Ambubachi Mela 2025: কিয় বিশেষ অম্বুবাচী মেলা? কামাখ্যা মন্দিৰৰ কিছু অলৌকিক ৰহস্যৰ বিষয়ে জানক…

প্ৰতিবছৰে অম্বুবাচীত লাখ লাখ দৰ্শনাৰ্থীয়ে ভিৰ কৰে । এইবাৰো যেন ব্যাতিক্ৰম নহয়। অম্বুবাচী উপলক্ষে শক্তিপীঠ মা কামাখ্যা ধামত উপস্থিত দেশী বিদেশী সাধু সন্ন্যাসী। বিশেষ পূজা অৰ্চনাৰ পাছত মা কামাখ্যা ধামৰ পৰিক্ৰমা কৰে সাধু সন্ন্যাসীসকলে।

Ambubachi Mela 2025: কিয় বিশেষ অম্বুবাচী মেলা? কামাখ্যা মন্দিৰৰ কিছু অলৌকিক ৰহস্যৰ বিষয়ে জানক...

শক্তিপীঠ মা কামাখ্যা ধাম

Published: 

23 Jun 2025 00:50 AM

২২ জুন দেওবাৰৰ পৰা আৰম্ভ হৈছে অম্বুবাচীৰ মহাযোগ। প্ৰবৃত্তিৰ লগে লগে ভক্ত-দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰা হ’ল কামাখ্যা মন্দিৰৰ মূল দুৱাৰ । ইফালে, ২৬ জুনৰ পুৱাই দেৱী কামাখ্যা স্নান আৰু পূজা আগবঢ়োৱাৰ পাছতে পুনৰ খুলি দিয়া হ’ব মন্দিৰৰ দুৱাৰ। প্ৰতিবছৰে অম্বুবাচীত লাখ লাখ দৰ্শনাৰ্থীয়ে ভিৰ কৰে । এইবাৰো যেন ব্যাতিক্ৰম নহয়। অম্বুবাচী উপলক্ষে শক্তিপীঠ মা কামাখ্যা ধামত উপস্থিত দেশী বিদেশী সাধু সন্ন্যাসী। বিশেষ পূজা অৰ্চনাৰ পাছত মা কামাখ্যা ধামৰ পৰিক্ৰমা কৰে সাধু সন্ন্যাসীসকলে। দেখা গৈছে অগণন ভক্তৰ সমাগম।

অম্বুবাচী কিয় বিশেষ

দেৱী পুৰাণত উল্লেখ কৰা অনুসৰি ৫১ খন শক্তি পীঠৰ ভিতৰত অন্যতম হৈছে কামাখ্যা দেৱীৰ মন্দিৰ। প্ৰতি বছৰে বহু ভক্তই কামাখ্যা মন্দিৰলৈ আহি দেৱীৰ দৰ্শন কৰে। কেৱল সেয়াই নহয়, সমগ্ৰ ভাৰতৰ পৰা বৃহৎ সংখ্যক সাধু-সন্যাসী আৰু তান্ত্ৰিক ইয়ালৈ আহে। । আহাৰ মাহত মৃগ শিৰা নক্ষত্ৰৰ পাদৰ পৰা মা বসুমতীৰ ঋতুস্ৰাৱ হয় বুলি বিশ্বাস কৰা হয়। অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে তিনিদিনলৈ কামাখ্যা ধামৰ দুৱাৰ বন্ধ ৰখা হয় । ফলস্বৰূপে সেইকেইদিন দেৱী দৰ্শন নিষিদ্ধ থাকে । চতুৰ্থ দিনত মন্দিৰ খোলাৰ লগে লগে দেৱীৰ স্নান, পূজা, প্ৰভৃতি সমাপন হোৱাৰ পৰাহে দৰ্শনাৰ্থীয়ে দেৱীক দৰ্শন কৰিব পাৰে । পূব ভাৰতৰ দৰে অন্যান্য প্ৰান্তৰ দৰে কামাখ্যা ধামৰো ব্ৰাহ্মণ বিধৱাসকলে অম্বুবাচী প্ৰবৃত্তিৰ পৰা নিবৃত্তিৰ পাচতো দেৱীৰ ভোগ শেষ নোহোৱা পৰলৈকে ফলাহাৰ গ্ৰহণ কৰি থাকে । সেই কেইদিন সৰ্প ভয় নিবাৰণৰ বাবে দুগ্ধপান কৰে ।

প্ৰতি অম্বুবাচী মেলাত কামাখ্যা মন্দিৰলৈ লাখ লাখ সাধু, সন্ন্যাসী, অঘৰী, তান্ত্ৰিক আৰু ভক্তিপ্ৰাণ লোকৰ সমাৱেশ হয় । আনহাতে দেশ-বিদেশৰ লাখ লাখ ভক্তই তিনিওদিন কামাখ্যা মন্দিৰৰ চৌপাশে থাকি নাম-কীৰ্তন কৰে । মন্দিৰৰ বাহিৰতে ধূপ-দীপ জ্বলাই দেৱীক প্ৰণাম জনায় । অম্বুবাচীৰ নিবৃত্তিৰ দিনা পাণ্ডাসকলে ভক্তসকললৈ আগবঢ়ায় ৰক্তবস্ত্ৰ । দেৱীপীঠৰ পৰা অনা এই ৰক্তবস্ত্ৰ শৰীৰত ধাৰণ কৰিলে অভীষ্ট সিদ্ধি হোৱাৰ সম্ভাৱনা প্ৰবল বুলি জনবিশ্বাস আছে ।

