শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Today’s horoscope: ভাল ফল লাভ কৰিব এই ৰাশিৰ লোকে! চাওক আজিৰ ৰাশিফল…

Today's horoscope: জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশিফল ১২ টা। আজিৰ দিনটোত কিছু ৰাশিৰ লোকৰ উন্নতি হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ বিপৰীতে কিছুমানৰ স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে।

Today’s horoscope: ভাল ফল লাভ কৰিব এই ৰাশিৰ লোকে! চাওক আজিৰ ৰাশিফল…
ৰাশিফলImage Credit source: GettyImage
barasha-sarma
Barasha Sarma | Published: 22 Aug 2025 06:00 AM

আজিৰ দিনটোৰ ৰাশিফল তলত উল্লেখ কৰা হ’ল-

মেঘ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল হ’ব। নতুন কিবা কৰাৰ চেষ্টা কৰিব। কিন্তু কামত সমস্যা আহিব পাৰে। ধনৰ লগত জড়িত সমস্যা সমাধান কৰাৰ চেষ্টা কৰিব। যদি কোনো দায়িত্ব লাভ কৰিছে তেন্তে সেয়া সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিব। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। কৰ্মক্ষেত্ৰত লাভ হ’ব।

বৃষ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে আনন্দময় হ’ব। সুখ সমৃদ্ধি হ’ব। ভ্ৰমণ সময়ত কোনো ডাঙৰ তথ্য লাভ কৰিব। লেনদেনৰ ক্ষেত্ৰত সমস্যা আহিব পাৰে। খেৰখেদাকৈ সিদ্ধান্ত গ্ৰহণ কৰিব। কোনো কথাক লৈ চিন্তা বৃদ্ধি হ’ব পাৰে। বন্ধুৰ সৈতে ভাল সময় কটাব। স্বাস্থ্যত গুৰুত্ব দিব।

মিথুন ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে আনন্দময় হ’ব। কোনো প্ৰিয় বস্তু উপাহাৰ হিচাপে লাভ কৰিব পাৰে। বাহন চলাওতে সাৱধান হ’ব। দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা। সংগীৰ সৈতে ভাল সময় কটাব। পিতৃ-মাতৃৰ স্বাস্থ্যত গুৰুত্ব দিব। শিক্ষাৰ্থীসকলৰ ভাল। দিনটো ভালদৰে যাব।

কৰ্কট ৰাশিঃ আজিৰ দিনটো আপোনাৰ ভালদৰে পাৰ হ’ব। আইনী কাম কাজে অশান্তি দিব পাৰে। কৰ্মক্ষেত্ৰত কোনোৱে বিশ্বাসঘাটকতা কৰিব পাৰে। আয়ৰ নতুন বাট মুকলি হ’ব। পৰিয়ালৰ সমস্যা আলোচনাৰ মাজেৰে দূৰ কৰাৰ চেষ্টা কৰিব। ঘৰৰ ওপৰত আনক মাত মাতিব নিদিব। ভাল খবৰ লাভ কৰিব।

সিংহ ৰাশিঃ খৰচৰ ওপৰত গুৰুত্ব দিব। মান-সন্মান বৃদ্ধি হ’ব। ঘৰৰ নতুন কাম আৰম্ভ হ’ব পাৰে। আপোনাৰ অভ্যাসৰ বাবে পৰিয়ালে আমনি পাব পাৰে। কাম সময়মতে পূৰ কৰাৰ চেষ্টা কৰিব। সংগীৰ সৈতে ভাল সময় কটাব। সম্পৰ্ক উন্নত হ’ব। শিক্ষাৰ্থীসকলে অধ্যয়নত গুৰুত্ব দিয়া ভাল। স্বাস্থ্য ভাল।

