Daily Horoscope: মিথুনসহ এইকেইটা ৰাশিৰ লোক আজি হওক সাৱধানঃ চাওক আপোনাৰ ৰাশিফল….

আজি ৭ জুন, শনিবাৰ। জ্যোতিষীসকলে গ্ৰহ নক্ষত্ৰৰ গণনাৰে আন দিনাৰ দৰে আজিৰ দিনটোৰো ৰাশিফল প্ৰকাশ কৰিছে। ৰাশিফল অনুসৰি আজি অধিকাংশ ৰাশিৰ লোকৰ বাবে দিনটো শুভ যদিও কেইটামান ৰাশিৰ লোকৰ বাবে দিনটো কিছু চিন্তনীয়। চাওঁ আহক ভিন্ন ৰাশি অনুসাৰে আজি দিনটোৰ ৰাশিফল।

Daily Horoscope: মিথুনসহ এইকেইটা ৰাশিৰ লোক আজি হওক সাৱধানঃ চাওক আপোনাৰ ৰাশিফল....

আজিৰ ৰাশিফল

Published: 

07 Jun 2025 06:00 AM

আজি ৭ জুন, শনিবাৰ। জ্যোতিষ শাস্ত্ৰত শনিবাৰ দিনটোৰ যথেষ্ট মহত্ব আছে। সেয়ে জ্যোতিষ শাস্ত্ৰ আৰু ৰাশিফলত বিশ্বাস থকা লোকসকলে আজিৰ দিনটোৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হয়। জ্যোতিষীসকলে গ্ৰহ নক্ষত্ৰৰ গণনাৰে আন দিনাৰ দৰে আজিৰ দিনটোৰো ৰাশিফল প্ৰকাশ কৰিছে। ৰাশিফল অনুসৰি আজি অধিকাংশ ৰাশিৰ লোকৰ বাবে দিনটো শুভ যদিও কেইটামান ৰাশিৰ লোকৰ বাবে দিনটো কিছু চিন্তনীয়। চাওঁ আহক ভিন্ন ৰাশি অনুসাৰে আজি দিনটোৰ ৰাশিফল-

মেষ ৰাশিৰ ৰাশিফল

সামাজিক ক্ষেত্ৰসমূহৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। আৰ্থিক দিশত শুভ। বন্ধু-বান্ধৱীৰ সৈতে মনোৰঞ্জনধৰ্মী কাৰ্যসূচীৰ পৰিকল্পনা কৰিব পাৰে। চৰকাৰী চাকৰিত কৰ্মৰত লোকসকলে বদলিৰ বাবে এঠাইৰ পৰা আন ঠাইলৈ যাব লগা হ’ব পাৰে। পত্নীৰ অনুভৱক সন্মান কৰিব লাগিব। প্ৰেমত শুভ।

বৃষ ৰাশিৰ ৰাশিফল

উপাৰ্জনৰ উৎস বাঢ়িব। যিকোনো ইচ্ছা পূৰণ কৰিব পাৰিব। বন্ধু-বান্ধৱীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। খৰচৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিব লাগিব। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ সমস্যা আছিল যদি সেই চিন্তা দূৰ হ’ব। সন্তানৰ উন্নতি হ’ব। বহুদিনৰ মূৰত পুৰণি বন্ধুৰ সৈতে সাক্ষাৎ হ’ব।

মিথুন ৰাশিৰ ৰাশিফল

ভাতৃ-ভগ্নীৰ পৰা পূৰ্ণ সমৰ্থন লাভ কৰিব। ধাৰ্মিক ভাৱ বৃদ্ধি পাব। পিতৃৰ স্বাস্থ্যৰ প্ৰতি সাৱধান হোৱা প্ৰয়োজন হ’ব। চাকৰিত কোনো সমস্যাৰ সন্মুখীন হৈছিল যদি আন কোনো চাকৰিৰ বাবে আজি আবেদন কৰিব পাৰে। ঘৰলৈ কোনো নতুন অতিথিৰ আগমন হ’ব পাৰে। যান-বাহন ব্যৱহাৰ কৰাৰ সময়ত সাৱধান হ’ব লাগিব।

কৰ্কট ৰাশিৰ ৰাশিফল

এই ৰাশিৰ লোকৰ বাবে আজি দিনটো কিছু চিন্তনীয় হ’ব। অচিনাকি ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰখা ভাল হ’ব। স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব। পৰিয়ালৰ মাজত কিছু মতভেদ হ’ব পাৰে। বৈবাহিক জীৱনত যদি কোনো সংঘাত হৈছিল, সেয়া আজি দূৰ হ’ব। শিক্ষাৰ্থীসকলৰ বাবে শুভ।

সিংহ ৰাশিৰ ৰাশিফল

আৰ্থিক দিশত শুভ। বৃদ্ধিৰ উৎসসমূহৰ প্ৰতি আপুনি সম্পূৰ্ণ মনোযোগ দিব। কামত একাগ্ৰতা বৃদ্ধি পাব। নতুন চাকৰিৰ অফাৰে সুখী কৰিব। দূৰৈৰ আত্মীয়ৰ পৰা কোনো হতাশাজনক খবৰ শুনিবলৈ পাব পাৰে। সন্তানৰ শিক্ষাৰ প্ৰতি গুৰুত্ব দিব।

