Daily Horoscope: মাহৰ অন্তিমটো দিন কিদৰে পাৰ হ’ব আপোনাৰ? চাওক আজিৰ ৰাশিফলে কি কয়…

ৰাশিফল অনুসৰি আজি যদি কিছুমান ৰাশিৰ বাবে দিনটো শুভ, আনফালে আকৌ আন কিছুমান ৰাশিৰ বাবে দিনটো অশুভ দেখা গৈছে। গতিকে আজিৰ ৰাশিফল অনুসৰি চাওঁ আহক মাহৰ অন্তিমটো দিন আজি আপোনাৰ কিদৰে পাৰ হ’ব।

Daily Horoscope: মাহৰ অন্তিমটো দিন কিদৰে পাৰ হ’ব আপোনাৰ? চাওক আজিৰ ৰাশিফলে কি কয়...

দিনটোৰ ৰাশিফল

Published: 

30 Sep 2025 06:00 AM

আজি ৩০ ছেপ্টেম্বৰ, মঙলবাৰ। চলিত মাহৰ আজি অন্তিমটো দিন। জ্যোতিষীসকলে আন দিনসমূহৰ দৰে আজিৰ দিনটোৰো ৰাশিফল আগবঢ়াইছে। এই ৰাশিফল অনুসৰি আজি যদি কিছুমান ৰাশিৰ বাবে দিনটো শুভ, আনফালে আকৌ আন কিছুমান ৰাশিৰ বাবে দিনটো অশুভ দেখা গৈছে। গতিকে আজিৰ ৰাশিফল অনুসৰি চাওঁ আহক মাহৰ অন্তিমটো দিন আজি আপোনাৰ কিদৰে পাৰ হ’ব-

মেষ ৰাশিৰ ৰাশিফল

এই ৰাশিৰ বাবে আজিৰ দিনটো শুভ। সৌভাগ্যই দিনটো সুখকৰ কৰি তুলিব। উপযুক্ত সিদ্ধান্তৰ জৰিয়তে সামাজিক সন্মান লাভ কৰিব। সন্তানৰ ভৱিষ্যৎ সম্পৰ্কে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব লাগিব। যিকোনো ধৰণৰ সংঘাতৰ পৰা আঁতৰি থাকিব লাগিব। দীৰ্ঘদিনীয়া আইনী সমস্যা আজি সমাধান হোৱাৰ সম্ভাৱনা আছে।

বৃষ ৰাশিৰ ৰাশিফল

পৰিয়ালৰ কোনো লোকক ধন দিয়াৰ পৰা বিৰত থাকক। সামাজিক কামত সফলতা লাভ কৰিব। আধ্যাত্মিক কাৰ্যৰ প্ৰতি মনোযোগ বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত আনৰ সহযোগিতা লাভ কৰিব। নিজৰ প্ৰয়োজন পূৰণ হোৱাৰ বাবে দিনটো যথেষ্ট আনন্দিত হ’ব। পত্নীয়ে আপোনাৰ পৰা বিশেষ কোনো আশা কৰিব পাৰে, এইক্ষেত্ৰত আপোনাৰ সহযোগিতা অত্যন্ত গুৰুত্বপূৰ্ণ হ’ব।

মিথুন ৰাশিৰ ৰাশিফল

ধনৰ আগমন ঘটিব। ভোগ-বিলাস তথা চখ বৃদ্ধি পাব। কিন্তু অপ্ৰয়োজনীয় খৰচ এৰাই চলিব লাগিব। পদোন্নতিৰ সম্ভাৱনা আছে। কোনো পুৰণি বন্ধুৰ সৈতে সাক্ষাৎ হ’ব পাৰে। সন্তানৰ সৈতে আনন্দেৰে সময় কটোৱাৰ সুযোগ পাব। চৰকাৰী আঁচনিৰ দ্বাৰা লাভৱান হ’ব। পৰিয়ালৰ কোনো সদস্যৰ সৈতে যিকোনো কথাত মতানৈক্য আছিল যদি আজি সেয়া দূৰ হ’ব।

কৰ্কট ৰাশিৰ ৰাশিফল

ব্যৱসায়িক ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণৰ সময়ত সাৱধান হওক। ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে। এই সময়ত কোনো গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে। কামৰ ক্ষেত্ৰত খৰখেদা কৰাৰ বাবে সমস্যাৰ সন্মুখীন হ’ব পাৰে। এনে পৰিস্থিতিত দিনটোত কিছু মানসিক চাপৰ সন্মুখীন হ’ব পাৰে। ধন ধাৰে লোৱাৰ ক্ষেত্ৰত সাৱধান হওক। শ্বেয়াৰ বজাৰত ধন বিনিয়োগ কৰিব পাৰে।

সিংহ ৰাশিৰ ৰাশিফল

দিনটো স্বাভাৱিকভাৱে পাৰ হব। প্ৰেমত শুভ। সংগীৰ পৰা কোনো উপহাৰ লাভ কৰিব পাৰে। সন্তানৰ আচৰণৰ বাবে কোনো সমস্যাত পৰিব পাৰে। নতুন চাকৰিৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। যিকোনো কামত আগবাঢ়িলে সফলতাৰ মুখ দেখিব। ব্যৱসায়িক ক্ষেত্ৰত কোনো ডাঙৰ চুক্তি হ’ব পাৰে।

কন্যা ৰাশিৰ ৰাশিফল

অনলাইন যোগে বজাৰ কৰাৰ সময়ত সাৱধানতাৰ প্ৰয়োজন হ’ব। নতুন ইলেক্ট্ৰনিক সামগ্ৰী ক্ৰয় কৰাৰ সম্ভাৱনা আছে। ধনৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক। আপোনাৰ প্ৰতিভাই আজি সঁচা অৰ্থত স্বীকৃতি লাভ কৰিব। আপোনাৰ কামৰ দ্বাৰা সামাজিক খণ্ডত নতুন পৰিচয় লাভ কৰিব। আন কাৰোবাৰ সৈতে কথা-বতৰাৰ সময়ত সাৱধান হওক।