কন্যা ৰাশিঃ আজি স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিয়া প্ৰয়োজন। প্ৰযুক্তিৰ ক্ষেত্ৰত জড়িতসকলে সফলতা লাভ কৰিব। সিদ্ধান্ত সঠিক হ’ব। আনৰ কথাত বেছি বিশ্বাস নকৰিব। পৰিয়ালৰ সদস্যৰ বাধা দূৰ হ’ব। চিন্তা বাঢ়িব পাৰে। আনক ধন ধাৰলৈ নিদিব। সংগীৰ সৈতে ভাল।

তুলা ৰাশিঃ আজি আপুনি কোনো কামত সফলতা লাভ কৰিব। বিবাদৰ পৰা আঁতৰি থাকক। ব্যৱসায়ৰ পৰিকল্পনা কৰাসকলৰ বাবে ভাল। সম্পত্তিক লৈ কোনো বিবাদ হ’ব পাৰে। পৰিয়ালৰ সদস্যৰ ওপৰত গুৰুত্ব দিব। শত্ৰুয়ে অন্যায় কৰাৰ চেষ্টা কৰিব পাৰে। বুদ্ধি প্ৰয়োগ কৰিব। স্বাস্থ্য ভাল।

বৃশ্চিক ৰাশিঃ আৰ্থিক দিশৰ পৰা দিনটো ভাল। ঘৰত চলি থকা সমস্যাৰ সমাধান হ’ব। ঘৰত ধৰ্মীয় কোনো কামৰ আয়োজন হ’ব পাৰে। কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। দীৰ্ঘদিনীয়া ইচ্ছা পূৰণ হ’ব। বিপৰীত স্থিতি ধৈৰ্য ধৰি থাকিব। আনৰ কথাত হস্তক্ষেপ নকৰিব। স্বাস্থ্য ভাল।

ধনু ৰাশিঃ আজি আপোনাৰ দিন ভাল বেয়াৰ মাজেৰে পাৰ হ’ব। প্ৰেমত সমস্যা আহিব পাৰে যদিও সমাধান কৰাৰ চেষ্টা কৰিব। কোনো কথাত প্ৰয়োজন পৰিলে জ্যেষ্ঠজনৰ পৰামৰ্শ গ্ৰহণ লব। সন্তানৰ ফালৰ পৰা কোনো ভাল খবৰ লাভ কৰিব। ভ্ৰমণৰ সম্ভাৱনা আছে। স্বাস্থ্যত গুৰুত্ব দিব।

মকৰ ৰাশিঃ স্বাস্থ্য আজি ভালে থাকিব। কোনোৱে আপোনাৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। ব্যৱসায়ত অচিনাকী লোকৰ সৈতে লেনদেন নকৰিব। চাকৰিয়ালসকলে জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব। কামৰ ওপৰত গুৰুত্ব দিব। অন্যথা সমস্যা আহিব পাৰেয। ধনৰ সমস্যা দূৰ হ’ব।।

কুম্ভ ৰাশিঃ আজি আপোনাৰ বাবে দিনটো ভাল হ’ব। ঘৰলৈ আলহী আহিব পাৰে। পৰিয়ালত সুখ থাকিব। ধৰ্মীয় কাম-কাজত মন বাঢ়িব। আনৰ কথাত বিশ্বাস নকৰিব। বন্ধুৰ সৈতে মতানৈক্য হোৱাৰ সম্ভাৱনা। দায়িত্ব পূৰণৰ চেষ্টা কৰিব। এলাহ পৰিহাৰ কৰক। মনৰ ইচ্ছা পূৰ হ’ব পাৰে। ভ্ৰমণৰ প্ৰস্তুতি কৰিব পাৰে।

মীন ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। পাবলগীয়া ধন ঘূৰাই পাব। ব্যৱসায়ত লাভ হোৱাৰ সম্ভাৱনা আছে। অচিনাকী লোকৰ পৰা সহায় পাব পাৰে। কিবা নতুন কৰাৰ চেষ্টা কৰিব। প্ৰেমত শুভ। সংগীক লগ পাব পাৰে। কামৰ ক্ষেত্ৰত প্ৰত্যাহ্বান আহিব পাৰে। স্বাস্থ্যত গুৰুত্ব দিব।