বতৰৰ ফল লিচু খোৱাৰ সময়ত মনত ৰাখক এই কথা, অন্যথা হ’ব পাৰে স্বাস্থ্যৰ হানি…

লিচু কেৱল সোৱাদতে যে ভাল, তেনে নহয়। আকাৰত সৰু এই ফলবিধৰ বহু স্বাস্থ্য উপকাৰী গুণো আছে। কিন্তু বিশেষজ্ঞসকলে কয় যে লিচু কেতিয়া খোৱা হয়, তাৰ ওপৰত ইয়াৰ উপকাৰিতা নিৰ্ভৰ কৰে। লিচু খোৱাৰ উপযুক্ত সময় কেতিয়া জানেনে? উপকাৰিতাৰ লগতে এই দিশটোও জানো আহক।

বতৰৰ ফল লিচু খোৱাৰ সময়ত মনত ৰাখক এই কথা, অন্যথা হ’ব পাৰে স্বাস্থ্যৰ হানি…

লিচু খোৱাৰ সঠিক সময় জানেনে?

Published: 

20 May 2025 23:10 PM

এতিয়া গ্ৰীষ্মৰ বতৰ। এই সময়ছোৱাত আমাৰ ঘৰৰ বাৰীৰ পৰা বজাৰলৈকে বিভিন্ন ফলেৰে উভৈনদী হৈ পৰে। গ্ৰীষ্মৰ বতৰত উপলব্ধ এনে এবিধ ফল হৈছে লিচু। এই মিঠা, ৰসাল ফলবিধ প্ৰায় সকলো লোকৰে প্ৰিয়। বছৰৰ এই সময়ত লিচুৰ চাহিদাও অধিক। লিচু কেৱল সোৱাদতে যে ভাল, তেনে নহয়। আকাৰত সৰু এই ফলবিধৰ বহু স্বাস্থ্য উপকাৰী গুণো আছে। কিন্তু বিশেষজ্ঞসকলে কয় যে লিচু কেতিয়া খোৱা হয়, তাৰ ওপৰত ইয়াৰ উপকাৰিতা নিৰ্ভৰ কৰে। লিচু খোৱাৰ উপযুক্ত সময় কেতিয়া জানেনে? উপকাৰিতাৰ লগতে এই দিশটোও জানো আহক।

লিচুত ৮২ শতাংশ পানী থাকে, যি আমাৰ শৰীৰক হাইড্ৰেট কৰি ৰখাত সহায় কৰে। গ্ৰীষ্মকালত উপলব্ধ এই ফলবিধ খালে স্বাস্থ্যৰ লগতে ছালৰ বাবেও বহু উপকাৰ পোৱা যায়। লিচুত মেগনেছিয়াম, পটাছিয়াম, ভিটামিন চি, প্ৰটিন, ফাইবাৰ আদি বহুতো পুষ্টিকৰ উপাদান থাকে, যি শৰীৰক সুস্থ কৰি ৰখাত সহায় কৰে। লিচুত অত্যাৱশ্যকীয় কিছু পুষ্টিকৰ উপাদান থাকে, যিবোৰ ছালৰ বাবে অতি উপকাৰী।

ইয়াত ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্ট থাকে, যি কলাজেন বৃদ্ধি কৰে আৰু ছালৰ বলিৰেখা, ব্ৰণ, ক’লা দাগ আদিৰ দৰে সমস্যা দূৰ কৰাত সহায় কৰে। লগতে ই ছালখন কোমল আৰু মসৃণ কৰি তোলে তথা ছালৰ উজ্জলতা বৃদ্ধিতো সহায় কৰে। লিচুত ফাইবাৰো যথেষ্ট পৰিমাণে থাকে। ফাইবাৰে হজম শক্তি উন্নত কৰে, যাৰ বাবে আমাৰ বদহজম আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যা নহয়।

লিচু খালে কেলৰি হ্ৰাস পায়। ইয়াত ফাইবাৰ যথেষ্ট পৰিমাণে থাকে, যাৰ ফলত বিপাকীয় ক্ৰিয়া বৃদ্ধি পায়। এইদৰে ই ওজন নিয়ন্ত্ৰণতো সহায় কৰে। তদুপৰি লিচুত ভিটামিন চি প্ৰচুৰ পৰিমাণে থাকে। এই পুষ্টিকৰ উপাদানে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। ই শৰীৰক গুৰুতৰ ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি প্ৰদান কৰে আৰু শৰীৰক সুস্থ কৰি ৰাখে।

পিছে বহু লোকে খালী পেটত লিচু খোৱা পৰিলক্ষিত হয়, কিন্তু খালী পেটত খালে শৰীৰে সম্পূৰ্ণ পুষ্টি লাভ নকৰে। বিশেষজ্ঞসকলৰ মতে লিচু ব্ৰেকফাষ্টৰ ১ ঘণ্টাৰ পিছত বা দুপৰীয়াৰ আহাৰৰ ১-২ ঘণ্টা আগতে খাব লাগে। ইয়াৰ ফলত লিচু খোৱাৰ সুফল দুগুণ হয় আৰু স্বাস্থ্যৰ ওপৰত কোনো নেতিবাচক প্ৰভাৱ নপৰে।

মিঠা আৰু ৰসাল লিচুৰ সুস্বাদু সোৱাদৰ বাবে কিছুমান মানুহে একেলগে বহুত লিচু খায়। কিন্তু তেনেকুৱা কৰিলে উপকাৰতকৈ অপকাৰহে অধিক হ’ব। ইয়াৰ ফলত পিছলৈ কোষ্ঠকাঠিন্য, এচিডিটি, বদহজম বা পেটৰ সমস্যা হ’ব পাৰে। পাচনতন্ত্ৰ দুৰ্বল হৈ পৰে। গতিকে দিনটোত ১০-১৫ টাতকৈ বেছি লিচু খাব নালাগে।

শৰীৰৰ বিভিন্ন অংশত থকা তিলে কি সূচায়, জীৱনৰ ৰহস্য ভেদ কৰে তিলে
Shani Dev: কোনবোৰ লোকৰ ওপৰত শনি দেৱে খং কৰে? কেতিয়াও নকৰিব এইকেইটা কাম
হনুমানৰ পৰা আমি শিকিব লগা ১০ টা গুণ, সবিশেষ জানক
শৰীৰত তেজৰ অভাৱ হ'লে ছালত দেখা পাব এইসমূহ লক্ষণ, সাৱধান হওক