Daily Horoscope: আজি সোমবাৰে মহাদেৱৰ আশীৰ্বাদপুষ্ট হ’ব এইকেইটা ৰাশিৰ লোক, চাওক আপোনাৰ ৰাশিফল
ধৰ্ম বিশ্বাসী লোকসকলে এই দিনটোক বিশেষ মান্যতা দিয়া পৰিলক্ষিত হয়। ৰাশিফল অনুসৰি আজি সোমবাৰৰ দিনটো কিছু ৰাশিৰ বাবে শুভ আৰু কিছু ৰাশিৰ বাবে অশুভ দেখা গৈছে। আজিৰ ৰাশিফলে আপোনাৰ ৰাশি সন্দৰ্ভত কি আগজাননী কৰিছে, চাওক।

আজিৰ ৰাশিফল
আজি ১৭ নৱেম্বৰ, সোমবাৰ। সাধাৰণতে সোমবাৰ দিনটোক ভগৱান শিৱৰ দিন বুলি কোৱা হয়। গতিকে ধৰ্ম বিশ্বাসী লোকসকলে এই দিনটোক বিশেষ মান্যতা দিয়া পৰিলক্ষিত হয়। ৰাশিফল অনুসৰি আজি সোমবাৰৰ দিনটো কিছু ৰাশিৰ বাবে শুভ আৰু কিছু ৰাশিৰ বাবে অশুভ দেখা গৈছে। আজিৰ ৰাশিফলে আপোনাৰ ৰাশি সন্দৰ্ভত কি আগজাননী কৰিছে, চাওক-
মেষ ৰাশিৰ ৰাশিফল
যি কামতে হাত দিব, সফলতা নিশ্চিত। কামৰ সময়ত পিছে মন কিছু বিচ্ছিন্ন হ’ব পাৰে। কোনো কামৰ ক্ষেত্ৰত মনত সন্দেহ হ’লে সেই কামত আগনাবাঢ়িব। নিজৰ খেয়ালী স্বভাৱৰ বাবে কিছু টেনচন হ’ব পাৰে। ধনৰ বাবে অসম্পূৰ্ণ হৈ থকা কাম পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।
বৃষ ৰাশিৰ ৰাশিফল
ঘৰত চলি থকা সমস্যা বহুখিনি দূৰ হ’ব। চাকৰিৰ চিন্তাত থকাসকলে সুখবৰ পাব। সংগীৰ সৈতে সাক্ষাৎ হ’ব। নতুন পৰিকল্পনাৰ কথা আলোচনা কৰিব। পৰিয়ালৰ বিষয়সমূহ একেলগে বহি সমাধান কৰিলে ভাল হ’ব। অংশীদাৰিত্বৰে কৰা কামৰ ক্ষেত্ৰত ভালদৰে বিবেচনা কৰি আগবাঢ়িব লাগিব।
মিথুন ৰাশিৰ ৰাশিফল
নিজৰ চখ পূৰণাৰ্থে কোনো সামগ্ৰী ক্ৰয়ৰ বাবে খৰচ বাঢ়িব। বাহন ব্যৱহাৰৰ সময়ত সাৱধান হওক। নিজা কথা-বতৰা তথা আচৰণত নিয়ন্ত্ৰণ বজাই ৰাখক। পিকনিকৰ পৰিকল্পনা কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে ক্ৰীড়া প্ৰতিযোগিতাত অংশ ল’ব।
কৰ্কট ৰাশিৰ ৰাশিফল
ঘৰত নতুন কাম আৰম্ভ কৰিব পাৰে, তাৰ বাবে লোনৰ বাবে আবেদন কৰিব পাৰে। ব্যক্তিগত জীৱনৰ কথা বাহিৰৰ মানুহৰ লগত নক’ব। শাৰীৰিক সমস্যাক অৱহেলা নকৰিব। পিতৃৰ লগত কোনো বিষয়ত মতানৈক্য হ’ব পাৰে।
সিংহ ৰাশিৰ ৰাশিফল
ব্যৱসায়ৰ সমস্যাত চিন্তিত হ’ব, ভালদৰে বিচাৰ বিবেচনা কৰি আগবাঢ়িব লাগিব। কোনো ধাৰ্মিক অনুষ্ঠানত যোগদান কৰিব। সিদ্ধান্ত লোৱাৰ ক্ষমতা ভাল হ’ব আৰু সন্মান বৃদ্ধিৰ বাবে মন আনন্দিত হ’ব। পৰিয়ালৰ কোনো সদস্যৰ কথাত খং উঠিব পাৰে।
কন্যা ৰাশিৰ ৰাশিফল
