Hanuman: সপোন পূৰণ হোৱাটো বিচাৰি নেকি? তেন্তে হনুমান মন্দিৰলৈ গৈ কৰক এইকেইটা কাম!

হনুমান ভগৱানক সঠিকভাৱে পূজা কৰিলে জীৱনৰ সকলো বিপদৰ পৰা সকাহ পোৱা যায়। মঙলবাৰৰ দিনটো হনুমানৰ দিন হিচাপে ধৰা হয়। এই দিনটোত কি কি কৰিব জানক।

Hanuman: সপোন পূৰণ হোৱাটো বিচাৰি নেকি? তেন্তে হনুমান মন্দিৰলৈ গৈ কৰক এইকেইটা কাম!

হনুমান মন্দিৰলৈ গৈ কৰক এইকেইটা কাম!

Published: 

22 Jul 2025 11:57 AM

হিন্দু ধৰ্মত সপ্তাহৰ প্ৰতিটো বাৰ আৰাধ্য কোনো দেৱ-দেৱীৰ নামত উৎসৰ্গিত। এই ধৰ্মীয় বিশ্বাস অনুসৰিয়েই মঙলবাৰ দিনটো ভগৱান হনুমানক পূজা কৰা হয়। হনুমানক পূজা কৰিলে জীৱনৰ সকলো বিপদ দূৰ হয়। জ্যোতিষ শাস্ত্ৰই মঙলবাৰৰ দিনটোত কিছু বিশেষ বিধানৰ দিহা দিছে। কি কি কৰিব লাগিব জানক…

কি কি কৰিব

  • চৰকাৰী চাকৰিৰ বাবে যদি চেষ্টা চলাই আছে, তেন্তে মঙলবাৰে ভগৱান হনুমানক পূজা কৰক। ভগৱান হনুমান সন্তুষ্ট খ’লে তেওঁৰ কৃপাত আপুনি আকাংক্ষিত সফলতা লাভ কৰিব। চৰকাৰী চাকৰিৰ বাবে আপুনি চলাই অহা চেষ্টাও তেওঁৰ কৃপাত সফল হ’ব।
  • জ্যোতিষ মতে ৰাশিফলৰ প্ৰথম, দ্বিতীয়, চতুৰ্থ, সপ্তম, অষ্টম আৰু দ্বাদশ স্থানত যদি মংগল গ্ৰহ থাকে তেন্তে সেই ব্যক্তিজনক মাংগলিক বুলি কোৱা হয়। এই দোষৰ সমস্যা সমাধান কৰাটো বাধ্যতামূলক। সেয়ে মঙলবাৰে ৰঙা জলকীয়া দান কৰিব লাগে। ইয়াৰ ফলত মংগল দোষৰ প্ৰভাৱ কমি যায়।
  • মঙলবাৰে ভগৱান হনুমানক সন্তুষ্ট কৰিব বিচাৰে তেন্তে মঙলবাৰে ৰাম-সীতাৰ সৈতে বজৰংগবলীক পূজা কৰিব লাগে। লগতে পূজাৰ সময়ত ৰাম ৰক্ষা স্তোত্ৰ পাঠ কৰিব লাগে। এনে বিধানৰ সহায়ত প্ৰতিটো কামতে অগ্ৰগতি লাভ কৰে।
  • যদি আপুনি নিজৰ ইচ্ছা পূৰণ কৰিব বিচাৰে তেন্তে মঙলবাৰে গা ধুই ধ্যান কৰক আৰু ৰঙা ৰঙৰ কাপোৰ পৰিধান কৰক। ইয়াৰ পিছত ৰীতি-নীতি অনুসৰি হনুমানক পূজা কৰিব লাগে। পূজাৰ সময়ত ভগৱান হনুমানক ৰঙা ৰঙৰ ফলমূল আৰু ফুল আগবঢ়াওক।
  • হনুমানক বিষ্ণুৰ অৱতাৰ ৰামৰ ভক্ত বুলি গণ্য কৰা হয়, যি তেওঁৰ অটল ভক্তিৰ বাবে বহুলভাৱে পৰিচিত। তেওঁক শক্তিৰ প্ৰতীক হিচাপে শ্ৰদ্ধা কৰা হয়।কেৰিয়াৰ আৰু ব্যৱসায়ত সফল হ’বলৈ কৰক হনুমানৰ আৰাধনা! আজি জানো আহক হনুমানক সন্তুষ্ট কৰিবলৈ কি কৰিব লাগে।
  • যদি আপুনি প্ৰায়ে আৰ্থিক সমস্যাৰ দ্বাৰা জৰ্জৰিত আৰু এই পৰিস্থিতিৰ পৰা ওলাই আহিব বিচাৰে, তেন্তে আপোনাৰ দুৰ্বল আৰ্থিক অৱস্থা উন্নত কৰিবলৈ হ’লে ভগৱান হনুমানৰ এই মন্ত্ৰ মঙলবাৰে ২১ বাৰ জপ কৰিব লাগে। এই মন্ত্ৰটো হৈছে – ‘ঔম হনুমন্তে নমঃ’। এই মন্ত্ৰ জপ কৰিলে ধনৰ লগত জড়িত প্ৰতিটো সমস্যা ওৰ পৰে।
  • বাস্তু শাস্ত্ৰৰ মতে মঙলবাৰে ঋণ দিয়া উচিত নহয়। মঙলবাৰে কোনো লোককে ধাৰ দিয়া উচিত নহয় বুলি বিশ্বাস কৰা হয়। এনে কৰিলে আৰ্থিক অৱস্থা বেয়া হয় আৰু ধনৰ নাটনি হয়।
মুখৰ দুৰ্গন্ধ হ’ব পাৰে এনে ৰোগসমূহৰ প্ৰাৰম্ভিক লক্ষণ, আওকাণ নকৰি এতিয়াই হওক সাৱধান
ব্ৰেকফাষ্টৰ পৰা আৰম্ভ কৰি নিশাৰ আহাৰতো কণী! পিছে দিনটোত কিমান কণী খাব লাগে জানেনে?
চুলি সৰা সমস্যাৰ পৰা উপশম পাবলৈ এইকেইটা ঘৰুৱা উপায় গ্ৰহণ কৰক...
কেন্সাৰৰ এই প্ৰাৰম্ভিক লক্ষণসমূহ আপুনি কেতিয়াও আওকাণ কৰিব নালাগে