Ambubachi Mela 2025: কেনেদৰে পালন কৰা হয় অম্বুবাচী, জানক ইয়াৰ মহত্ব, ৰীতি-নীতি সকলো…

এইবাৰ ২২ জুনৰ পৰা ২৬ জুনলৈ কামাখ্যা ধামত মহা অম্বুবাচী মেলাৰ আয়োজন কৰা হৈছে। এইবাৰ ২২ জুনৰ দুপৰীয়া ২.৫৬ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তি। আনহাতে ২৬ জুনৰ পুৱতি নিশা ৩ বজাত অম্বুবাচীৰ নিবৃত্তি। অম্বুবাচীৰ লগত জড়িত বহুতো নিয়ম-নীতি জড়িত হৈ আছে।

Ambubachi Mela 2025: কেনেদৰে পালন কৰা হয় অম্বুবাচী, জানক ইয়াৰ মহত্ব, ৰীতি-নীতি সকলো...

কামাখ্যা মন্দিৰ

Published: 

22 Jun 2025 00:40 AM

অম্বুবাচী হিন্দু ধৰ্মৰ এক গুৰুত্বপূৰ্ণ উৎসৱ। এই উৎসৱৰ লগত জড়িত বিভিন্ন কাহিনী শাস্ত্ৰত আছে। এই অম্বুবাচীক বিভিন্ন আঞ্চলিক ভাষাত আমতি বা আমেতি নামেৰেও জনা যায়। হিন্দু শাস্ত্ৰ আৰু বেদত পৃথিৱীক মাতৃ বুলি কোৱা হয়। আহাৰ মাহত মৃগ শিৰা নক্ষত্ৰৰ পাদৰ পৰা মা বসুমতীৰ ঋতুস্ৰাৱ হয় বুলি বিশ্বাস কৰা হয়। কেৱল প্ৰাপ্তবয়স্ক ঋতুস্ৰাৱী মহিলাইহে সন্তান জন্ম দিব পাৰে। সেয়ে অম্বুবাচীৰ পিছত ধৰিত্ৰীও শস্যৰে সেউজীয়া হৈ পৰে।

এই সময়ত গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ নীলাচল পাহৰত অৱস্থিত বিখ্যাত কামাখ্যা মন্দিৰত অনুষ্ঠিত হয় এই বিশাল মেলা। য’ত সমাগম হয় অগণন ভক্ত, সাধু-সন্যাসীৰ। এই সময়ত তিনিদিনলৈ কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ কৰি ৰখা হয়। অৱশ্যে চতুৰ্থ দিনা সাধাৰণ ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰা হয়। অম্বুবাচী উৎসৱ ভাৰতৰ কেইবাটাও স্থানত ৰাজা উৎসৱ হিচাপেও পালন কৰা হয়।

অম্বুবাচী কেতিয়া?

এইবাৰ ২২ জুনৰ পৰা ২৬ জুনলৈ কামাখ্যা ধামত মহা অম্বুবাচী মেলাৰ আয়োজন কৰা হৈছে। এইবাৰ ২২ জুনৰ দুপৰীয়া ২.৫৬ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তি। আনহাতে ২৬ জুনৰ পুৱতি নিশা ৩ বজাত অম্বুবাচীৰ নিবৃত্তি। অম্বুবাচীৰ লগত জড়িত বহুতো নিয়ম-নীতি জড়িত হৈ আছে। এইবোৰ মানি চলিলে পৰিয়ালটো ভাল হ’ব বুলি বিশ্বাস কৰা হয়। যুগ যুগ ধৰি কি কি নিয়ম-নীতি পালন কৰা হয় আৰু ইয়াৰ পৌৰাণিক ব্যাখ্যা জানি লও আহক।

অম্বুবাচীৰ বিভিন্ন নিয়ম-নীতি

  •  অম্বুবাচীৰ তিনিদিনলৈ কোনো শুভ কাম নিষিদ্ধ । কোনো পূজা কৰিব নোৱাৰে। অম্বুবাচীৰ সময়ত মন্ত্ৰ জপ কৰিব নালাগে আৰু মন্দিৰৰ ভিতৰত সোমাব নালাগে।
  • এই দিনকেইকেইটাত খেতিৰ কামো কৰা নাযায়। অম্বুবাচীৰ তিনিদিন পিছত পুনৰ আৰম্ভ হয় শুভ অনুষ্ঠান বা খেতি।
  • অম্বুবাচীৰ তিনিদিন সন্ন্যাসী আৰু বিধৱাসকলে বিশেষভাৱে পালন কৰে। অম্বুবাচী উপলক্ষে বিভিন্ন পৰিয়ালৰ বিধৱাসকলে তিনিদিন বিশেষ ব্ৰত পালন কৰে। তিনিদিন পিছত চাবোনেৰে কাপোৰ-কানি আৰু বিচনা আৰু গা ধুই তাৰ পাছত পাকঘৰত প্ৰৱেশ কৰি স্বাভাৱিক জীৱনলৈ ঘূৰি আহে।
  • এই তিনিদিনত সাধু, সন্ন্যাসী, বিধৱা, মাহেকীয়া হোৱাসকলে মাটিত জুইত ৰন্ধা বস্তু একো নাখায়। কাৰণ পৰম্পৰাগত বিশ্বাস অনুসৰি ঋতুস্ৰাৱৰ সময়ত মহিলা অপৰিষ্কাৰ হৈ থাকে। একেদৰে অম্বুবাচীৰ সময়তো পৃথিৱী অশুচি বুলি বিশ্বাস কৰা হয়। এই তিনিদিন বিভিন্ন ফল-মূল খাই পাৰ কৰা হয়।
  • অম্বুবাচী শেষ হোৱাৰ পিছত দেৱীৰ মূৰ্তি বা ফটোৰ পৰা পৰ্দা আঁতৰাই ভালদৰে পূজা কৰা হয়। দেৱীক ফল আৰু গাখীৰ অৰ্পণ কৰা হয়।
ভাগ্যত নাথাকিলে বিচৰা বস্তুটো কেনেকৈ নিজৰ কৰিব?
উজ্জ্বল আৰু কোমল ছালৰ বাবে কিদৰে ব্যৱহাৰ কৰিব এলোভেৰা জেল?
টোপনিৰ এনে অভ্যাস হ’ব পাৰে আপোনাৰ জীৱনৰ বিপদ, কৰিব পাৰে হৃদযন্ত্ৰৰ ক্ষতি
আজিৰ জীৱনশৈলীত লিভাৰ কেনেকৈ সুস্থ ৰাখিব? ৫টা পৰামৰ্শ
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা
‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...