পত্নীৰ ওপৰত আতিশয্য চলোৱা লোকে কেনে শাস্তি পায়? গৰুড় পুৰাণে কৰিছে বাখ্যা

গাৰ্হস্থ্য হিংসাক সামাজিক মান্যতাৰ লগতে আইনৰ আধাৰত এক গুৰুতৰ অপৰাধ আখ্যা দিয়া হয়। আইনৰ আধাৰত পত্নীৰ ওপৰত নিৰ্যাতন চলোৱা লোকক শাস্তি প্ৰদান কৰা হয়। গৰুড় পুৰাণতো পত্নীৰ ওপৰত কৰা নিষ্ঠুৰতাৰ বাবে এক অত্যন্ত ভয়ানক নৰকৰ বৰ্ণনা কৰা হৈছে। জানো আহক এইবিষয়ে।

পত্নীৰ ওপৰত আতিশয্য চলোৱা লোকে কেনে শাস্তি পায়? গৰুড় পুৰাণে কৰিছে বাখ্যা

গৰুড় পুৰাণ

Published: 

16 Dec 2025 | 08:19 AM

হিন্দু ধৰ্মৰ ১৮ খন মহাপুৰাণৰ ভিতৰত অন্যতম মহাপুৰাণ গৰুড় পুৰাণ। সেয়ে এই ধৰ্ম শাস্ত্ৰক হিন্দু ধৰ্মত অত্যন্ত মান্যতা প্ৰদান কৰা হয়। বিশ্বব্ৰহ্মাণ্ডৰ ৰক্ষক ভগৱান বিষ্ণু আৰু পক্ষীৰাজ গৰুড়ৰ সংলাপৰ ওপৰত আধাৰিত এই ধৰ্মশাস্ত্ৰখন। গৰুড় পুৰাণত আত্মাৰ যাত্ৰা, জীৱন, মৃত্যু, পুনৰ্জন্ম, ধৰ্ম, ভক্তি আৰু মোক্ষৰ ৰহস্যৰ বিষয়ে ব্যাখ্যা কৰা হৈছে। গৰুদ পুৰাণত স্বৰ্গ আৰু নৰক সন্দৰ্ভত বিশদ বৰ্ণনা কৰা হৈছে। ইয়াৰ উপৰিও আত্মাই নিজৰ কৰ্ম অনুযায়ী লাভ কৰা শাস্তিসমূহৰো বৰ্ণনা কৰা হৈছে।

গাৰ্হস্থ্য হিংসাক সামাজিক মান্যতাৰ লগতে আইনৰ আধাৰত এক গুৰুতৰ অপৰাধ আখ্যা দিয়া হয়। আইনৰ আধাৰত পত্নীৰ ওপৰত নিৰ্যাতন চলোৱা লোকক শাস্তি প্ৰদান কৰা হয়। গৰুড় পুৰাণতো পত্নীৰ ওপৰত কৰা নিষ্ঠুৰতাৰ বাবে এক অত্যন্ত ভয়ানক নৰকৰ বৰ্ণনা কৰা হৈছে। পত্নীৰ ওপৰত কৰা অত্যাচাৰৰ বাবে আত্মা কোন নৰকলৈ পঠিওৱা হয় আৰু কি শাস্তি দিয়া হয়, জানো আহক।

গৰুড় পুৰাণ অনুসৰি শাস্তি

গৰুড় পুৰাণৰ সপ্তম অধ্যায় অনুসৰি মৃত্যুৰ পিছত পত্নীক বেয়া ব্যৱহাৰ কৰা সকলৰ আত্মাক ৰৌৰৱ নৰকলৈ পঠিওৱা হয়। এই নৰকত ৰুৰু নামৰ এক উগ্ৰ সাপে বাস কৰে। এই সাপে নিষ্ঠুৰ আচৰণ আৰু পত্নীৰ লগত বেয়া ব্যৱহাৰ কৰা সকলৰ আত্মাক ধাৰাবাহিকভাৱে দংশন কৰে বুলি গৰুড় পুৰাণত কোৱা হৈছে।

ইফালে পত্নীৰ লগত সম্পৰ্ক থকাৰ পিছতো আন এগৰাকী নাৰীৰ লগত সম্পৰ্ক থকা ব্যক্তিৰ আত্মাক ‘কুম্ভিনীপাক’ নামৰ ভয়ানক নৰকলৈ পঠিওৱা হয়। এই নৰকত আত্মাক সময় অনুযায়ী শাস্তি দিয়া হয়। গৰুড় পুৰাণত স্পষ্টকৈ উল্লেখ আছে যে নিজৰ পত্নীৰ প্ৰতি বিশ্বাসী হোৱাটো অতি প্ৰয়োজনীয়। কোনো প্ৰকাৰে নিজৰ পত্নীক প্ৰতাৰণা কৰা উচিত নহয়। তেনে কৰাটো এটা গুৰুতৰ পাপ।

পত্নীৰ প্ৰতি সন্মান অতি গুৰুত্বপূৰ্ণ

যিসকল লোকে নিজৰ পত্নীৰ অনুভৱক আওকাণ কৰে, দুৰ্ব্যৱহাৰ কৰে আৰু বলপূৰ্বকভাৱে কাম কৰিবলৈ বাধ্য কৰে, তেওঁলোক কেৱল নিজৰ সাংসাৰিক জীৱনতে নহয়, আধ্যাত্মিক জীৱনতো পতনৰ সন্মুখীন হয়। এনে লোকে গুৰুতৰ পাপ কৰে। গৰুড় পুৰাণত পত্নীক সন্মান কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...