Shani Dev: শনি দেৱতাক কেনেদৰে পূজা কৰিব লাগে, ভুলতেও শনি দেৱৰ পূজাত ব্যৱহাৰ নকৰিব এই ৩ বিধ বস্তু!

শনিদেৱক কৰ্মৰ বিচাৰক বুলি কোৱা হয়। সকলো গ্ৰহৰ ভিতৰত শনিদেৱ একমাত্ৰ গ্ৰহ যিয়ে ব্যক্তিক তেওঁৰ কৰ্ম অনুসৰি ফলাফল প্ৰদান কৰে। আজি জানো আহক কেনেকৈ শনি দেৱক পূজা কৰিব আৰু কি কি বস্তু পূজাত পৰিহাৰ কৰিব।

Shani Dev: শনি দেৱতাক কেনেদৰে পূজা কৰিব লাগে, ভুলতেও শনি দেৱৰ পূজাত ব্যৱহাৰ নকৰিব এই ৩ বিধ বস্তু!

শনিদেৱৰ পূজাত সাৱধানতা অৱলম্বন কৰক

Published: 

03 May 2025 14:00 PM

শনিদেৱক ন্যায়ৰ দেৱতা বুলিও কোৱা হয়। তেওঁৰ দৃষ্টিৰ পৰা হাত সাৰিবলৈ সকলোৱে তেওঁক প্ৰণাম কৰে। কিন্তু শনি দেৱৰ পূজাৰ সময়ত কি নিয়ম মানি চলিব লাগে জানেনে? শনিদেৱক পূজা কৰাৰ নিয়ম পালন নকৰিলে বিৰূপ পৰিণতিৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। শনি দেৱক মূলতঃ শনিবাৰে পূজা কৰা হয়। কিছুমান বস্তু শনি দেৱৰ পূজাত ভুল কৰিও ব্যৱহাৰ কৰা উচিত নহয়। বিশ্বাস মতে এনে কৰিলে তেওঁৰ খং উঠে।

কেনেকৈ পূজা কৰিব?

জ্যোতিষ শাস্ত্ৰত অন্যতম নৱগ্ৰহ শনিদেৱক গ্ৰহৰ ৰজা বুলি কোৱা হয়। তেওঁ উগ্ৰ দেৱতা হিচাপেও পৰিচিত। তেওঁৰ কুদৃষ্টিয়ে অশুভ ফল লৈ আহে বুলি বিশ্বাস কৰা হয়। সপ্তাহৰ শনিবাৰৰ দিনটো তেওঁৰ নামতে উৎসৰ্গিত। এই দিনটোত তেওঁৰ পূজা কৰিলে অশুভ দৃষ্টিৰ পৰা মুক্তি পোৱা যায় বুলি বিশ্বাস জ্যোতিষ বিশেষজ্ঞসকলৰ।

  • শনিদেৱৰ মন্দিৰত বা ঘৰৰ বাহিৰত তেওঁৰ পূজা কৰিব। ঘৰৰ মন্দিৰত তেওঁৰ পূজা কৰা নহয়।
  • নীলা বা কৃষ্ণবৰ্ণৰ ঘট, ফুল, বস্ত্ৰ, মাহ, ক’লা তিল, গাখীৰ, সৰিয়হৰ তেলৰ দৰে উপকৰণ শনিদেৱৰ পূজাত অত্যন্ত গুৰুত্বপূৰ্ণ।
  • শনিবাৰে সন্ধিয়া আহত গছৰ তলত বন্তি জ্বলাওক। এয়া কৰিলে শনিদেৱ তুষ্ট হয় বুলি বিশ্বাস।
  • শনিবাৰে দান কৰক ক’লা তিল, ক’লা কাপোৰ আৰু লোহা। শনিবাৰে সাত্ত্বিক আহাৰ গ্ৰহণ কৰক। সেউজীয়া ঘাঁহৰ ওপৰত খোজ কাঢ়ক খালী ভৰিৰে।

কি কি নকৰিব?

  • শনিদেৱৰ পূজাত ভুলতেও তামৰ বাচন ব্যৱহাৰ কৰা উচিত নহয় কাৰণ তাম সূৰ্যৰ ধাতু আৰু শাস্ত্ৰ মতে শনি আৰু সূৰ্য ইজনে সিজনৰ শত্ৰু। এনে কৰিলে ব্যক্তিজনে শনিৰ ক্ৰোধৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। শনি দেৱৰ পূজাত সদায় লোহা বা তীখাৰ বাচন ব্যৱহাৰ কৰিব লাগে।
  • ভুলতেও শনি দেৱক ৰঙা ৰঙৰ ফুল, ৰঙা ৰঙৰ কাপোৰ ইত্যাদি আগবঢ়াব নালাগে, কাৰণ এই ৰং মংগল গ্ৰহৰ। শনি আৰু মংগল গ্ৰহ ইটোৱে সিটোৰ বিপৰীত। শনি দেৱক নাৰ্জী ফুল আগবঢ়াব নালাগে। এনে কৰিলেও তেওঁৰ খং উঠে।
  • ইয়াৰ বাহিৰেও শনি দেৱৰ পূজাত হালধীয়া চন্দন ব্যৱহাৰ কৰিব নালাগে। শনি মহাৰাজক সদায় ৰঙা চন্দন আগবঢ়াওক। এনে কৰিলে শনিৰ অশুভ প্ৰভাৱ কমি যায়।
যকৃত বিকল হ'লে চকু, হাত আৰু ভৰিত কি কি লক্ষণে দেখা দিয়ে? জানক...
এইসমূহ খাদ্য গ্ৰহণ কৰে নেকি? হ'ব পাৰে বৃক্ক পৰ্যন্ত বিকল...
ওলোটাকৈ খোজ কাঢ়িলে শৰীৰৰ কি কি লাভ হয়?
কোষ্ঠকাঠিন্যৰ সৈতে যুঁজি আছে নেকি? আজিয়েই এই প্ৰাকৃতিক ঘৰুৱা উপায় গ্ৰহণ কৰক