তুলা ৰাশিৰ ৰাশিফল
ব্যৱসায়ত কিছু মানসিক চাপৰ সন্মুখীন হ’ব পাৰে। পূৰ্বৰ কোনো ভুলৰ পৰা শিক্ষা ল’ব লাগিব। চাকৰি সলনিৰ চিন্তা কৰি আছিল যদি আজি এইক্ষেত্ৰত শুভ দিন হ’ব। যিকোনো লোকৰ সৈতে কথা-বতৰাৰ সময়ত সাৱধান হওক। আচৰণত নিয়ন্ত্ৰণ বজাই ৰাখক। অতিথিৰ আগমনে আনন্দ আনিব। সন্তানৰ আচৰণে চিন্তাত পেলাব পাৰে।

বৃশ্চিক ৰাশিৰ ৰাশিফল

ব্যৱসায়িক কাম-কাজত পলম কৰাৰ পৰা বিৰত থাকক। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ সমস্যা হ’ব পাৰে। আপোনাৰ নেতৃত্ব প্ৰদানৰ ক্ষমতা বৃদ্ধি পাব। জনকল্যাণমূলক কামৰ বাবে আগ্ৰহী হ’ব পাৰে। পূৰ্বে মাতৃৰ আগত দিয়া কোনো প্ৰতিশ্ৰুতি পূৰণ কৰিব পাৰিব। কোনো বিশেষ ব্যক্তিৰ সৈতে সাক্ষাৎ হোৱাৰ সম্ভাৱনা আছে।

ধনু ৰাশিৰ ৰাশিফল

ব্যৱসায়িক পৰিকল্পনাই গতি লাভ কৰিব। স্বাস্থ্যৰ প্ৰতি সজাগ হওক। দীৰ্ঘদিনীয়া কোনো কাম আজি সম্পন্ন হ’ব পাৰে। কৰ্মক্ষেত্ৰত উৰ্ধতন বিষয়াসকলে প্ৰয়োজনত আপোনাক সহায় কৰিব পাৰে। কৰ্ম সংক্ৰান্তত আপোনাৰ ভ্ৰমণৰ সম্ভাৱনা আছে। আপুনি পূৰ্বে কৰা কোনো ভুলৰ বিষয়ে আপোনাৰ পৰিয়াল আজি অৱগত হ’ব পাৰে। অহিত চিন্তকে আজি আপোনাৰ কামত হাৰ মানিব।

মকৰ ৰাশিৰ ৰাশিফল

যানবাহন ব্যৱহাৰৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক। অভিভাৱকৰ আশীৰ্বাদত অসম্পূৰ্ণ হৈ থকা যিকোনো কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। দায়িত্বশীলভাৱে নিজৰ কাম কৰাত মনোযোগ দিয়ক। পৰিয়ালত কোনো শুভ অনুষ্ঠানৰ আয়োজন হ’ব পাৰে। আপোনাৰ ইচ্ছা পূৰণৰ সম্ভাৱনা আছে। ভ্ৰমণৰ সময়ত নতুন তথ্য লাভ কৰিব পাৰে।

কুম্ভ ৰাশিৰ ৰাশিফল

সন্তানৰ পৰা কোনো ভাল খবৰ শুনিব পাৰে। যিকোনো লোকৰ সৈতে অযথা বাদ-বিবাদত লিপ্ত হোৱাৰ পৰা বিৰত থাকক, অন্যথা সম্পৰ্কৰ ক্ষতি হ’ব। আপোনাৰ চিন্তাশীলতাই যিকোনো কাম সম্পন্ন কৰাত সহায় কৰিব। ঘৰলৈ কোনো নতুন অতিথিৰ আগমন ঘটিব পাৰে। দীৰ্ঘদিন ধৰি আপোনাক চিন্তিত কৰি ৰখা যিকোনো সম্পত্তিৰ বিবাদ আজি দূৰ হোৱাৰ সম্ভাৱনা আছে।

মীন ৰাশিৰ ৰাশিফল

কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা বৃদ্ধি পাব। নিজৰ প্ৰতিভাৰ সুবাদত নতুন পৰিচয় লাভ কৰিব। ৰাজনীতিৰ সৈতে জড়িত লোকসকলৰ বাবে শুভ। অহিত চিন্তকৰ প্ৰভাৱৰ পৰা নিজকে মুক্ত কৰি ৰখাৰ চেষ্টা কৰক। আৰ্থিক সমস্যা সন্দৰ্ভত ভাতৃ-ভগ্নীৰ সৈতে নিঃসংকোচে আলোচনা কৰক। পৰিয়ালৰ যিকোনো সমস্যা সমাধানৰ চেষ্টা কৰক।

উপকাৰী আদাও হৈ পৰিব পাৰে বিপদৰ কাৰণ! এনে সমস্যা আছে যদি হওক সাৱধান
মগু প্ৰতিদিনে খায় নেকি? সঠিক নিয়ম নাজানিলে ওলোটা প্ৰভাৱ পৰিব!
প্ৰস্ৰাৱৰ সময়ত বিষ আৰু সঘনাই মলত্যাগৰ অনুভৱ...এয়া কি ৰোগৰ লক্ষণ?
বৃক্ক ৰোগৰ প্ৰাৰম্ভিক পৰ্যায়ত চকুত কেনেধৰণৰ লক্ষণে দেখা দিয়ে...