পতঞ্জলিৰ এই ঔষধে শিপাৰ পৰা নাইকীয়া কৰে কলেষ্টৰেলৰ সমস্যা! গৱেষণাত দাবী…
তেজত কলেষ্টৰেলৰ পৰিমাণ বৃদ্ধি হোৱা এক গুৰুতৰ সমস্যা। ইয়াৰ ফলত হাৰ্ট এটেক বা অন্য হৃদ ৰোগৰ সমস্যা হ'ব পাৰে। কিন্তু পতঞ্জলিয়ে দাবী কৰিছে যে আয়ুৰ্বেদিক ঔষধৰ দ্বাৰা কলেষ্টৰেলৰ সমস্যা নাইকীয়া কৰিব পাৰি।

পতঞ্জলি
তেজত কলেষ্টৰেল পৰিমাণ বৃদ্ধি হ’লে গুৰুতৰ সমস্যাৰ সৃষ্টি হয়। ইয়াৰ বাবে হাৰ্ট এটেকৰ লগতে বহু হৃদ ৰোগ হোৱাৰ আশংকা থাকে। কলেষ্টৰেল বৃদ্ধি হ’লে ৰোগীয়ে ইয়াৰ চিকিৎসা কৰে। চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঔষধ সেৱন কৰাৰ পাছত তেজত কলেষ্টৰেলৰ সংখ্যা কমি যায় যদিও ধমনীত জমা হোৱা কলেষ্টৰেল আঁতৰ নহয়। এনে ক্ষেত্ৰত ৰোগীয়ে আয়ুৰ্বেদৰ সহায় ল’ব পাৰে। গৱেষণাৰ অন্তত পতঞ্জলিয়ে দাবী কৰিছে যে আয়ুৰ্বেদিক ঔষধে কলেষ্টৰেল আৰু ট্ৰাইগ্লিচাৰাইড হ্ৰাস কৰে, ইয়াৰোপৰি ইয়াৰ কোনো পাৰ্শ্বক্ৰিয়াও নাই।
পতঞ্জলিয়ে ৫ টা ঔষধৰ এক বিশেষ সংমিশ্ৰণ তৈয়াৰ কৰিছে। দাবী কৰা অনুসৰি, এই ঔষধে তেজৰ পৰা কলেষ্টৰেল আৰু ট্ৰাইগ্লিচাৰাইড হ্ৰাস কৰাৰ লগতে ধমনীত জমা হৈ থকা কলেষ্টৰেল আৰু ট্ৰাইগ্লিচাৰাইড আঁতৰাই পেলোৱাত সহায় কৰিব। চিকিৎসকৰ পৰামৰ্শ অনুসৰি এই ঔষধ সেৱন কৰিলে কলেষ্টৰেল সম্পৰ্কীয় যিকোনো ৰোগৰ পৰা মুক্তি পাব পাৰি। পতঞ্জলিয়ে দাবী কৰা অনুসৰি নিৰ্ধাৰিত পদ্ধতি অনুসৰি ৰোগীয়ে এমাহ এই ঔষধ সেৱন কৰাৰ পাছত ইয়াৰ প্ৰভাৱ দেখিব। ইয়াৰোপৰি ৰোগীৰ অৱস্থা অনুসৰি এই ঔষধ খোৱাৰ সময় বা পৰিমাণ বেলেগ বেলেগ হ’ব পাৰে।
আয়ুৰ্বেদ
পতঞ্জলিৰ গৱেষণাত দাবী কৰা হৈছে যে এই আয়ুৰ্বেদিক ঔষধে কলেষ্টৰেল আৰু ইয়াৰ লগত জড়িত ৰোগ নিৰাময় কৰে। এই ঔষধসমূহৰ ভিতৰত আছে দিব্য সৰ্বকল্প কোৱাথ, দিব্য অৰ্জুন কোৱাথ, পতঞ্জলি ছি বাকথৰ্ন কেপচুল, দিব্য লিপিডম টেবলেট, দিব্য লৌকি ঘনৱতী টেবলেট আদি। এই ঔষধসমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত নিৰ্ধাৰিত পদ্ধতি অনুসৰি সেৱন কৰিব লাগে। এই ঔষধসমূহ নিয়মিতভাৱে সেৱন কৰিলে শিপাৰ পৰা কলেষ্টৰেলৰ সমস্যা নোহোৱা হ’ব বুলি দাবী কৰা হৈছে। গৱেষণাত উল্লেখ কৰা অনুসৰি ইয়াৰ ফলত তেজত কলেষ্টৰেলৰ পৰিমাণ কমি যোৱাৰ লগতে ধমনীত আৱদ্ধ কলেষ্টৰেল কমি যাব। যাৰ বাবে হাৰ্ট এটেকৰ আশংকা নাইকীয়া হ’ব।
কেনেকৈ খাব ঔষধ
গৱেষণাত কোৱা হৈছে যে, দিব্য সৰ্বকল্প কোৱাথ আৰু দিব্য অৰ্জুন কোৱাথ এক চামুচকৈ মিহলাই ৪০০ এমএল পানীত উতলাব লাগে। যেতিয়া পানী ১০০ এমএল থাকি যায় তেতিয়া ইয়াক ঠাণ্ডা কৰি খালী পেটত খাব লাগে। এই ঔষধ পুৱা আৰু গধূলি সেৱন কৰিব লাগে। ইয়াৰ লগতে পতঞ্জলি ছি বাকথৰ্ন কেপচুল পুৱা আৰু গধূলি খাদ্য গ্ৰহণ কৰাৰ আগতে কুহুমীয়া পানীৰ সৈতে খাব লাগে।দিব্য লিপিডম টেবলেট, দিব্য লাউকি ঘনৱতী টেবলেট পুৱা আৰু সন্ধিয়া খাদ্য খোৱাৰ পিছত কুহুম পানীৰ লগত খাব লাগে। আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ অনুসৰি এই ঔষধ সেৱন কৰা উচিত।
অন্য খবৰ পঢ়কঃ Hair loss: গৰমৰ দিনত অধিক চুলি সৰে নেকি? তেন্তে ই কি বেমাৰৰ লক্ষণ হ’ব পাৰে, জানক…