পত্নীৰ ওপৰত আতিশয্য চলোৱা লোকে কেনে শাস্তি পায়? গৰুড় পুৰাণে কৰিছে বাখ্যা

গাৰ্হস্থ্য হিংসাক সামাজিক মান্যতাৰ লগতে আইনৰ আধাৰত এক গুৰুতৰ অপৰাধ আখ্যা দিয়া হয়। আইনৰ আধাৰত পত্নীৰ ওপৰত নিৰ্যাতন চলোৱা লোকক শাস্তি প্ৰদান কৰা হয়। গৰুড় পুৰাণতো পত্নীৰ ওপৰত কৰা নিষ্ঠুৰতাৰ বাবে এক অত্যন্ত ভয়ানক নৰকৰ বৰ্ণনা কৰা হৈছে। জানো আহক এইবিষয়ে।

পত্নীৰ ওপৰত আতিশয্য চলোৱা লোকে কেনে শাস্তি পায়? গৰুড় পুৰাণে কৰিছে বাখ্যা

গৰুড় পুৰাণ

Published: 

16 Dec 2025 08:19 AM

হিন্দু ধৰ্মৰ ১৮ খন মহাপুৰাণৰ ভিতৰত অন্যতম মহাপুৰাণ গৰুড় পুৰাণ। সেয়ে এই ধৰ্ম শাস্ত্ৰক হিন্দু ধৰ্মত অত্যন্ত মান্যতা প্ৰদান কৰা হয়। বিশ্বব্ৰহ্মাণ্ডৰ ৰক্ষক ভগৱান বিষ্ণু আৰু পক্ষীৰাজ গৰুড়ৰ সংলাপৰ ওপৰত আধাৰিত এই ধৰ্মশাস্ত্ৰখন। গৰুড় পুৰাণত আত্মাৰ যাত্ৰা, জীৱন, মৃত্যু, পুনৰ্জন্ম, ধৰ্ম, ভক্তি আৰু মোক্ষৰ ৰহস্যৰ বিষয়ে ব্যাখ্যা কৰা হৈছে। গৰুদ পুৰাণত স্বৰ্গ আৰু নৰক সন্দৰ্ভত বিশদ বৰ্ণনা কৰা হৈছে। ইয়াৰ উপৰিও আত্মাই নিজৰ কৰ্ম অনুযায়ী লাভ কৰা শাস্তিসমূহৰো বৰ্ণনা কৰা হৈছে।

গাৰ্হস্থ্য হিংসাক সামাজিক মান্যতাৰ লগতে আইনৰ আধাৰত এক গুৰুতৰ অপৰাধ আখ্যা দিয়া হয়। আইনৰ আধাৰত পত্নীৰ ওপৰত নিৰ্যাতন চলোৱা লোকক শাস্তি প্ৰদান কৰা হয়। গৰুড় পুৰাণতো পত্নীৰ ওপৰত কৰা নিষ্ঠুৰতাৰ বাবে এক অত্যন্ত ভয়ানক নৰকৰ বৰ্ণনা কৰা হৈছে। পত্নীৰ ওপৰত কৰা অত্যাচাৰৰ বাবে আত্মা কোন নৰকলৈ পঠিওৱা হয় আৰু কি শাস্তি দিয়া হয়, জানো আহক।

গৰুড় পুৰাণ অনুসৰি শাস্তি

গৰুড় পুৰাণৰ সপ্তম অধ্যায় অনুসৰি মৃত্যুৰ পিছত পত্নীক বেয়া ব্যৱহাৰ কৰা সকলৰ আত্মাক ৰৌৰৱ নৰকলৈ পঠিওৱা হয়। এই নৰকত ৰুৰু নামৰ এক উগ্ৰ সাপে বাস কৰে। এই সাপে নিষ্ঠুৰ আচৰণ আৰু পত্নীৰ লগত বেয়া ব্যৱহাৰ কৰা সকলৰ আত্মাক ধাৰাবাহিকভাৱে দংশন কৰে বুলি গৰুড় পুৰাণত কোৱা হৈছে।

ইফালে পত্নীৰ লগত সম্পৰ্ক থকাৰ পিছতো আন এগৰাকী নাৰীৰ লগত সম্পৰ্ক থকা ব্যক্তিৰ আত্মাক ‘কুম্ভিনীপাক’ নামৰ ভয়ানক নৰকলৈ পঠিওৱা হয়। এই নৰকত আত্মাক সময় অনুযায়ী শাস্তি দিয়া হয়। গৰুড় পুৰাণত স্পষ্টকৈ উল্লেখ আছে যে নিজৰ পত্নীৰ প্ৰতি বিশ্বাসী হোৱাটো অতি প্ৰয়োজনীয়। কোনো প্ৰকাৰে নিজৰ পত্নীক প্ৰতাৰণা কৰা উচিত নহয়। তেনে কৰাটো এটা গুৰুতৰ পাপ।

পত্নীৰ প্ৰতি সন্মান অতি গুৰুত্বপূৰ্ণ

যিসকল লোকে নিজৰ পত্নীৰ অনুভৱক আওকাণ কৰে, দুৰ্ব্যৱহাৰ কৰে আৰু বলপূৰ্বকভাৱে কাম কৰিবলৈ বাধ্য কৰে, তেওঁলোক কেৱল নিজৰ সাংসাৰিক জীৱনতে নহয়, আধ্যাত্মিক জীৱনতো পতনৰ সন্মুখীন হয়। এনে লোকে গুৰুতৰ পাপ কৰে। গৰুড় পুৰাণত পত্নীক সন্মান কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে।

এই ৫ টা লক্ষণে আপোনাক কিডনী সংক্ৰমণৰ ইংগিত দিব পাৰে...
এই ৫ টা সহজ অভ্যাসে আপোনাৰ চুগাৰ নিয়ন্ত্ৰণত ৰাখিব...
বাৰীৰ নেমুটি আপোনাৰ স্বাস্থ্যৰ বাবে হৈ পৰে মহৌষধ, জানেনে এনে উপকাৰিতাৰ কথা
জীৱনলৈ বেয়া দিন অহাৰ পূৰ্বে ইশ্বৰে দিয়ে এই ৫ সংকেত! জানক...
দুৰ্বল নেকি জুবিন গাৰ্গৰ চাৰ্জশ্বীট? কি ক'লে মুখ্যমন্ত্ৰীয়ে...
অখিল গগৈ কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
মেছিক চাবলৈ নাপাই কলকাতাৰ ষ্টেডিয়ামত উত্তপ্ত পৰিস্থিতি...
কলকাতাত নিজৰেই প্ৰতিমূৰ্তি উন্মোচন মেছিৰ...