কামাখ্যা মন্দিৰৰ ইতিহাস

বিশ্বাস অনুসৰি মৃত্যুৰ পিছত সতীৰ প্ৰতি শিৱৰ মোহভংগ কৰিবলৈ বিষ্ণুৱে নিজৰ সুদৰ্শন চক্ৰৰে সতিৰ দেহটো ৫১ টুকুৰা কৰি কাটিছিল। পৌৰাণিক কাহিনী অনুসৰি দক্ষ যজ্ঞত স্বামী শিৱক অপমান কৰাৰ পিছত দেৱী সতীয়ে যজ্ঞ কুণ্ডত নিজকে বলিদান দিছিল। ইয়াৰ পিছত বিচলিত শিৱই সতীৰ জ্বলা শৰীৰটো কান্ধত লৈ বিশ্বব্ৰহ্মাণ্ডৰ চাৰিওফালে ঘূৰি ফুৰিবলৈ ধৰিলে। ফলত সৃষ্টিৰ পৰিচালনাকে ধৰি বিভিন্ন কাম-কাজ স্তব্ধ হৈ পৰিল। এই বিষয়ে চিন্তিত হৈ সকলো দেৱতা বিষ্ণুৰ ওচৰ পালেগৈ। তাৰ পাছত নাৰায়ণে নিজৰ সুদৰ্শন চক্ৰৰে সতীৰ শৰীৰটো ৫১ টুকুৰা কৰি কাটিলে। এই টুকুৰাবোৰ য’তেই পৰিল, তাতেই এটা শক্তিপীঠৰ নিৰ্মাণ হ’ল। সতীৰ যোনী অংশ নীলাচল পাহাৰৰ ওপৰত পৰা বুলি কোৱা হয়। যি পিছলৈ মা কামাখ্যা মন্দিৰলৈ ৰূপান্তিত হয়। এই মন্দিৰত মাৰ যোনীক পূজা কৰা হয়।

একান্ত ধৰ্ম সাধনাত ব্ৰতী হোৱা দেশ-বিদেশৰ অলেখ অঘৰী, সাধু-সন্ন্যাসীৰ বাবে পবিত্ৰ তীৰ্থস্থল নীলাচল পাহাৰৰ ৰহস্যই আজিও বহুতৰ মনত অলেখ কৌতূহলৰ সৃষ্টি কৰে । নীলাচল পাহাৰৰ অপৰূপ সৌন্দৰ্যৰ মাজত অৱস্থিত মা কামাখ্য দেৱীৰ মন্দিৰটো তিনিটা খণ্ডত বিভক্ত । বিশেষ আশ্চৰ্যজনক এয়ে যে এই তিনিটা খণ্ডৰ এটা পাথৰৰ পৰা প্ৰতি মুহূৰ্তত অহৰহ পানী নিগৰিত হৈ থাকে । মূল প্ৰৱেশদ্বাৰৰ লগতে আছে তিনিখন দুৱাৰ । অৰ্থাৎ পূৰ্ব দুৱাৰত গণেশ, নন্দী আৰু হনুমন্ত, পশ্চিম দুৱাৰত ভৃংগী, উত্তৰ আৰু দক্ষিণত মহাকাল সৰ্বদা থাকে ।

দেৱী সতী আৰু ভগৱান শিৱৰ এই ৰহস্যই অগণন ভক্তিপ্ৰাণ লোকক আজিও আলোড়িত কৰে । তন্ত্ৰ সাধনাৰ কেন্দ্ৰ হোৱা বাবেই বাৰ্ষিক অম্বুবাচী মেলাত বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকৰ সমাগম হয় । বলি প্ৰথাৰ প্ৰচলন আৰু মন্ত্ৰ-তন্ত্ৰ পদ্ধতিয়ে আজিও মা কামাখ্যা দেৱী শক্তিপীঠক বহুতৰ বাবে শক্তিৰ উপাসনা স্থললৈ পৰ্যৱসিত কৰিছে । নীলাচল পাহাৰত মা কামাখ্যাৰ মূল মন্দিৰৰ লগতে আছে ভূৱনেশ্বৰী, বগলামুখী, ছিন্নমস্তা, ত্ৰিপুৰা সুন্দৰী, তাৰা, কালী, ভৈৰৱী, ধূমাৱতী, মাতংগী আৰু কমলা ।

নীলাচল পাহাৰত কামাখ্যা দেৱালয়ৰ উপৰি ১৩ টা অন্যান্য মন্দিৰো আছে । তাৰে ভিতৰত তাৰা মন্দিৰ, কালী মন্দিৰ, ভুৱনেশ্বৰী মন্দিৰ, সিদ্ধেশ্বৰ মন্দিৰ, গণেশ মন্দিৰ, পাণ্ডুনাথ মন্দিৰ আদি প্ৰসিদ্ধ । বিশেষ আশ্চৰ্যজনক যে কামাখ্যা মন্দিৰৰ মূল ভক্তিগৃহত কামাখ্যা দেৱীৰ কোনো মূৰ্তি নাই । তাত এটা শিলকহে আৰাধনা কৰা হয় । পাহাৰৰ মাটিৰ পৰা ২০ ফুট তলত থকা এটা গুহাত অৱস্থিত কামাখ্যা শক্তিপীঠ ।

 

দাঁত ব্ৰাছ কৰাৰ সঠিক পদ্ধতি কি? চিকিৎসকৰ পৰা জানক
কি ৰোগৰ সৈতে যুঁজি আছে চলমান খান? জনালে সকলো কথা...
সফলতা লাভত আহিছে নেকি বাধা? এইদৰে কৰক লঙৰ ব্যৱহাৰ, লাভ কৰিব সুফল
সাধাৰণ বুলি আওকান নকৰিব! এইসমূহ হ'ব পাৰে ভিটামিন B 12 অভাৱৰ লক্ষণ...