Ganesh Chaturthi 2025: জীৱনত উন্নতি আৰু ধনৰ উভৈনদী, গণেশ চতুৰ্থীৰ দিনা কৰক এই কাম

Ganesh Chaturthi Tips: যিকোনো শুভ কামৰ আগত গণেশ পূজা আৱশ্যকীয়। গণেশ চতুৰ্থীৰ দিনা ভক্তিৰে গণেশক পূজা কৰাৰ উপৰিও দুই এটা কাম কৰিলে জীৱনৰ উন্নতি আৰু ভাগ্য উদয় হ'ব।

Ganesh Chaturthi 2025: জীৱনত উন্নতি আৰু ধনৰ উভৈনদী, গণেশ চতুৰ্থীৰ দিনা কৰক এই কাম

জীৱনৰ উন্নতিৰ বাবে গণেশ চতুৰ্থীত কৰক এই কাম

Updated On: 

22 Aug 2025 | 04:36 PM

সমাগত গণেশ চতুৰ্থী, এই দিনটো হৈছে এটা হিন্দুসকলৰ উত্‍সৱ। এই সময়ত গণেশ দেৱতাই তেওঁ মাতৃ দেৱী পাৰ্বতীৰ সৈতে কৈলাস পৰ্বতৰ পৰা পৃথিৱীলৈ নামি আহে বুলি বিশ্বাস কৰা হয় আৰু তাৰে পৰিপ্ৰেক্ষিতত এই উত্‍সৱ পালন কৰা হয়। এই উৎসৱৰ সময়ত ঘৰত ব্যক্তিগতভাৱে গণেশৰ মাটিৰ প্ৰতিমা স্থাপন কৰা হয় বা ৰাজহুৱাভাৱে বিস্তৃত অঞ্চলত পাণ্ডল(অস্থায়ী পৰ্যায়) স্থাপন কৰি গণেশক পূজা কৰা হয়।

যিকোনো শুভ কামৰ আগত গণেশ পূজা আৱশ্যকীয়। গণেশ চতুৰ্থীৰ দিনা ভক্তিৰে গণেশক পূজা কৰাৰ উপৰিও এইকেইটা কাম কৰিলে আপোনাৰ জীৱনত উন্নতি হ’ব, কপাল ফুলিব আৰু ধনৰ বৃষ্টি হ’ব।

তলত কিছুমান টিপছ দিয়া হ’ল যিবোৰ গণেশ চতুৰ্থীৰ দিনা কৰিলে সেই ব্যক্তিজনৰ কপাল মুকলি হ’ব

  • গণেশ চতুৰ্থীৰ দিনা ঘৰত গণেশৰ মূৰ্তি স্থাপন কৰিব লাগে। সম্ভৱ হ’লে গণেশযন্ত্ৰ সংস্থাপন কৰিব পাৰে। এনে কৰিলে অশুভ শক্তি ঘৰত প্ৰৱেশ কৰিব নোৱাৰে। ভাল শক্তি সঞ্চাৰিত হয়।
  • গণেশৰ মূৰ্তি ক’ত ৰাখিব? সৰু কাঠৰ স্থানত গণেশৰ মূৰ্তিটো ৰাখিব পাৰে।
  • প্ৰভুৰ আসন পূব বা উত্তৰ দিশত স্থাপন কৰিব লাগে।
  • ফলমূল, মিঠাই, ঘিউ আৰু গুৰ আগবঢ়াব পাৰে। গণেশ পূজাত দুৱৰি আৱশ্যকীয়। পূজাৰ সময়ত গণেশ মূৰ্তিৰ বাওঁফালে দুবৰি ৰাখিব লাগে।
  • কাৰোবাৰ ঘৰত যদি বিবাহযোগ্য ব্যক্তি থাকে তেন্তে সেইদিনা গণেশক মালপোৱা, মোডক আৰু হালধীয়া ৰঙৰ মিঠাই আগবঢ়াব লাগে।
  • গণেশ পূজাৰ দিনা ভাল ফলাফল পাবলৈ গণেশ মন্ত্ৰ ১০৮ বাৰ আবৃত্তি কৰিব পাৰে। তেতিয়া গণেশৰ আশীৰ্বাদ সদায় থাকিব।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...