তুলসী গছৰ সমীপত কেতিয়াও থাকিব নালাগে এইসমূহ গছ, অন্যথা হ’ব পাৰে অমঙ্গল

বাস্তু শাস্ত্ৰ মতে তুলসী গছৰ সন্মুখত বা চাৰিওফালে কিছুমান গছ ৰখাটো অনুচিত। কাৰণ ইয়াৰ দ্বাৰা তুলসীৰ বিশুদ্ধতা আৰু ধনাত্মক শক্তি ধ্বংস হ’ব পাৰে।

তুলসী গছৰ সমীপত কেতিয়াও থাকিব নালাগে এইসমূহ গছ, অন্যথা হ’ব পাৰে অমঙ্গল

প্ৰতিনিধিত্বমূলক ছবি

Published: 

03 Aug 2025 16:45 PM

হিন্দু ধৰ্মত তুলসী গছৰ এক বিশেষ মান্যতা আছে তুলসীক হিন্দু ধৰ্মত অত্যন্ত পবিত্ৰ হিচাপে গণ্য কৰা হয়। ধৰ্মীয় এই মান্যতাৰ বাবে দেৱদেৱীৰ পূজাত তুলসীৰ পাত ব্যৱহাৰ কৰা হয়। অনন্য গুণসম্পন্ন হোৱাৰ বাবে তুলসীৰ পাত, ঠাৰি, শিপা আদি সকলো অংশ বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। এফালে তুলসীৰ যিদৰে এই ধৰ্মীয় গুৰুত্বৰ লগতে আয়ুৰ্বেদত তুলসীক গুণেৰে ভৰপূৰ মহৌষধি হিচাপে গণ্য কৰা হয় সাধাৰণতে প্ৰায় সকলো লোকৰ ঘৰতে এজোপা লেও তুলসী গছ থাকে। বহুলোকে তুলসীক দেৱী হিচাপে পূজা কৰে। পুৱা গধূলি তুলসীৰ গুৰিত পানী দিয়াৰ লগতে চাকি জ্বলায়

ধৰ্মীয় বিশ্বাস অনুসৰি তুলসী গছত দেৱী লক্ষ্মী বাস কৰে বুলি কোৱা হয়। গতিকে তুলসী গছক অৱহেলা কৰা মানে লক্ষ্মী দেৱীকো অৱহেলা কৰা বুলি কোৱা হয়। সেয়ে তুলসী গছ থকা স্থানত বিশেষ গুৰুত্ব দিয়া হয় বহুসময়ত দেখা যায়, তুলসী গছৰ কাষতে আন কিছুমান গছো থোৱা হয়

কিন্তু বাস্তু শাস্ত্ৰত উল্লেখ কৰা মতে তুলসী গছৰ কাষত কিছুমান গছ লে আপোনাৰ জীৱনলৈ বিপদ কঢ়িয়াই আনিব পাৰে। অৰ্থাৎ বাস্তু শাস্ত্ৰ মতে তুলসী গছৰ সন্মুখত বা চাৰিওফালে কিছুমান গছ ৰখাটো অনুচিত। কাৰণ ইয়াৰ দ্বাৰা তুলসীৰ বিশুদ্ধতা আৰু ধনাত্মক শক্তি ধ্বংস হ’ব পাৰে। এনে গছবোৰৰ বিষয়ে জানো আহক

১) কাঁইটীয়া গছঃ কাঁইটীয়া গছ তুলসী গছৰ কাষত ৰাখিব নালাগে। কেকটাছ, গোলাপ ফুল আদি কাঁইটীয়া গছ তুলসীৰ ওচৰত থাকিলে অশুভ প্ৰভাৱ পৰে বুলি কোৱা হয়।

২) ছাঁ দিয়া গছঃ তুলসী গছৰ ওচৰত কোনো ডাঙৰ গছ ৰাখিব নালাগে। কাৰণ, তেতিয়া তুলসী গছজোপাত ছাঁ পৰিব পাৰে। এনে অৱস্থাত তুলসী গছজোপাৰ বৃদ্ধি নহ পাৰে। ইয়াৰ ফলত নেতিবাচকতা বৃদ্ধি পায়।

৩) শামি গছঃ শামি গছো তুলসী গছৰ ওচৰত থাকিব নালাগে বুলি কোৱা হয়। পৰম্পৰাগত বিশ্বাস অনুসৰি ইয়াৰ ফলত তুলসীৰ শক্তি হ্ৰাস পায়।

বিশেষ দ্ৰষ্টব্যঃ এই প্ৰতিবেদনত উপস্থাপন কৰা বক্তব্যসমূহ বাস্তু শাস্ত্ৰৰ ওপৰত আধাৰিত। এই ক্ষেত্ৰত TV9 Assam- এ কোনো নিজা মত প্ৰকাশ কৰা নাই।

ধনী হোৱাত বাধা দিয়ে এই ৪ অভ্যাসে! বাস্তু শাস্ত্ৰত আছে সবিশেষ...
কোনবোৰ খাদ্যত সৰ্বাধিক প্ৰটিন থাকে? চিকিৎসকৰ পৰা জানক...
১০০ বছৰ পাছত বিৰল সংযোগ! এইবাৰ ৰাখীবন্ধনত কপাল ফুলিব ৩ ৰাশিৰ লোকৰ...
বাৰিষা কিমান উষ্ণতাত ৰাখিব লাগে ফ্ৰীজ? সঠিককৈ নাজানে যদি এতিয়াই চাওক