শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Duck Curry Assamese Style: কোমোৰাৰ সৈতে এনেকৈ বনাওক হাঁহৰ মাংস, আলহীয়ে আঙুলি চেলেকি থাকিব

অসমীয়া সমাজত বিভিন্ন জনপ্ৰিয় খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত হাঁহ কোমোৰাৰ ব্যঞ্জন। কোমোৰা আৰু হাঁহৰ মাংসৰ জুতি কোনেনো এৰিব পাৰে? এই ব্যঞ্জনৰ নাম শুনিলে প্ৰতিজন অসমীয়াৰ জিভাৰ পানী পৰে!

Duck Curry Assamese Style: কোমোৰাৰ সৈতে এনেকৈ বনাওক হাঁহৰ মাংস, আলহীয়ে আঙুলি চেলেকি থাকিব
কোমোৰাৰ সৈতে এনেকৈ বনাওক হাঁহৰ মাংস
barasha-misra
Barasha Misra | Updated On: 09 Jan 2025 21:18 PM

কোমোৰা গ্ৰীষ্মকালীন পাচলি যদিও বৰ্তমান বাৰমাহে সকলো ঋতুতে কোমোৰা উৎপাদন কৰা হয় । কোমোৰাৰ সৈতে হাঁহৰ মাংসৰ জুটি প্ৰত্যেকজন অসমীয়াই ভাল পায়। অসমীয়াৰ বিভিন্ন অনুষ্ঠাত এইখন ব্যঞ্জন থাকে।

কোমোৰা এনে এবিধ পাচলি যাক কুমলীয়াৰপৰা পূৰঠ, আনকি শুকান অৱস্থাতো খাব পাৰি। কোমোৰাত থকা দুবিধ বিশেষ উপাদান- Alunsenol আৰু Multiflorenolৰ বাবে ৰুগীয়া কোষত সুস্থ আৰু সবল কৰি ৰখাৰ ক্ষমতা থাকে বুলি পোহৰলৈ অহাৰ পিছত ইয়াৰ ব্যৱহাৰিক গুৰুত্বও ভালেখিনি বৃদ্ধি পাইছে।

কোমোৰাৰ উপকাৰিতা

গৱেষণাত পোৱা তথ্যনুসৰি, বগা কোমোৰাই আইৰণৰ অভাৱ দুৰ কৰাৰ উপৰিও ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ কাম কৰে। কেৱল এয়াই নহয়, ইয়াত মেদবহুলতা-প্ৰতিৰোধী আৰু এণ্টিঅক্সিডেণ্ট গুণাগুণ আছে। এইবোৰৰ উপৰি কোমোৰাৰ উপকাৰিতা সন্দৰ্ভত আৰু ভালেখিনি তথ্য পোৱা গৈছে।

  1. ই মৃগীৰোগ, জণ্ডিচ, জ্বৰ, বৃক্কত হোৱা পাথৰ, মানসিক ৰোগ তথা মানসিক অস্থিৰতা নিয়ন্ত্ৰণত সহায় কৰে।
  2. নিদ্ৰাহীনতা দূৰীকৰণত কোমোৰাই ভাল ফল দিয়ে।
  3. কেঁচুমূৰীয়া ৰোগ(পাইলছ)ৰ উপশম কোমোৰাই ভাল ফল দিয়ে।
  4. পূৰঠ কোমোৰা পিহি পোৱা ৰসৰ লগত সমপৰিমাণৰ পানী মিলাই পুৱা খালী পেটত কিছুদিন খালে এচিডিটি, পেটৰ
  5. আলচাৰ আদি উপশম হয়। এনে ৰসে স্মৃতিশক্তি বৃদ্ধিতো সহায় কৰে।
  6. কোমোৰাৰ মজ্জাভাগ জুয়ে পোৰা ঠাইত প্ৰলেপ দিলে পোৰণি হ্ৰাস পায়।
  7. ই কোষ্ঠকাঠিন্য আৰু প্ৰস্ৰাৱৰ দোষ নিবাৰণত সহায় কৰে।
  8. ই স্নায়ু কোষৰ দুৰ্বলতা হ্ৰাস কৰে।

কোমোৰাৰ সৈতে হাঁহ

অসমীয়া মানুহে হাঁহৰ মাংস খাই যথেষ্ঠ ভাল পায়। যেতিয়া ইয়াক কোমোৰাৰ সৈতে প্ৰস্তুত কৰা হয় তেতিয়া তাৰ সোৱাদ দুগুন হৈ পৰে। আজি জানক ইয়াক ৰন্ধাৰ সহজ উপায়-

আমাক উপকৰণত লাগিব- সৰিয়হ তেল আধা কাপ, কটা হাঁহৰ মাংস ৪০০ গ্ৰাম, সৰু কোমোৰা এটাৰ আধা ফাল, আদা,পিয়াজ সৰু দুটা,কেঁচা জলকীয়া, নহৰু ৮ ফুট, তেজপাত এখিলা, জিৰা গুৰি দুচামুচ, জালুক গুৰি এচামুচ,গৰম মচলা পেষ্ট এচামুচ, হালধি আৰু নিমখ সোৱাদ অনুসৰি।

ৰন্ধন প্ৰণালী:

১) ধুই লৈ পানী আঁতৰাই লোৱা মাংসখিনি হালধি নিমখ সানি ৰঙচুৱা হোৱাকৈ ভাজি লওক।

২) কোমোৰা টুকুৰাবোৰো সেই তেলতে ভাজি লৈ উঠাই থলোঁ।

৩) এতিয়া তেলত প্ৰথমে তেজপাত দি পেষ্ট কৰি থোৱা পিয়াজ, আদা, নহৰু, জলকীয়াখিনি ঢালি কম জুইত খুব ভালদৰে ভাজি লৈ তাত আগতে ভাজি উঠাই থোৱা মাংস আৰু কোমোৰাখিনি দি জোখ মতে নিমখ আৰু হালধি আৰু গৰম মচলা খিনিৰ বাহিৰে বাকীখিনি দি ভালদৰে ভাজি লওক।

৪) ভালদৰে ভজা হোৱাৰ পিছত পানী দি ঢাকনি লগাই ১৫ মিনিট মান সিজিলৈ এৰি দিব। আকৌ গৰম মচলাৰ পেষ্ট খিনি মিহলাই ঢাকনি লগাই ৫ মিনিট উতলাই নমাই দিয়ক।

এইদৰে কম সময়তে প্ৰস্তুত হৈ পৰিব হাঁহ কোমোৰাৰ এখন সোৱাদলগা ব্য়ঞ্জন।