নতুন বৰ্ষ ২০২৬ত এই ৩ ৰাশিৰ ওপৰত পৰিব কেতুৰ কোপদৃষ্টি, ৮ মাহ পৰ্যন্ত সহিব লাগিব দুখ-কষ্ট

আগন্তুক নতুন বৰ্ষ ২০২৬ চনৰ এপ্ৰিলৰ পৰা নৱেম্বৰ মাহলৈ কেতু প্ৰায় আঠ মাহ নিজৰ নক্ষত্ৰমণ্ডলত থাকিব। মাঘা নক্ষত্ৰত কেতুৰ উপস্থিতিয়ে তিনিটা ৰাশিৰ বাবে দুখ-কষ্টৰ সৃষ্টি কৰিব পাৰে। চাওক এই বিষয়ে।

নতুন বৰ্ষ ২০২৬ত এই ৩ ৰাশিৰ ওপৰত পৰিব কেতুৰ কোপদৃষ্টি, ৮ মাহ পৰ্যন্ত সহিব লাগিব দুখ-কষ্ট

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

14 Dec 2025 | 07:37 PM

আগন্তুক নতুন বৰ্ষ ২০২৬ চনক লৈ ইতিমধ্যে আৰম্ভ হৈছে জল্পনা-কল্পনা। জ্যোতিষৰ আধাৰত বহু ভৱিষ্যদ্বাণীও দেখিবলৈ পোৱা গৈছে। এই নতুন বছৰত কেতুৰ শক্তি বৃদ্ধি পাব বুলিও জানিব পৰা গৈছে। জ্যোতিষৰ হিচাপ অনুসৰি ২০২৬ চনত কেতুৱে তিনিবাৰকৈ নিজৰ স্থান সলনি কৰিব। জ্যোতিষীসকলে ভৱিষ্যদ্বাণী কৰা মতে যেতিয়া মাৰ্চ মাহত কেতু মাঘা নক্ষত্ৰত প্ৰৱেশ কৰিব, তেতিয়া ইয়াৰ শক্তি বহুগুণ বৃদ্ধি পাব। কাৰণ কেতু এই নক্ষত্ৰৰ শাসক। কেতুৱে যেতিয়াই নিজৰ ঘৰত প্ৰৱেশ কৰে, তেতিয়াই ইয়াৰ প্ৰভাৱ বাঢ়ি যায়।

২০২৬ চনত কেতুৱে সিংহ ৰাশিৰ পৰা কৰ্কট ৰাশিলৈ গতি কৰিব। তদুপৰি ২৯ মাৰ্চত মাঘা নক্ষত্ৰলৈ আৰু ৫ ডিচেম্বৰত অশ্লেষা নক্ষত্ৰলৈ গতি কৰিব কেতুৱে। অৰ্থাৎ এপ্ৰিলৰ পৰা নৱেম্বৰ মাহলৈ কেতু প্ৰায় আঠ মাহ নিজৰ নক্ষত্ৰমণ্ডলত থাকিব। মাঘা নক্ষত্ৰত কেতুৰ উপস্থিতিয়ে তিনিটা ৰাশিৰ বাবে দুখ-কষ্টৰ সৃষ্টি কৰিব পাৰে।

বৃষ ৰাশি

এই সময়ত আপুনি মানসিক চাপৰ সন্মুখীন হ’ব পাৰে। আৰ্থিক বিষয়ত সাৱধান হওক। ধন ধাৰে লোৱাৰ পৰা বিৰত থাকক। চৰকাৰী খণ্ডত কাম কৰাসকলে বদলি সম্পৰ্কীয় অসুবিধাৰ সন্মুখীন হ’ব পাৰে। বিনিয়োগ বিপদজনক প্ৰমাণিত হ’ব পাৰে। আপোনাৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো প্ৰত্যাহ্বানজনক হ’ব পাৰে। প্ৰেম বিবাহৰ ক্ষেত্ৰত পৰিস্থিতি অনুকূল নহয়।

সিংহ ৰাশি

আয় বৃদ্ধি হ’ব পাৰে, কিন্তু আকাংক্ষিত ফল লাভৰ বাবে অতিৰিক্ত কষ্টৰ প্ৰয়োজন হ’ব। কেৰিয়াৰ, ব্যৱসায় আৰু কৰ্মসংস্থাপনৰ ক্ষেত্ৰত হঠাতে সমস্যাৰ সৃষ্টি হ’ব পাৰে। চাকৰিত নিয়োজিত লোকৰ দায়িত্ব বৃদ্ধিয়ে দৈনন্দিন জীৱনত প্ৰভাৱ পেলাব পাৰে। ব্যৱসায়ীসকল মন্দাৱস্থাৰ সন্মুখীন হ’ব। প্ৰেমৰ সম্পৰ্কত খৰখেদা কৰিলে বিপদৰ সন্মুখীন হ’ব।

মীন ৰাশি

ব্যৱসায়ীসকলে বিপদজনক বিনিয়োগৰ পৰা বিৰত থাকিব লাগিব, অন্যথা খৰখেদাকৈ সিদ্ধান্ত ল’লে লোকচান হ’ব পাৰে। ঋণ গ্ৰহণৰ পৰা বিৰত থাকক। নতুন সম্পৰ্ক, অংশীদাৰিত্ব বা যিকোনো নতুন উদ্যোগ গঢ়াৰ পৰা বিৰত থকাই উচিত হ’ব। পুৰণি কোনো বিবাদৰ পুনৰ উত্থাপন হ’ব পাৰে। কোনো আইনী গোচৰে হতাশাৰ সৃষ্টি কৰিব পাৰে। মানসিক ক্লান্তি অনুভৱ হ’ব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...