Durga puja 2025: দুৰ্গা পূজা কেতিয়া? গঠন হ’ব দুৰ্লভ মহালক্ষ্মী যোগ, কপাল ফুলিব ৩ ৰাশিৰ লোকৰ…
Durga puja: হিন্দু ধৰ্মত দুৰ্গাপূজাৰ বিশেষ মহত্ব আছে। বিভিন্ন ঠাইত এই সময়ত নৱৰাত্ৰি পালন কৰা হয়। এইবাৰ নৱৰাত্ৰিয়ে ভাল ফল কঢ়িয়াই আনিব কিছু ৰাশিৰ লোকৰ জীৱনলৈ।

দুৰ্গাপূজা
হিন্দু ধৰ্মত দুৰ্গা পূজাৰ বিশেষ মহত্ব আছে। ঠাইভেদে এই পূজাৰ নিয়ম বেলেগ বেলেগ হয়। কিছুমান ঠাইত নৱৰাত্ৰি হিচাপে পালন কৰা হয়। য’ত ৯টা দিন মাৰ ৯টা ৰূপৰ পূজা কৰা হয়। এইবাৰ নৱৰাত্ৰিত এক ডাঙৰ যোগ গঠন হ’বলৈ গৈ আছে। যাৰ ভাল প্ৰভাৱ পৰিব কিছু ৰাশিৰ লোকৰ জীৱনত।
জ্যোতিষ শাস্ত্ৰ মতে, নৱৰাত্ৰি গ্ৰহৰ সেনাপতি মংগল গ্ৰহ ১৩ ছেপ্টেম্বৰত তুলা ৰাশিত ট্ৰেনজিট কৰিব। পাছত চন্দ্ৰই ২৪ ছেপ্টেম্বৰৰ পুৱা ২:৫৫ বজাত তুলা ৰাশিত প্ৰৱেশ কৰিব আৰু ২৬ ছেপ্টেম্বৰলৈকে এই ৰাশিত থাকিব। এই সময়চোৱাত চন্দ্ৰ আৰু মংগলৰ মিলনত মহালক্ষ্মী যোগ গঠন হ’ব। এই যোগ প্ৰায় ৫৬ ঘন্টা থাকিব। যাৰ প্ৰভাৱ বিশেষকৈ ৩ ৰাশিৰ ওপৰত অধিক পৰিব।
অসমত পূজাৰ সময়
এইবাৰ নৱৰাত্ৰি ২২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈ ১ অক্টোবৰত শেষ হ’ব। ২ অক্টোবৰত দেৱীৰ বিসৰ্জন। এনে ক্ষেত্ৰত অসমত দুৰ্গাপূজা ২৮ ছেপ্টেম্বৰৰ পৰা পালন কৰা হ’ব।
- ষষ্ঠীঃ ২৮ ছেপ্টেম্বৰ।
- সপ্তমীঃ ২৯ ছেপ্টেম্বৰ।
- অষ্টমীঃ৩০ ছেপ্টেম্বৰ।
- নৱমীঃ ১ অক্টোবৰ।
- দশমীঃ ২ অক্টোবৰ।
মহালক্ষ্মী যোগৰ প্ৰভাৱ
কৰ্কটঃ এই ৰাশিৰ লোকৰ বাবে মহালক্ষ্মী যোগ শুভ হ’ব। এই যোগ আপোনাৰ চন্দ্ৰ ৰাশিৰ পৰা চতুৰ্থ স্থানত গঠন হ’ব। যি সুখ আৰু ভৌতিক সা-সুবিধা প্ৰাপ্তিৰ বুলি গণ্য কৰা হয়। এই সময়চোৱাত পৰিয়ালত সুখ-শান্তি আহিব। সম্পত্তি ক্ৰয় বা বিক্ৰয়ৰ বাবে এই সময় উপযুক্ত। বাহন ক্ৰয় কৰিব পাৰে। পৰিয়ালৰ লগতে আনৰ সৈতে সম্পৰ্ক ভাল হৈ পৰিব। কেৰিয়াৰত ভাল। আয় বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব।
মকৰ ৰাশিঃ মহালক্ষ্মী যোগে কেৰিয়াৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত শুভ ফল আনিব পাৰে। এই যোগ আপোনাৰ ৰাশিৰ পৰা দশম স্থানত থাকিব। যি কৰ্ম, চাকৰি, ঘৰ আদিৰ বাবে ভাল। এই সময়চোৱাত আপুনি নতুন চাকৰি লাভ কৰাৰ সুযোগ পাব পাৰে। চাকৰি কৰা সকলে পদোন্নতি লাভ কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবেও ভাল। সমাজত সন্মান বৃদ্ধি পাব। আত্মবিশ্বাস বাঢ়িব।
কুম্ভ ৰাশিঃ আপোনাৰ এই যোগ ভাগ্য আৰু ধৰ্মৰ ঘৰত গঠন হ’ব। এই যোগ আপোনাৰ ৰাশিৰ পৰা নৱম স্থানত গঠন হ’ব। যাক ভাগ্য, বিদেশ যাত্ৰা, ধৰ্মৰ কাৰক বুলি কয়। এই সময়চোৱাত ভাগ্যৰ সমৰ্থন লাভ কৰিব। বাকী থকা কাম সম্পূৰ্ণ হ’ব। কোনো কাম বা অধ্যয়নৰ বাবে বিদেশলৈ যাব পাৰে। পৰিয়ালত সন্মান বৃদ্ধি পাব। পৰিয়ালৰ সৈতে ভাল।
অন্য খবৰ পঢ়কঃ কোনটো ৰঙৰ মানিবেগে ধন আকৰ্ষিত কৰে? জানক বাস্তু শাস্ত্ৰৰ পৰা…