আজি গণেশ চতুৰ্থীঃ এই শুভ সময়ত পূজা কৰিলে পাব ভাল ফল…

Ganesh Chaturthi 2025: আজি গণেশ চতুৰ্থী। ধৰ্মীয় মান্যতা অনুসৰি, এই দিনটোত ভগৱান গণেশক পূজা কৰিলে শুভ ফল পোৱা যায়। গণেশে ভক্তৰ জীৱন সুখ- সমৃদ্ধিৰে ভৰাই তোলে।

আজি গণেশ চতুৰ্থীঃ এই শুভ সময়ত পূজা কৰিলে পাব ভাল ফল...

শ্ৰীগণেশ

Published: 

01 Feb 2025 10:15 AM

আজি গণেশ চতুৰ্থী। এই দিনটো ভগৱান গণেশৰ প্ৰতি উৎসৰ্গিত আৰু আজিৰ দিনটোত সঠিক ৰীতি-নীতিৰে গণপতিক পূজা কৰিলে জীৱনত সুখ, সমৃদ্ধি আৰু বাধাৰ পৰা মুক্তি পোৱা যায় বুলি কোৱা হয়। এইবাৰ গণেশ চতুৰ্থীৰ সময়ত বহু শুভ সংযোগ ঘটিছে, যাৰ ফলত পূজাৰ গুৰুত্ব আৰু অধিক বৃদ্ধি পাইছে। বহু ভক্তই এই দিনটোত ব্ৰতত থাকি গণেশক পূজা আগবঢ়ায়।

শুভ সময়

পঞ্জিকাত উল্লেখ থকা অনুসৰি মাঘ মাহৰ শুক্ল পক্ষৰ চতুৰ্থী ১ ফেব্ৰুৱাৰী শনিবাৰৰ পুৱা ১১:৩৮ বজাৰ পৰা আৰম্ভ হ’ব। এই চতুৰ্থীক পূজাৰ অভিজিৎ মূহুৰ্ত দুপৰীয়া ১২.০৮ বজাৰ পৰা ১২.৪৮ বজালৈ। ৰবি যোগ চলিব পুৱা ৭.১৪ বজাৰ পৰা নিশা ১০.২২ বজালৈ। ইয়াৰোপৰি গোধূলি মূহুৰ্ত সন্ধিয়া ৫:৩৪ বজাৰ পৰা সন্ধিয়া ৬:০২ বজালৈ হ’ব। এই শুভ সময়ত পূজা কৰিলে গণেশৰ আশীৰ্বাদ লাভ কৰিব।

শুভ সংযোগ আৰু মহত্ব

এইবাৰ বিনায়ক চতুৰ্থীৰ দিনা ৰবি যোগ, সিদ্ধি যোগ অথবা অন্যান্য শুভ যোগৰ সংমিশ্ৰণেৰে পূজাৰ ফলাফল বহুগুণে বৃদ্ধি কৰিব। বিশ্বাস অনুসৰি এই যোগত পূজা কৰিলে ভগৱান গনেশে আশীৰ্বাদ দিয়ে আৰু ভক্তৰ মনৰ কামনা পূৰ্ণ হয়। ভগৱান গণেশে সকলো বিপদ বিঘিনি দূৰ কৰি ভক্তৰ জীৱন সুখ সমৃদ্ধি, সৌভাগ্যৰে ভৰাই তোলে।

পূজা বিধি

এই দিনা বহু মানুহে ব্ৰত ৰাখে। গতিকে পুৱা গা ধুই প্ৰথমে পৰিষ্কাৰ কাপোৰ পৰিধান কৰক। ভগৱান গণেশক ৰঙা ফুল, দুৱৰি বন, মোডাক আৰু অক্ষত অৰ্পণ কৰক। ধূপ, চাকি, ধূনা আদি জ্বলাই গণেশ মন্ত্ৰ জপ কৰক। গণেশ চলিছা পঢ়িব পাৰে। ভগৱান গণেশক খাদ্য অৰ্পণ কৰি প্ৰসাদ বিতৰণ কৰক।

মহত্ব

হিন্দু ধৰ্মত গণেশ চতুৰ্থীৰ মহত্ব অধিক। ধৰ্মীয় মান্যতা অনুসৰি, এই দিনটোত ব্ৰত ৰাখি ভগৱান গণেশৰ পূজা কৰিলে ভাল ফল পোৱা যায়। এই দিনটোত ভগৱান গণেশক পূজা কৰিলে জ্ঞান আৰু সমৃদ্ধি পোৱা যায়। এই ব্ৰত সন্তান জন্মৰ বাবেও অতি ফলপ্ৰসূ বুলি গণ্য কৰা হয়। কোৱা হয়, এই  দিনটোত দান কৰিলে গণেশৰ আশীৰ্বাদ পোৱা যায়। এই ব্ৰতে বুদ্ধিমত্তা, জ্ঞান, ব্যৱসায়ৰ ক্ষেত্ৰত অগ্ৰগতি প্ৰদান কৰে। বিশেষকৈ গ্ৰহৰ দোষৰ পৰা সকাহ পোৱা যায়। এক কথাত, গণেশৰ পূজা কৰিলে জীৱনৰ পৰা সকলো অপায় অমংগল দূৰ হোৱাৰ লগতে জীৱন সুখ- সমৃদ্ধিৰে ভৰি পৰে।

 

(স্পষ্টীকৰণঃ ওপৰোক্ত লেখাটো ধৰ্মীয় মান্যতা তথা বিশ্বাসৰ ওপৰত ভিত্তি কৰি লিখা হৈছে। ইয়াৰ সত্যাসত্যৰ ক্ষেত্ৰত টিভি৯ অসমৰ কোনো সম্পৰ্ক নাই। )

ফাইব্ৰইড কি ? গৰ্ভাৱস্থাত এই সমস্যা কেনেকৈ নিয়ন্ত্ৰণ কৰিব?
অতিমাত্ৰা খাদ্য খোৱাৰ ফলত এই ৫ টা গুৰুতৰ ৰোগ হ'ব পাৰে...
ভাৰত নে পাকিস্তান? কাৰ ওচৰত সৰ্বাধিক পাৰমাণৱিক অস্ত্ৰ আছে জানেনে? জানক কোন আছে আগত...
পোকে খোৱা দাঁতত খুব বিষ হয় নেকি? এই ঘৰুৱা উপায়ৰ দ্বাৰা পাব সকাহ...