ঘৰৰ সমুখত ‘Welcome’ লিখা দ’ৰমেট ৰখাটো শুভ নে অশুভ? বাস্তুৰ উপদেশ নামানিলে হ’ব পাৰে বিঘিনি

মূল দুৱাৰমুখত ৰখা দ’ৰমেটৰ ৰং আৰু আকৃতিয়ে ঘৰখনলৈ ঋণাত্মক শক্তিৰ আকৰ্ষণ কৰিব পাৰে বুলি সকীয়াই দিছে বাস্তুৱে। সেয়ে বাস্তু নিয়ম মানি দ’ৰমেটৰ ক্ষেত্ৰত সঠিক ৰং আৰু আকাৰ বাছনি কৰাটো অতি প্ৰয়োজনীয়। বহুলোকে দুৱাৰমুখত ‘Welcome’ লিখা দ’ৰমেট ৰখা দেখা যায়। পিছে এয়া উচিত হয় নে?

ঘৰৰ সমুখত ‘Welcome’ লিখা দ’ৰমেট ৰখাটো শুভ নে অশুভ? বাস্তুৰ উপদেশ নামানিলে হ’ব পাৰে বিঘিনি

Welcome লিখা দ’ৰমেট

Updated On: 

08 Dec 2025 13:45 PM

অধিকাংশ লোকেই ঘৰৰ মূল প্ৰৱেশদ্বাৰত দ’ৰমেট ৰাখে। সাধাৰণতে এই দ’ৰমেটক প্ৰায়ে কেৱল পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু মূল দুৱাৰখন আকৰ্ষণীয় কৰি তোলাৰ উপায় হিচাপে গণ্য কৰা হয়। কিন্তু বাস্তু শাস্ত্ৰ মতে এই সাধাৰণ যেন লগা দ’ৰমেটৰ ঘৰ এখনৰ প্ৰগতি তথা ইতিবাচক শক্তিৰ সৈতে সংযোগ থাকে। মূল দুৱাৰমুখত ৰখা দ’ৰমেটৰ ৰং আৰু আকৃতিয়ে ঘৰখনলৈ ঋণাত্মক শক্তিৰ আকৰ্ষণ কৰিব পাৰে বুলি সকীয়াই দিছে বাস্তুৱে। সেয়ে বাস্তু নিয়ম মানি দ’ৰমেটৰ ক্ষেত্ৰত সঠিক ৰং আৰু আকাৰ বাছনি কৰাটো অতি প্ৰয়োজনীয়।

বহুলোকে দুৱাৰমুখত ‘Welcome’ লিখা দ’ৰমেট ৰখা দেখা যায়। পিছে এয়া উচিত হয় নে? বাস্তু শাস্ত্ৰ মতে মূল প্ৰৱেশদ্বাৰত ‘Welcome’ লিখা দ’ৰমেট কেৱল ইতিবাচকেই নহয়। এনে দ’ৰমেটে ঘৰখনলৈ বিশুদ্ধ শক্তিক আদৰণি জনায়। গতিকে বাস্তু মতে ‘Welcome’ লিখা দ’ৰমেটক ঘৰ এখনৰ বাবে শুভ বুলি গণ্য কৰা হয়। এনে দ’ৰমতে ঘৰখনৰ মানুহে আনক সন্মান কৰা বুজায়।

দুৱাৰমেটত ৰখা এই ‘Welcome’ শব্দটোৱে ঘৰৰ চাৰিওফালে ইতিবাচক শক্তিৰ সৃষ্টি কৰে, শান্তি, প্ৰেম, সম্প্ৰীতি আৰু সদিচ্ছাৰ প্ৰসাৰ ঘটায়। বাস্তু শাস্ত্ৰ মতে আমি দেখা, পঢ়া আৰু কোৱা শব্দবোৰে আমাৰ মন, চিন্তা আৰু পৰিৱেশত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়। গতিকে মূল দুৱাৰত লিখা প্ৰতিটো শব্দই ঘৰৰ শক্তিক নিৰ্দেশিত কৰে।