নতুন ঠাইত কামৰ সুযোগ পাব। পুৰণি ভুলৰ পৰা শিক্ষা ল’ব লাগিব। ভালদৰে বিবেচনা কৰি বিনিয়োগ কৰিলে ভৱিষ্যতে আৰ্থিক স্থিতি মজবুত হ’ব। জীৱনসংগীয়ে কেৰিয়াৰত উন্নতিৰ মুখ দেখিব। ভাতৃ-ভগ্নীৰ লগত বিবাদ হ’ব পাৰে। ছাত্ৰ-ছাত্ৰীৰ বাবে উত্তম দিন।
তুলা ৰাশিৰ ৰাশিফল
ব্যৱসায় কৰাসকলে সুখবৰ পাব। কামৰ ক্ষেত্ৰত নতুন পৰিকল্পনা কৰি আগবাঢ়িব লাগিব। বিশেষ ব্যক্তিৰ লগত সাক্ষাৎ হ’ব। ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। খাদ্যাভ্যাসত গুৰুত্ব দিয়ক। আনৰ ভৰসাত এৰি দিলে যিকোনো কাম অসম্পূৰ্ণ হৈ থাকিব পাৰে।
বৃশ্চিক ৰাশিৰ ৰাশিফল
সন্তানে আপোনাৰ ইচ্ছাৰ বিৰুদ্ধে কাম কৰিলে সম্পৰ্কত কিছু জটিলতা আহিব পাৰে। সঠিক বিচাৰ বুদ্ধিৰে সিদ্ধান্ত ল’ব লাগিব। সৃজনশীল কামত আগ্ৰহ বাঢ়িব। অকাৰণতে দৌৰাদৌৰিৰ বাবে ভাগৰুৱা অনুভৱ কৰিব। অসম্পূৰ্ণ হৈ থকা কোনো চৰকাৰী কামৰ সমাধান হ’ব পাৰে।
ধনু ৰাশিৰ ৰাশিফল
আজি ইতিবাচক ফল আহিব। কৰ্মক্ষেত্ৰত আপোনাৰ অহিত চিন্তকৰ ষড়যন্ত্ৰৰ সন্মুখীন হ’ব পাৰে, সেয়ে সাৱধান হৈ থাকক। পুৰণি ভুলৰ পৰা শিক্ষা ল’ব লাগিব। ঘৰত কোনো ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰিব পাৰে। দূৰত থকা কোনো আত্মীয়ৰ পৰা নিৰাশাজনক খবৰ আহিব পাৰে।
মকৰ ৰাশিৰ ৰাশিফল
নতুন বাহন ক্ৰয় কৰিব পাৰে। আজি পৰিশ্ৰমৰ দিন হ’ব। কৰ্মক্ষেত্ৰত বছক সন্তুষ্ট কৰিব পাৰিলে পদোন্নতিৰ সম্ভাৱনা আছে। জীৱনসংগীৰ পৰা কোনো চমকপ্ৰদ উপহাৰ পাব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ সমস্যাৰ দিশক উলাই নকৰিব।
কুম্ভ ৰাশিৰ ৰাশিফল
পৰিয়ালৰ যিকোনো বিষয় একেলগে বহি সমাধান কৰক। কোনো কথাত মনত চিন্তা থাকিলে পিতৃৰ লগত আলোচনা কৰিব পাৰে। খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। নতুন ঘৰৰ পৰিকল্পনা থাকিলে আয়ৰ কথা মনত ৰাখিব লাগিক। সন্তানে দিয়া দায়িত্বৰ বাবে খৰচ কিছু বৃদ্ধি হ’ব।
মীন ৰাশিৰ ৰাশিফল
কৰ্মক্ষেত্ৰত খৰধৰ কৰাৰ ফলত গুৰুতৰ ভুল হ’ব পাৰে। বছৰ কথাত খং উঠিব পাৰে, সাৱধানে কথা কওক। ব্যৱসায়ত মনোমত লাভ হোৱাৰ বাবে আনন্দিত হ’ব। ভ্ৰমণৰ সময়ত গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব। পৰিয়ালৰ লগত পিকনিকৰ পৰিকল্পনা হ’ব পাৰে। ভালদৰে বিবেচনা কৰি যিকোনো সিদ্ধান্ত ল’ব লাগিব।