টাইপ-২ ডায়েবেটিছ, যিয়ে বৃদ্ধি কৰে মহিলাসকলৰ মাজত হৃদৰোগৰ আশংকা, জানক সবিশেষ…

আজিকালি বিভিন্নজনৰ মাজত ডায়েবেটিছ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। মহিলাসকলৰ মাজত টাইপ-২ ডায়েবেটিছৰ ৰোগীৰ সংখ্যা বেছি হোৱা দেখা যায়। ই হৃদৰোগৰ আশংকা বৃদ্ধি কৰে।

টাইপ-২ ডায়েবেটিছ, যিয়ে বৃদ্ধি কৰে মহিলাসকলৰ মাজত হৃদৰোগৰ আশংকা, জানক সবিশেষ...

ডায়েবেটিছ

Published: 

23 Jul 2025 16:30 PM

টাইপ ২ ডায়েবেটিছ হৈছে এক বিপাকীয় বিকাৰ (Metabolic Disorders)। এনে অৱস্থাত শৰীৰে ইনচুলিন সঠিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰে বা পৰ্যাপ্ত পৰিমাণৰ ইনচুলিন উৎপাদন কৰিব নোৱাৰে। ইয়াৰ ফলত তেজত চুগাৰৰ মাত্ৰা বৃদ্ধি হৈ গৈ থাকে। বিশেষকৈ হৰম’নৰ পৰিৱৰ্তন, মেদবহুলতা, দুৰ্বল জীৱনশৈলী আৰু পলিচিষ্টিক অভাৰী চিনড্ৰম (PCOS)ৰ দৰে অৱস্থাৰ বাবে মহিলাৰ এই সমস্যা বৃদ্ধি পায়।

ইয়াৰোপৰি যিসকল মহিলাই গৰ্ভাৱস্থাত ডায়েবেটিছৰ সৈতে যুঁজ দিয়ে, তেওঁলোকৰ পাছলৈ টাইপ ২ ডায়েবেটিছ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। দীৰ্ঘদিন ধৰি শাৰীৰিক কাৰ্যকলাপৰ অভাৱ, মানসিক চাপ আৰু আঁহযুক্ত খাদ্যৰ পৰিৱৰ্তে প্ৰচেছড খাদ্য অত্যধিক সেৱন কৰাতো এই ৰোগ হয়।

দীৰ্ঘদিন ধৰি যেতিয়া ব্লাড চুগাৰ বেছি হৈ থাকে তেতিয়া ই শৰীৰৰ প্ৰায় সকলো অংগত আক্ৰান্ত হয়। ডায়েবেটিছ ৰোগে বৃক্ক, চকু, স্নায়ু, মগজু আৰু হৃদযন্ত্ৰত প্ৰভাৱ পেলায়। ইয়াৰ ফলত নিউৰ’পেথী, ৰেটিনোপেথী, বৃক্ক বিকল হোৱাৰ দৰে গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে।

মহিলাৰ ক্ষেত্ৰত ই হৰম’নৰ ভাৰসাম্যহীনতা বৃদ্ধি কৰিব পাৰে। এনে অৱস্থাত মহিলাৰ মাহেকীয়া অনিয়মিত হয় আৰু গৰ্ভাৱস্থাতো সমস্যাৰ সৃষ্টি হয়। ডায়েবেটিছে ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰি তোলে, যাৰ ফলত সোনকালে সংক্ৰমণ হয় আৰু ঘা ভাল হ’বলৈ বেছি সময় লাগে।

টাইপ ২ ডায়েবেটিছে মহিলাৰ হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে

দিল্লী এমচিডিৰ মেডিচিনৰ ডাঃ অজয় কুমাৰে কয় যে,  টাইপ ২ ডায়েবেটিছ আৰু হৃদৰোগৰ মাজত সম্পৰ্ক আছে। ডায়েবেটিছে শৰীৰত ব্লাড চুগাৰৰ লগতে কলেষ্টেৰল বৃদ্ধি কৰে। ইয়াৰ ফলত শিৰাৰ কাষত চৰ্বি জমা হয়, যাক এথেৰ’স্কলেৰ’ছিছ বোলা হয়। এই অৱস্থাত হাৰ্ট এটেক বা ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পায়। পুৰুষতকৈ মহিলাৰ এই আশংকা বেছি, কাৰণ হৰম’নৰ পৰিৱৰ্তন আৰু ডায়েবেটিছৰ সৈতে মিহলি হোৱা ইষ্ট্ৰজেনৰ প্ৰভাৱে হৃদযন্ত্ৰৰ কাৰ্যকলাপত অধিক প্ৰভাৱ পেলায়।

NIHR Leicester Biomedical Research Centre (BRC) ৰ মতে, ডায়েবেটিছত আক্ৰান্ত মহিলাসকলৰ হৃদযন্ত্ৰৰ সমস্যাৰ সম্ভাৱনা পুৰুষতকৈ ২ৰ পৰা ৩ গুণ বেছি। যাৰ বাবে ডায়েবেটিছৰ ক্ষেত্ৰত মহিলাসকল অধিক সাৱধান হৈ থাকিব লাগে।

প্ৰতিকাৰ

  • মাজে মাজে চুগাৰ পৰীক্ষা কৰিব লাগে।
  • স্বাস্থ্যসন্মত আৰু কম চেনিযুক্ত খাদ্য গ্ৰহণ কৰক।
  • প্ৰতিদিনে কমেও ৩০ মিনিট শাৰীৰিক ক্ৰিয়া-কলাপ কৰক
  • আপোনাৰ ওজন নিয়ন্ত্ৰণত ৰাখক।
  • যোগাসন, ধ্যান আৰু পৰ্যাপ্ত টোপনিৰ দ্বাৰা মানসিক চাপ কমাব।
  • ধূমপান আৰু মদৰ পৰা আঁতৰি থাকক।
  • স্বাস্থ্য পৰীক্ষাৰ সময়ত কলেষ্টেৰল আৰু ৰক্তচাপ জুখি থাকিব।

 

অন্য খবৰ পঢ়কঃ এনিমিয়াৰ লক্ষণ, কাৰণ আৰু প্ৰতিকাৰৰ উপায়, জানক বিশেষজ্ঞৰ পৰা…

নাগ পঞ্চমীৰ দিনা সাপ দেখাটো শুভ নে অশুভ? কেনে হ’ব পাৰে প্ৰভাৱ, চাওক...
কেঁচা হালধি খায় নেকি আপুনি? দেহত কেনে প্ৰভাৱ পৰিব পাৰে জানেনে?
উচ্চ ৰক্তচাপৰ এই ৩ টা সাধাৰণ লক্ষণ আপুনি আওকাণ কৰা উচিত নহয়
এইখন মুছলমান দেশত সৰ্বাধিক জনপ্ৰিয় ভাৰতীয় সুৰা...