পিছে এই ‘Welcome’ লিখা দ’ৰমেটৰ ক্ষেত্ৰতো কিছুমান নিয়ম মানি চলা উচিত। বাস্তুৱে উল্লেখ কৰা এনে নিয়সমূহৰ বিষয়ে জানো আহক-

ৰঙৰ ক্ষেত্ৰত মানিবলগীয়া নিয়ম

বাস্তু মতে দুৱাৰমুখত থিয় হৈ কেতিয়াও নেতিবাচক কথা চিন্তা কৰিব বা ক’ব নালাগে। অন্যথা ‘Welcome’ শব্দৰ ইতিবাচক শক্তিৰো বিৰূপ প্ৰভাৱ পৰিব পাৰে। মূল দুৱাৰৰ শক্তি অত্যন্ত সংবেদনশীল। গতিকে দুৱাৰমুখত থিয় হৈ কেতিয়াও সংঘাত বা উত্তেজনা সৃষ্টি কৰা শব্দ কোৱা উচিত নহয়। সদায় শান্ত আৰু ইতিবাচক শব্দ কওক।

বাস্তুৱে উল্লেখ কৰা মতে দ’ৰমেটৰ ক্ষেত্ৰত ৰং আৰু আকাৰৰ প্ৰতি গুৰুত্ব দিয়া উচিত। এইক্ষেত্ৰত বাদামী ৰঙক উপযোগী হিচাপে গণ্য কৰা হয়। লগতে সেউজীয়া ৰঙক আটাইতকৈ শুভ ৰং হিচাপে গণ্য কৰা হয়। এই ৰং সতেজতা, বৃদ্ধি আৰু সমৃদ্ধিৰ প্ৰতীক। এই ৰঙে ঘৰলৈ ইতিবাচক শক্তি কঢ়িয়াই আনে।

এইক্ষেত্ৰত নীলা ৰঙৰ দ’ৰমেট ব্যৱহাৰ কৰাটোও শুভ প্ৰমাণিত হয়; এই ৰং শান্তি, সৌভাগ্য আৰু ভাৰসাম্যৰ প্ৰতীক। যদি আপোনাৰ ঘৰৰ মূল দুৱাৰখন উত্তৰ বা উত্তৰ-পূব দিশত অৱস্থিত, তেতিয়া হালধীয়া ৰঙৰ দ’ৰমেট ব্যৱহাৰ কৰক। ইয়াৰ ফলত ঘৰত ইতিবাচক শক্তি বৃদ্ধি পায়।

দ’ৰমেটৰ আকাৰ কেনে হ’ব লাগে?

আয়তাকাৰ দুৱাৰমেট আটাইতকৈ শুভ হিচাপে কোৱা হয়। ঋণাত্মক শক্তিক বাধা দিয়াৰ ক্ষেত্ৰত নাৰিকলৰ আঁহেৰে নিৰ্মিত দ’ৰমেট অত্যন্ত ফলপ্ৰসূ বিবেচিত হয়। মৰাপাট বা কাপোৰৰ দ’ৰমেটকো শুভ হিচাপে গণ্য কৰা হয়। দুৱাৰমুখত কেতিয়াও ৰবৰৰ দ’ৰমেট ৰাখিব নালাগে। এনে দ’ৰমেটে ইতিবাচক শক্তি ৰুদ্ধ কৰি ঘৰৰ দুৱাৰত ঋণাত্মক শক্তি জমা কৰে।

ডায়েবেটিছ ৰোগীয়ে শীতকালত ভুলতো খাব নালাগে এইসমূহ খাদ্য...
নিম্ন ৰক্তচাপৰ সমস্যা হ'লে কি কি লক্ষণে দেখা দিয়ে, জানক...
অতিকৈ ভাগ্যৱান, এই ৪ ৰাশিৰ জীৱনলৈ কেতিয়াও নাহে দৰিদ্ৰতা!
ৰাতি শোৱাৰ আগতে এফুটা নহৰু খালে কি হয়? পাব বহু আচৰিত উপকাৰ
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...