Diwali 2025: দেৱালী কেতিয়া? জানক সঠিক তাৰিখ, সময় আদি সকলো…

Diwali 2025 Date: প্ৰতিবছৰে অতি ধুমধামেৰে দেৱালী পালন কৰা হয়। এইবাৰো দেৱালী পালন কৰা হ'ব। এই দিনটোত অসমত কালী পূজা অনুষ্ঠিত কৰা হয়। ঠাই অনুসৰি দেৱালীৰ নিয়ম বেলেগ বেলেগ।

Diwali 2025: দেৱালী কেতিয়া? জানক সঠিক তাৰিখ, সময় আদি সকলো...

দেৱালী ২০২৫

Published: 

25 Sep 2025 | 01:07 PM

পোহৰৰ উৎসৱ দেৱালী বা দিপাৱলী। প্ৰতিবছৰে অতি ধুমধামেৰে উদযাপন কৰা হয় দেৱালী।  শৰৎ কালত কাতি মাহৰ অমাবস্যা তিথিত দেৱালী পালন কৰা হয়। হিন্দু, জৈন, শিখ, বৌদ্ধসকলৰ মাজত এই দেৱালীৰ বিশেষ মহত্ব আছে। চলিত বৰ্ষতো দেৱালী পালন কৰা হ’ব। কিন্তু বহুতে সঠিক তাৰিখৰ বিষয়ে জ্ঞাত নহয়। গতিকে এই লেখাটোত দেৱালীৰ তাৰিখ আৰু সঠিক সময়ৰ বিষয়ে উল্লেখ কৰা হ’ল।

তাৰিখ

পঞ্জিকা অনুসৰি, ২০২৫ চনৰ ২০ অক্টোবৰৰ পুৱতি নিশা ৩:৪৪ বজাৰ পৰা কাতি অমাৱস্যাৰ আৰম্ভণি, আৰু ২০২৫ চনৰ ২১ অক্টোবৰৰ পুৱা ৫:৫৪ বজাত ই শেষ হ’ব। গতিকে ২০ অক্টোবৰ সোমবাৰে দেৱালী পালন কৰা হ’ব।

আনহাতে চতুৰ্দশী তিথি ১৯ অক্টোবৰৰ দিনৰ ১:৫১ বজাৰ পৰা আৰম্ভ হ’ব আৰু ২০ অক্টোবৰৰ বিয়লি ৩:৪৪ বজাত শেষ হ’ব। গতিকে ১৯ অক্টোবৰত সৰু দেৱালী নাৰক চতুৰ্দশী পালন কৰা হ’ব।

হিন্দু ধৰ্মত দেৱালীৰ বিশেষ মহত্ব আছে। মান্যতা অনুসৰি,যেতিয়া ভগৱান ৰামে লংকা বিজয় কৰি অযোধ্যাত উপস্থিত হৈছিল তেতিয়া সকলোৱে তেওঁৰ আগমনত ঘৰত বন্তি জ্বলাই আনন্দ কৰিছিল। এই মান্যতা বিভিন্নজনৰ বাবে বিভিন্ন হয়।

দেৱালীৰ দিনা চাকি জ্বলাই মানুহে আনন্দ কৰে। ভাৰতৰ বিভিন্ন স্থানত দেৱালী বেলেগকৈ পালন কৰা হয়। কিছুমান ঠাইত ৫ দিনকৈ দেৱালী পালন কৰা হয়। প্ৰতিটো দিনৰে বেলেগ বেলেগ বৈশিষ্ট্য থাকে। অসমত প্ৰতিঘৰ মানুহৰ ঘৰৰ সন্মুখত কলপুলি পুতি তাত চাকি জ্বলাই পূজা কৰে। ইয়াৰোপৰি বহুতে ফটকা, ফুলজাৰি আদি ফুটাই আনন্দ কৰে।

দেৱালী দুৰ্গা পূজাৰ দশমী তিথিৰ ১৮ দিনৰ পিছত অনুষ্ঠিত কৰা হয়। ধন তেৰাচৰ দিনাৰ পৰা দেৱালী আৰম্ভ হয়। এই দিনটোক নৰক চতুৰ্দশী বোলা হয়। দক্ষিণ ভাৰতত নৰক চতুৰ্থীৰ দিনাই মূল দেৱালী পালন কৰা হয়। দেৱালীৰ দিনা পশ্চিম আৰু উত্তৰ ভাৰতত লক্ষ্মী পূজা আৰু পূব ভাৰতৰত কালী পূজা অনুষ্ঠিত হয়। কোৱা হয় দেৱালীয়ে, অন্ধকাৰৰ বিৰুদ্ধে পোহৰৰ, বেয়াৰ বিৰুদ্ধে ভালৰ আৰু অজ্ঞানৰ বিৰুদ্ধে জ্ঞানৰ বিজয়ক প্ৰতিনিধিত্ব কৰে।

 

 

অন্য খবৰ পঢ়কঃ ৯ অক্টোবৰত ডাঙৰ পৰিবৰ্তন! অত্যন্ত ভাল এই ৰাশিৰ লোকৰ বাবে…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...