Daily Horoscope: শনিবাৰে দেৱতা শনিৰ কোপদৃষ্টিৰ পৰা ৰক্ষা পৰিবনে? ৰাশিফলৰ সহায়ত চাই লওক দিনটোৰ আগজাননী
জ্যোতিষীসকলে গ্ৰহ-নক্ষত্ৰৰ গণনাৰে প্ৰকাশ কৰা ৰাশিফলৰ জৰিয়তে দিনটোৰ আৰম্ভণিতেই আপুনি ইয়াৰ এক পূৰ্বাভাস লাভ কৰে। আজি শনিবাৰৰ দিনটোত ভিন্ন ৰাশিফলৰ বাবে ৰাশিফলে কি আগজাননী কৰিছে, চাওঁ আহক।

আজিৰ ৰাশিফল
আজি ২৩ নৱেম্বৰ, শনিবাৰ। সপ্তাহৰ এই দিনটো দেৱতা শনিৰ দিন বুলি কোৱা হয়। গতিকে দেৱতা শনিৰ কোপদৃষ্টিৰ পৰা ৰক্ষা পৰি দিনটো সুকলমে পাৰ কৰাৰ আশা সকলোৱেই কৰে। সেয়ে দিনটো কিদৰে পাৰ হ’ব, সেয়া জানিবলৈও উৎসুকতা বৃদ্ধি পায়। জ্যোতিষীসকলে গ্ৰহ-নক্ষত্ৰৰ গণনাৰে প্ৰকাশ কৰা ৰাশিফলৰ জৰিয়তে দিনটোৰ আৰম্ভণিতেই আপুনি ইয়াৰ এক পূৰ্বাভাস লাভ কৰে। আজি শনিবাৰৰ দিনটোত ভিন্ন ৰাশিফলৰ বাবে ৰাশিফলে কি আগজাননী কৰিছে, চাওঁ আহক-
মেষ ৰাশিৰ ৰাশিফল
ব্যৱসায়ত লাভ হ’ব। মনৰ কোনো ইচ্ছা পূৰণ হ’লে আনন্দিত হ’ব। কামৰ চাপ অধিক হোৱাৰ বাবে মানসিক চাপো থাকিব। কৰ্মক্ষেত্ৰত আচৰণ নিয়ন্ত্ৰণত ৰাখক। স্বাস্থ্যৰ প্ৰতি সজাগ হওক। অচিনাকি মানুহৰ কথাত ভৰসা নকৰিব। পাৰিবাৰিক সম্পৰ্ক সুখকৰ হ’ব। মাতৃৰ স্বাস্থ্যত অৱনতি ঘটিব পাৰে।
বৃষ ৰাশিৰ ৰাশিফল
ধন আৰু সন্মান বৃদ্ধিৰ বাবে আনন্দিত হ’ব। কোনো সহকৰ্মীৰ পৰা গুৰুত্বপূৰ্ণ খবৰ পাব। দাম্পত্য জীৱন সুখকৰ হ’ব। পৰিয়ালৰ বিষয় একেলগে বহি আলোচনাৰ মাধ্যমেৰে সমাধা কৰক। সন্তানৰ চাকৰিৰ সমস্যা দূৰ হ’ব পাৰে। ৰাজনীতিত ডাঙৰ পদ নোপোৱাত কিছু নিৰাশ হ’ব।
মিথুন ৰাশিৰ ৰাশিফল
উপাৰ্জন বৃদ্ধি পোৱাৰ বাবে মন আনন্দিত হ’ব। অংশীদাৰী ব্যৱসায়ৰ ক্ষেত্ৰত সাৱধান হওক, বিশ্বাসঘাতকতাৰ সম্ভাৱনা আছে। প্ৰভাৱ-প্ৰতিপত্তিৰ বৃদ্ধিৰ দিন। সৌভাগ্যৰ বাবে সফলতা প্ৰাপ্তি হ’ব। নতুন সম্পত্তি, বিশেষকৈ ঘৰ-মাটি ক্ৰয় কৰিব পাৰে।
কৰ্কট ৰাশিৰ ৰাশিফল
ব্যৱসায়ৰ সৈতে জড়িতসকলৰ বাবে উত্তম দিন। ব্যৱসায় সংক্ৰান্তত ভ্ৰমণৰ সম্ভাৱনা। পুৰণি কোনো ধাৰ বা ঋণ আছিল যদি পৰিশোধ কৰিব পাৰিব। স্বাস্থ্যৰ প্ৰতি সচেতন হওক। সন্তানৰ বিবাহৰ বাধা দূৰ হ’ব পাৰে। সামাজিক কাম-কাজৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ খবৰ পাব পাৰে। অহিত চিন্তকে ষড়যন্ত্ৰ কৰিব পাৰে।
সিংহ ৰাশিৰ ৰাশিফল