কন্যা ৰাশিৰ ৰাশিফল

আৰ্থিক দিশত মধ্যমীয়া। শিক্ষাৰ্থীৰ বাবে শুভ। কৰ্মক্ষেত্ৰত নিজৰ ভুলৰ বাবে কৰ্তৃপক্ষৰ দ্বাৰা অপমানিত হ’ব পাৰে। অচিনাকি লোকক বিশ্বাস কৰিলে প্ৰতাৰিত হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ কোনো বয়োজ্যেষ্ঠ ব্যক্তিৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। কোনো কাম যদি বহুদিনৰ পৰা অসম্পূৰ্ণ হৈ আছিল, আজি সম্পূৰ্ণ কৰিব পাৰিব।

তুলা ৰাশিৰ ৰাশিফল

সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। কামৰ অধিক চাপৰ বাবে মানসিকভাৱে কিছু অশান্তি পাব পাৰে। বৌদ্ধিক আৰু মানসিক বোজাৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে সকাহ পাব। ভ্ৰমণৰ পৰিকল্পনা কৰিছিল যদি কিছু সাৱধান হোৱা উচিত হ’ব। আৰ্থিক দিশত মধ্যমীয়া। আত্মীয়ৰ সৈতে পুৰণি বাদ-বিবাদ পুনৰ চৰ্চাৰ পৰা বিৰত থাকিব।

বৃশ্চিক ৰাশিৰ ৰাশিফল

প্ৰেমত শুভ। সংগীৰ সৈতে সাক্ষাৎ হ’ব। পৰিয়ালৰ মাজত যদি কোনো কথাত মতভেদ হৈছিল, সেয়া দূৰ হ’ব। কোনো কামক লৈ মনত শংকা থাকিলে, সেই কৰ্মত আগবঢ়াৰ পৰা বিৰত থকা উচিত হ’ব। আৰ্থিক দিশত শুভ। কোনো মনোৰঞ্জনধৰ্মী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। নতুন কামৰ প্ৰতি ইচ্ছা বৃদ্ধি পাব।

ধনু ৰাশিৰ ৰাশিফল

আৰ্থিক দিশত শুভ। পূৰ্বপুৰুষৰ কোনো সম্পত্তি উত্তৰাধিকাৰ সূত্ৰে লাভ কৰিব পাৰে। খৰচ বৃদ্ধি পাব পাৰে। ঘৰতে ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰিব পাৰে। নতুন সম্পত্তি ক্ৰয়ৰ যোগ। যি কামত হাত দিব সেই কামত আপুনি নিশ্চয় ভাল ফল লাভ কৰিব। ব্যক্তিত্বৰ উন্নতি হ’ব। সন্তানৰ কোনো কথাক লৈ চিন্তিত হ’ব পাৰে।

মকৰ ৰাশিৰ ৰাশিফল

আৰ্থিক দিশত শুভ। হেৰুৱা ধন ঘূৰাই পালে আপুনি সুখী হ’ব। ব্যৱসায়ৰ সৈতে জড়িত কিছুমান কামৰ বাবে ভ্ৰমণ কৰিবলগা হ’ব পাৰে। বৈবাহিক জীৱন সুখকৰ হ’ব। মাতৃক কোনো প্ৰতিশ্ৰুতি দিছিল যদি আজি পূৰ কৰিব পাৰিব। খাদ্যাভ্যাস নিয়ন্ত্ৰণ কৰিব লাগিব, অন্যথা পেটৰ লগত জড়িত সমস্যাৰ সন্মুখীন হ’ব পাৰে।

কুম্ভ ৰাশিৰ ৰাশিফল

এই ৰাশিৰ লোকৰ বাবেও আজি আৰ্থিক দিশত শুভ। কোনো কথাক লৈ যদি মনত চিন্তা আছিল, সেই চিন্তা দূৰ হ’ব। আপোনাৰ কিছুমান আইনী বিষয় সমাধান হ’ব পাৰে আৰু ইয়াৰ ফলত পূৰ্বপুৰুষৰ সম্পত্তিও লাভ কৰিব পাৰে। ইলেক্ট্ৰনিক সামগ্ৰীৰে কাম কৰা লোকসকলে আজি ভাল সুবিধা লাভ কৰিব পাৰে।

মীন ৰাশিৰ ৰাশিফল

আৰ্থিক দিশৰ পৰা দিনটো শুভ। ধৰ্মীয় কামত যথেষ্ট অৰ্থ ব্যয়  কৰিব আৰু দৰিদ্ৰ লোকৰ সহায়ৰ বাবেও আগবাঢ়ি আহিব, কিন্তু খৰচৰ ওপৰত কিছু নিয়ন্ত্ৰণ কৰিব লাগিব। অচিনাকি মানুহৰ পৰা দূৰত্ব বজাই ৰাখিব লাগিব। পৰিয়ালৰ কোনো সদস্যৰ বিবাহৰ আলোচনা চলি আছিল যদি আজি বিবাহ নিশ্চিত হ’ব। ব্যৱসায়ৰ ক্ষেত্ৰত সঠিক পৰিকল্পনা কৰিহে আগবঢ়া উচিত হ’ব।

কেতিয়াও নষ্ট নহয়, ফ্ৰীজত মাংস সংৰক্ষণ কৰাৰ আগতে এই কথা মনত ৰাখক...
মৃত্যুৰ পিছত আত্মাই কেতিয়া নতুন শৰীৰ লাভ কৰে? কিদৰে কৰা হয় কৰ্মৰ ফলৰ বিচাৰ?
শৰীৰত ইউৰিক এচিড বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? সবিশেষ জানক
ডিঙি আৰু ভৰিৰ বিষ কিয় হয়? জানক ই কোনটো ৰোগৰ লক্ষণ...