কিয় বাৰে বাৰে ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি পায় ? ইয়াক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি ? চিকিৎসকৰ পৰা জানক

বেয়া খাদ্যাভ্যাসৰ বাবে আপোনাৰ ইউৰিক এচিড বৃদ্ধি পাব পাৰে। কিছুমান সাৱধানতাই ইউৰিক এচিড নিয়ন্ত্ৰণ কৰাত আপোনাক সহায় কৰিব পাৰে।

কিয় বাৰে বাৰে ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি পায় ? ইয়াক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি ? চিকিৎসকৰ পৰা জানক
Published: 

07 Oct 2025 18:41 PM

যদি আপুনি সঘনাই ভৰি, আঁঠু বা ভৰিৰ আঙুলিত বিষ অনুভৱ কৰে, তেন্তে ই ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধিৰ লক্ষণ হ’ব পাৰে। ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি হ’লে বহু ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। ইউৰিক এচিড কিয় বৃদ্ধি পায় আৰু ইয়াক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি সেই বিষয়ে জানোঁ আহক।

দিল্লীৰ আৰ এম এল হাস্পতালৰ চিকিৎসা বিভাগৰ সঞ্চালক ডাঃ সুভাষ গিৰিয়ে কয় যে, যেতিয়া আমাৰ খাদ্যাভ্যাস বেয়া হয় তেতিয়া ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি পায়। প্ৰটিনযুক্ত খাদ্য আৰু অত্যধিক ৰঙা মাংস খোৱাৰ ফলতো এনে হ’ব পাৰে। ডাঃ গিৰিয়ে কয় যে, পিউৰিন নামৰ ৰাসায়নিক পদাৰ্থ শৰীৰত ভাঙি গ’লে ইউৰিক এচিড গঠন হয়। ই এক পেলনীয়া পদাৰ্থ আৰু প্ৰস্ৰাৱৰ জৰিয়তে নিৰ্গত হয়। কিন্তু আমি যেতিয়া উচ্চ প্ৰটিনযুক্ত খাদ্য গ্ৰহণ কৰোঁ তেতিয়া ই বৃক্কত চাপ বৃদ্ধি কৰে, যাৰ ফলত বৃক্কই সম্পূৰ্ণৰূপে বাহিৰ সেই পদাৰ্থ বাহিৰ কৰিব নোৱাৰে আৰু ই তেজত জমা হ’বলৈ আৰম্ভ কৰে।

কোনবোৰ খাদ্যই বাৰে বাৰে ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি কৰে?

ৰঙা মাংস, ছাগলী মাংস, ৰাজমাহ, মচুৰ দাইল, ফুলকবি, কাঠফুলা,পালেং শাক আদিত পিউৰিনৰ পৰিমাণ বেছি। এইবোৰ অতিমাত্ৰা সেৱন কৰিলেও ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি পাব পাৰে।

চেনিযুক্ত পানীয়, মদ, বিয়েৰ আদি সেৱন কৰিলেও ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি পাব পাৰে।

শৰীৰত পানীৰ অভাৱৰ বাবে পৰ্যাপ্ত পৰিমাণৰ প্ৰস্ৰাৱ উৎপাদন নহয় আৰু ইউৰিক এচিড শৰীৰৰ পৰা বাহিৰ হ’ব নোৱাৰে।

যদি পৰিয়ালৰ কোনো সদস্যৰ ইউৰিক এচিডৰ সমস্য়া আছে, তেন্তে আন সদস্যসকলেও একে সমস্যাৰ সন্মুখীন হোৱাৰ আশংকা থাকে।

ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধিৰ লক্ষণসমূহ

  • গাঁঠিৰ বিষ বা ফুলা
  • খোজ কঢ়াত অসুবিধা বা বাতবিষ
  • জ্বলা-পোৰা বা সঘনাই প্ৰস্ৰাৱ কৰা
  • ভাগৰুৱা, জ্বৰ, বমি, দুৰ্বলতা

ইয়াক কেনেকৈ নিয়ন্ত্ৰণ কৰিব?

  • ৰঙা মাংস, ৰাজমাহ, ফুলকবি আদিৰ পৰিমাণ কম কৰক।
  • গোটা শস্য, ফলমূল, সেউজীয়া শাক-পাচলি আদিৰ পৰিমাণ বৃদ্ধি কৰক।
  • দুগ্ধজাত সামগ্ৰী আৰু ভিটামিন চি সমৃদ্ধ ফল যেনে নেমু আৰু কমলা খোৱাটো উপকাৰী।
  • প্ৰতিদিনে ৮ৰ পৰা ১০ গিলাচ পানী খালে প্ৰস্ৰাৱৰ জৰিয়তে ইউৰিক এচিড নিৰ্গত হোৱাত সহায়ক হয়।
  • খাদ্যত নাৰিকলৰ পানী, নেমু পানী বা আমলাৰ ৰস অন্তৰ্ভুক্ত কৰিলেও উপকাৰী হ’ব পাৰে।
দীপাৱলীত ফুলিব কপাল, কেৱল মানি চলক এই নিয়ম!
কিয় চুগাৰ বৃদ্ধি পায়? ইয়াক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি? সহজ টিপছ জানক
প্ৰদৰ্শনেৰেই নহয়, আচৰণেৰেও হৃদয় জিনিলে ৰিয়ানে; কৰিলে এনে কাম
কি কি ৰোগত আঁঠুৰ বিষ হয় জানেনে? বিশেষজ্ঞৰ পৰা জানক...