কৰিব পাৰে।

ধনু ৰাশি

এই ৰাশিৰ লোকে এই বিশেষ সময়ছোৱাত নতুন চাকৰি তথা পদোন্নতি লাভৰ সম্ভাৱনা আছে। মানসিক চাপ হ্ৰাস পাব। আত্মবিশ্বাস বৃদ্ধি হোৱাৰ ফলত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত সফল হ’ব। আগতীয়াকৈ পৰিকল্পনা কৰি বিনিয়োগ কৰিলে লাভৰ মুখ দেখিব। অধ্যয়ন বা ব্যৱসায়ত সফলতা লাভ কৰিব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...