পুহ মাহত আপোনাৰ ৰাশি অনুসাৰে দান কৰক এনে সামগ্ৰী, সুখে-সমৃদ্ধিৰে ভৰিব আপোনাৰ ঘৰ

হিন্দু ধৰ্মত পুহ মাহক অতি বিশেষ বুলি গণ্য কৰা হয়। এই মাহত ৰাশি অনুযায়ী কৰা দান-বৰঙনিয়ে ধন-সম্পত্তি আৰু সমৃদ্ধি বৃদ্ধিত অৰিহণা যোগায় বুলি কোৱা হয়। গতিকে আপোনাৰ ৰাশি অনুযায়ী এই মাহত কোনবোৰ বস্তু দান কৰিলে শুভ বিবেচিত হয়, জানো আহক।

পুহ মাহত আপোনাৰ ৰাশি অনুসাৰে দান কৰক এনে সামগ্ৰী, সুখে-সমৃদ্ধিৰে ভৰিব আপোনাৰ ঘৰ

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

05 Dec 2025 | 04:05 PM

অসমীয়া কেলেণ্ডাৰ অনুসাৰে আৰু কেইটামান দিনৰ পিছতে আৰম্ভ হ’ব পুহ মাহ। অহা ১৭ ডিচেম্বৰত পুহ মাহ আৰম্ভ হ’ব। আনহাতে অন্ত পৰিব অহা বৰ্ষৰ ১৪ জানুৱাৰীত। অসমীয়া পঞ্জিকাৰ নৱম মাহ এই পুহ মাহটো পুষ্যা নক্ষত্ৰৰ নামেৰে নামকৰণ কৰা হৈছে। হিন্দু ধৰ্মত এই পুহ মাহক অতি বিশেষ বুলি গণ্য কৰা হয়। এই মাহত দেৱতা সূৰ্যৰ পূজা কৰা হয়। পুহ মাহত সূৰ্য দেৱতাক পূজা কৰিলে বিশেষ উপকাৰ পোৱা যায়। ধৰ্মীয় বিশ্বাস অনুসৰিয়েই পুহ মাহৰ ভিতৰত দান-বৰঙণিৰ অত্যন্ত মহত্ব আছে।

এই মাহত দান-বৰঙণি কৰিলে বহুগুণে সুফল পোৱা যায় বুলি কোৱা হয়। গতিকে আপোনাৰ ৰাশি অনুযায়ী কিছুমান দান-বৰঙনি আগবঢ়াব লাগে। এই মাহত আপোনাৰ ৰাশি অনুযায়ী কিছুমান বস্তু দান কৰিলে ভগৱান সূৰ্যৰ পৰা আশীৰ্বাদ পোৱা যায়। তদুপৰি এই মাহত দান কৰিলে শনি দেৱতাও সন্তুষ্ট হয় বুলি কোৱা হৈছে।

তদুপৰি ৰাশি অনুযায়ী কৰা দান-বৰঙনিয়ে ধন-সম্পত্তি আৰু সমৃদ্ধি বৃদ্ধিত অৰিহণা যোগায় বুলি কোৱা হয়। গতিকে আপোনাৰ ৰাশি অনুযায়ী এই মাহত কোনবোৰ বস্তু দান কৰিলে শুভ বিবেচিত হয়, জানো আহক-

মেষ ৰাশিৰ লোকে পুহ মাহত গুৰ দান কৰিব লাগে।

বৃষ ৰাশিৰ লোকে এই মাহত দৈ দান কৰিব লাগে।

মিথুন ৰাশিৰ লোকে এই মাহত সেউজীয়া কাপোৰ দান কৰক।

কৰ্কট ৰাশিৰ লোকে এই মাহত নাৰিকল দান কৰিব লাগে।

সিংহ ৰাশিৰ লোকে এই মাহত নিজৰ সামৰ্থ্য অনুযায়ী ধন দান কৰিব লাগে।

কন্যা ৰাশিৰ লোকে এই মাহত কল দান কৰক।

তুলা ৰাশিৰ লোকে এই মাহত ঘেঁহু দান কৰিব লাগে।

বৃশ্চিক ৰাশিৰ লোকে এই মাহত বুট দান কৰিব লাগে।

ধনু ৰাশিৰ লোকে এই মাহত কিতাপ দান কৰিব লাগে।

মকৰ ৰাশিৰ লোকে এই মাহত ক’লা তিল দান কৰিব লাগে।

কুম্ভ ৰাশিৰ লোকে এই মাহত তিলৰ লাডু দান কৰিব লাগে।

মীন ৰাশিৰ লোকে এই মাহত হালধি দান কৰিব লাগে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...