ঘৰ এখনত দৰিদ্ৰতা তথা আৰ্থিক অভাৱৰ কাৰণ কি? গৰুড় পুৰাণে কৰিছে বাখ্যা

গৰুড় পুৰাণত এখন ঘৰত দৰিদ্ৰতা আৰু আৰ্থিক সমস্যাৰ কেইবাটাও কাৰণো ব্যাখ্যা কৰা হৈছে। এই কাৰকবোৰে ঘৰ এখনত দৰিদ্ৰতাৰ পৰিৱেশ সৃষ্টি কৰিব পাৰে। জানো আহক এই বিষয়ে।

ঘৰ এখনত দৰিদ্ৰতা তথা আৰ্থিক অভাৱৰ কাৰণ কি? গৰুড় পুৰাণে কৰিছে বাখ্যা

গৰুড় পুৰাণ

Published: 

01 Dec 2025 | 03:18 PM

নিজ ব্যক্তিগত তথা পাৰিবাৰিক জীৱনত প্ৰতিজন ব্যক্তিয়েই চিৰন্তন সুখ আৰু শান্তিৰ কামনা কৰে। এনে এক উদ্দেশ্যৰেই সকলোৱে প্ৰতিনিয়ত অশেষ পৰিশ্ৰম কৰে। ধন-সম্পত্তি আহৰণৰ ক্ষেত্ৰত স্বাভাৱিকতেই কঠোৰ পৰিশ্ৰম আৰু পৰিকল্পিত জীৱনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিন্তু কেতিয়াবা যথেষ্ট কষ্টৰ পিছতো এখন ঘৰত আৰ্থিক সমস্যাই গা কৰি উঠে। পিছে ইয়াৰ কাৰণ কেৱল আৰ্থিক নহয়, কিছুমান বিশেষ আচৰণ তথা অভ্যাসৰ বাবেও দৰিদ্ৰতাই আগুৰি ধৰিব পাৰে।

হিন্দু ধৰ্মৰ ১৮ খন মহাপুৰাণৰ ভিতৰত গৰুড় পুৰাণ অন্যতম। এই গ্ৰন্থত মৃত্যুৰ পিছত আত্মাৰ যাত্ৰাৰ বিষয়ে অতি বিশদভাৱে বৰ্ণনা কৰা হৈছে। গৰুড় পুৰাণত এখন ঘৰত দৰিদ্ৰতা আৰু আৰ্থিক সমস্যাৰ কেইবাটাও কাৰণো ব্যাখ্যা কৰা হৈছে। এই কাৰকবোৰে ঘৰ এখনত দৰিদ্ৰতাৰ পৰিৱেশ সৃষ্টি কৰিব পাৰে। জানো আহক এই বিষয়ে-

লেতেৰা আৰু অপৰিষ্কাৰ কাপোৰ পিন্ধা

দেৱী লক্ষ্মীয়ে পৰিষ্কাৰ-পৰিচ্ছন্নতা ভাল পায়। তেওঁ কেৱল পৰিষ্কাৰ ঘৰতহে বসতি কৰে। সদায় অপৰিষ্কাৰ কাপোৰ পৰিধান কৰা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাক অৱহেলা কৰাসকল দেৱী লক্ষ্মীৰ আশীৰ্বাদৰ পৰা বঞ্চিত হয়। ইয়াৰ ফলত এনে লোকৰ ঘৰত ধন-সম্পত্তিৰ অভাৱ হয় আৰু সমাজত সুনাম হ্ৰাস পায়।

দাঁত অপৰিষ্কাৰ কৰি ৰখা

গৰুড় পুৰাণ অনুসৰি দৈনিক দাঁত ব্ৰাছ নকৰা বা মুখৰ গোন্ধ ওলোৱা ব্যক্তিৰ লগত দেৱী লক্ষ্মী বাস নকৰে। ফলস্বৰূপে তেনে ব্যক্তিৰ ঘৰত দৰিদ্ৰতাই প্ৰাধান্য পাবলৈ আৰম্ভ কৰে। অপৰিষ্কাৰ দাঁত প্ৰায়ে এলাহ, অসুস্থতা আৰু অসংগঠিত জীৱনৰ লক্ষণ।

নিজৰ ভোকতকৈ বেছি খোৱা

নিজৰ ভোকতকৈ বেছি খাদ্য খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি গণ্য কৰা হয়। তদুপৰি গৰুড় পুৰাণত উল্লেখ আছে যে অতিমাত্ৰা খাদ্য খোৱাসকলৰ প্ৰতি দেৱী লক্ষ্মী অসন্তুষ্ট হৈ পৰে। অতিমাত্ৰা খাদ্য খোৱাৰ ফলত এলাহ আৰু অসুস্থতাৰ সৃষ্টি হয়।

সূৰ্য উদয় আৰু সূৰ্যাস্তৰ সময়ত শুই থকা

শাস্ত্ৰই সূৰ্য উদয় আৰু সূৰ্যাস্তক অতি পবিত্ৰ বুলি গণ্য কৰে। এই সময়ত শুই থকাটো অশুভ বুলি গণ্য কৰা হয়। তেনে কৰাসকলৰ ওপৰত দেৱী লক্ষ্মী অসন্তুষ্ট হয়।

কটু ভাষা

কটু তথা কঠোৰ কথা কোৱা লোকসকলৰ কাষৰ পৰা মানুহে লাহে লাহে আঁতৰি যায়। গৰুড় পুৰাণ মতে, কঠোৰ শব্দই দেৱী লক্ষ্মীক অসন্তুষ্ট কৰে। ইয়াৰ ফলত ঘৰত বিবাদ আৰু সংঘাতো বৃদ্ধি পায়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...