আজি সুখ-সুবিধা বৃদ্ধি পাব। আৰ্থিক লাভৰ মুখ দেখিব। অপ্ৰয়োজনীয় খৰচ কমোৱাৰ চেষ্টা কৰিব। কোনো বিশেষ লোকৰ সৈতে সাক্ষাৎ হ’ব। পৰিয়ালৰ কোনো সদস্যৰ বিবাহৰ ক্ষেত্ৰত থকা বাধা দূৰ হ’ব। গুৰুত্বপূৰ্ণ কথা কাৰোবাৰ লগত শ্বেয়াৰ নকৰিব।
কন্যা ৰাশিৰ ৰাশিফল
নিজৰ কথা-বতৰা আৰু আচৰণত সংযম ৰাখক। জীৱনসংগীৰ বাবে উপহাৰ আনিব পাৰে। পৰিয়ালত পাৰস্পৰিক প্ৰেমৰ সম্পৰ্ক বাঢ়িব। কোনো ধাৰ্মিক অনুষ্ঠানত যোগদানৰ সুযোগ। পৰিয়ালৰ কোনো সদস্যক দিয়া প্ৰতিশ্ৰুতি সময়মতে পূৰণ কৰক।
তুলা ৰাশিৰ ৰাশিফল
চাকৰিৰ সন্ধান চলাই থকাসকলে নতুন চাকৰি পোৱাৰ সম্ভাৱনা। স্বাস্থ্যৰ সমস্যাত গুৰুত্ব দিয়ক। নতুন কোনো কাম কৰাৰ চেষ্টাই ভাল ফল দিব। যিকোনো পৰিস্থিতিত ধৈৰ্য বজাই ৰাখক। কৰ্মক্ষেত্ৰত কিছু দায়িত্বই অসুবিধা বঢ়াব পাৰে।
বৃশ্চিক ৰাশিৰ ৰাশিফল
চৰকাৰী আঁচনিৰ সম্পূৰ্ণ সুবিধা লাভ কৰিব। আজি খৰচ নিয়ন্ত্ৰণ কৰি চলিব লাগিব। কৰ্মক্ষেত্ৰত মনোমত কাম পালে আনন্দ। আনৰ বাবে ভাল চিন্তা কৰিলেও ভুল বুজাবুজিৰ বাবে স্বাৰ্থপৰ জ্ঞান কৰিব পাৰে। সন্তানৰ প্ৰতি দায়িত্ব পূৰণত গুৰুত্ব দিব। মাতৃৰ কোনো কথাত অসন্তুষ্টি হ’ব পাৰে।
ধনু ৰাশিৰ ৰাশিফল
আৰ্থিক বিষয়ত গ্ৰহণ কৰাৰ কোনো সিদ্ধান্তৰ বাবে পৰিতাপ হ’ব পাৰে। দীৰ্ঘম্যাদী বিনিয়োগ কৰিলে ভাল ফল লাভ কৰিব। ওচৰ-চুবুৰীয়া শত্ৰুক চিনাক্ত কৰি আগবঢ়া উচিত হ’ব। ঘৰলৈ নতুন অতিথিৰ আগমন হ’ব পাৰে।
মকৰ ৰাশিৰ ৰাশিফল
ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন পাব। সন্মান বৃদ্ধিৰ দিন। চাকৰিৰ সন্ধান চলাই থকাসকলে সুখবৰ লাভ কৰিব। সম্পত্তিৰ কোনো চুক্তি চূড়ান্ত হ’ব পাৰে। ধৰ্মীয় কাম-কাজৰ প্ৰতি ইচ্ছা বৃদ্ধি পাব। সন্তানে শিক্ষাৰ বাবে দূৰলৈ যাব পাৰে।
কুম্ভ ৰাশিৰ ৰাশিফল
আৰ্থিক লাভৰ বাবে আনন্দৰ সীমা নাথাকিব। অৱশ্যে বেয়া পথেৰে ধন উপাৰ্জন কৰাৰ পৰা বিৰত থাকক। আয়-ব্যয়ৰ মাজত ভাৰসাম্য ৰাখিলে অপ্ৰয়োজনীয় খৰচ কমিব। কৰ্মক্ষেত্ৰত পদোন্নতিৰ সম্ভাৱনা। পদৰ অপব্যৱহাৰ নকৰিব। আপোনাৰ অহিত চিন্তক তথা বিৰোধীক চিনাক্ত কৰিব লাগিব।
মীন ৰাশিৰ ৰাশিফল
আৰ্থিক দিশত শুভ। ব্যৱসায়ত সফলতা লাভ কৰিব। অপ্ৰয়োজনীয় বিবাদৰ পৰা আঁতৰি থাকক। নতুন কোনো কামৰ পৰিকল্পনা কৰি পাৰে। চুবুৰীয়াৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখক। অসম্পূৰ্ণ কোনো কাম সম্পূৰ্ণ কৰিব পাৰিব। বন্ধুৰ সৈতে আনন্দৰ সময় কটাব।