Ambubachi Mela 2025: শনিবাৰৰ পৰা কামাখ্যা ধামত অম্বুবাচী মেলা, নীলাচলৰ বুকুত বাঢ়িছে ব্যস্ততা
দেশ-বিদেশৰ ভক্তক আদৰিবলৈ একপ্ৰকাৰ সাজু কামাখ্যা দেৱালয়। ইতিমধ্যে নীলাচল পাহাৰত সমাগম ঘটিছে দেশৰ ভিন্ন প্ৰান্তৰ সাধু-সন্যাসীৰ। এইবাৰ ২২ জুনৰ দুপৰীয়া ২.৫৬ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তি। আনহাতে ২৬ জুনৰ পুৱতি নিশা ৩ বজাত অম্বুবাচীৰ নিবৃত্তি।

শনিবাৰৰ পৰা কামাখ্যা ধামত অম্বুবাচী মেলা
অহা ২২ জুন তাৰিখৰ পৰা কামাখ্য মন্দিৰত আৰম্ভ হ’ব অম্বুবাচী মেলা। আই বসুমতী ৰজস্বলা হোৱাৰ সময়ত সকলোৱে শক্তিৰ আৰাধনা কৰে। উর্বৰা তথা প্রজনন শক্তিৰ এটি মনোৰম নিদর্শন হৈছে মহা অম্বুবাচী মেলা। ভক্তি আৰু আধ্যাত্মিকতাৰ এক মহা উৎসৱ। ইয়াৰে বাবে এতিয়া চলিছে ব্যাপক প্রস্তুতি। এই মহামেলাত দেশ-বিদেশৰ লাখ লাখ ভক্ত, সাধু-সন্ন্যাসী আৰু পৰ্যটকৰ সমাগম ঘটিব। এই ঐতিহাসিক মেলাই অসমীয়া সাংস্কৃতিক ঐতিহ্য, ধৰ্মীয় সমন্বয় আৰু সম্প্ৰীতিৰ এক উজ্জ্বল নিদৰ্শন।
দেশ-বিদেশৰ ভক্তক আদৰিবলৈ একপ্ৰকাৰ সাজু কামাখ্যা দেৱালয়। ইতিমধ্যে নীলাচল পাহাৰত সমাগম ঘটিছে দেশৰ ভিন্ন প্ৰান্তৰ সাধু-সন্যাসীৰ। এইবাৰ ২২ জুনৰ দুপৰীয়া ২.৫৬ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তি। আনহাতে ২৬ জুনৰ পুৱতি নিশা ৩ বজাত অম্বুবাচীৰ নিবৃত্তি।
প্ৰস্তুতি আৰু দৰ্শনাৰ্থী
মা কামাখ্যা মন্দিৰৰ পবিত্ৰ প্ৰাংগণত অনুষ্ঠিত হ’বলগীয়া এই মহামেলাত শনিবাৰে দেশ-বিদেশৰ লাখ লাখ ভক্ত, সাধু-সন্ন্যাসী আৰু পৰ্যটকৰ সমাগম ঘটিব। এই ঐতিহাসিক মেলাই অসমীয়া সাংস্কৃতিক ঐতিহ্য, ধৰ্মীয় সমন্বয় আৰু সম্প্ৰীতিৰ এক উজ্জ্বল নিদৰ্শন। অম্বুবাচী মেলা সুচাৰু ৰূপে সম্পন্ন কৰিবলৈ গুৱাহাটী মহানগৰ আৰক্ষীয়ে বিশেষ নীতি-নিৰ্দেশনা জাৰি কৰিছে। মেলভাগ সাফল্যমণ্ডিত কৰি তুলিবলৈ এই নিয়মবোৰ মানি চলাটো একান্তই প্ৰয়োজন।
অসম চৰকাৰে ঘোষণা কৰা নিৰ্দেশনা অনুসৰি দৰ্শনাৰ্থীসকলে মন্দিৰ চৌহদৰ ভিতৰত জোতা-চেণ্ডেল পৰিধান কৰিব নোৱাৰিব, লগতে পৰিস্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ অনুৰোধ জনোৱা হৈছে।
অম্বুবাচী মেলাৰ বাবে প্ৰায় ২০ হাজাৰ ভক্তৰ শিবিৰ স্থাপন কৰা হৈছে। এই মেলাত আৰক্ষী জোৱানসকলৰ বাবে পৃথক শিবিৰৰ ব্যৱস্থা কৰা হৈছে। আটাইকেইটা শিবিৰ অহা ২০ জুনৰ পৰা ব্যৱহাৰৰ উপযোগী হৈ উঠিব। কোনো লোকৰ যাতে সমস্যা নহয়, তাৰ বাবে চিকিৎসক আৰু ঔষধৰ সৈতে পৃথক শিবিৰ থাকিব। ইয়াৰোপৰি অসম চৰকাৰে আভ্যন্তৰীণ জল পৰিবহণৰ বাবে পৰ্যাপ্ত জাহাজৰ ব্যৱস্থাও কৰিছে।
উল্লেখ্য যে, ২০২৪ বৰ্ষৰ অম্বুবাচী মেলাত নীলাচলৰ বুকুত আগমণ ঘটিছিল ৭ দিনত প্ৰায় ২৫ লাখ ভক্তৰ। এইবাৰ ভক্তৰ সংখ্যা পূৰ্বতকৈ বৃদ্ধি পাব বুলি আশা কৰিছে কামাখ্যা মন্দিৰৰ দলৈ সমাজে।