পেকেটৰ গাখীৰ উতলাই খোৱা উচিত নে? বিশেষজ্ঞই কি কয়, চাওক….
বৰ্তমান সময়ত অধিকাংশ লোকেই দোকান-বজাৰৰ পৰা ক্ৰয় কৰা পেকেটত ভৰোৱা গাখীৰ ব্যৱহাৰ কৰে। কিছু লোকে যদিও পেকেটত ভৰোৱা গাখীৰ উতলাই খায়, আন কিছু লোকে আকৌ উতলাই নোলোৱাকৈ সেৱন কৰে। এনে পৰিস্থিতিত স্বাভাৱিকতেই এক প্ৰশ্ন উত্থাপন হ’ব পাৰে, পেকেটত ভৰোৱা গাখীৰ উতলাই নে উতলাই নোলোৱাকৈ খোৱা উচিত!

প্ৰতিনিধিত্বমূলক ছবি
আমি নিজকে সুস্থ, সবল আৰু নিৰোগী দেহৰ অধিকাৰী কৰি তুলিবলৈ পুষ্টিসমৃদ্ধ আহাৰ গ্ৰহণ কৰোঁ। এনে খাদ্য বস্তুসমূহত আমাৰ দেহৰ বাবে প্ৰয়োজনীয় নানা পুষ্টিকৰ উপাদান উপলব্ধ। এনে এক পুষ্টিসমৃদ্ধ খাদ্য হৈছে গাখীৰ। আমাৰ দেহৰ বাবে প্ৰয়োজনীয় বহু পুষ্টিকৰ উপাদান গাখীৰত পোৱা যায়, সেয়ে গাখীৰক সম্পূৰ্ণ খাদ্য বুলি কোৱা হয়। এনে গুণৰ বাবে শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে গাখীৰ সেৱন কৰা উচিত বুলি বিশেষজ্ঞসকলে সততে কয়। গাখীৰে আমাৰ দেহত অনন্য উপকাৰ সাধন কৰে।
সাধাৰণতে গৰু বা ম’হৰ গাখীৰ আমাৰ স্বাস্থ্যৰ বাবে আটাইতকৈ উপকাৰী। কিন্তু বৰ্তমান সময়ত অধিকাংশ লোকেই দোকান-বজাৰৰ পৰা ক্ৰয় কৰা পেকেটত ভৰোৱা গাখীৰ ব্যৱহাৰ কৰে। কিছু লোকে যদিও পেকেটত ভৰোৱা গাখীৰ উতলাই খায়, আন কিছু লোকে আকৌ উতলাই নোলোৱাকৈ সেৱন কৰে। এনে পৰিস্থিতিত স্বাভাৱিকতেই এক প্ৰশ্ন উত্থাপন হ’ব পাৰে, পেকেটত ভৰোৱা গাখীৰ উতলাই নে উতলাই নোলোৱাকৈ খোৱা উচিত! এই বিষয়ত বিশেষজ্ঞই কি কয় চাওঁ আহক-
পেকেটত ভৰোৱা খাদ্য ব্যৱহাৰৰ পূৰ্বে কেইবাটাও প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হয়, যাক পেষ্টুৰাইজেচন বোলা হয়। আয়ুৰ্বেদ বিশেষজ্ঞ কিৰণ গুপ্তাৰ মতে, পেকেটত ভৰোৱা গাখীৰ উতলাই লোৱাৰ পিছতহে খাব লাগে। তেওঁ কয় যে, এই গাখীৰ পেক কৰাৰ পৰা ব্যৱহাৰ সময়লৈ হয় মাজত যথেষ্ট ব্যৱধান থাকে আৰু সেয়ে ইয়াত বেক্টেৰিয়া বাঢ়িব পাৰে। গতিকে সদায় উতলাই লোৱাৰ পিছত এই গাখীৰ সেৱন কৰিব লাগে বুলি তেওঁ কয়।
কিৰণ গুপ্তাই লগতে অৱশ্যে কয় যে যিসকল লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু হজম শক্তি শক্তিশালী তেওঁলোকে এনে গাখীৰ কেঁচাকৈ পান কৰিব পাৰে। উদাহৰণস্বৰূপে, দৈনিক ব্যায়াম কৰা লোকসকলে পেকেটত ভৰোৱা গাখীৰ কেঁচাকৈ খাব পাৰে। পাচন শক্তি আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল বাকী লোকসকলে সদায় উতলাই লোৱাৰ পিছতহে এনে গাখীৰ সেৱন কৰিব লাগে বুলি তেওঁ পৰামৰ্শ দিয়ে।
গাখীৰ উতলালে ইয়াত থকা বেক্টেৰিয়া আৰু ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থবোৰ দূৰ হয়। একে সময়তে কিছুমান লোকৰ মতে গাখীৰ উতলালে বেক্টেৰিয়াৰ প্ৰক্ৰিয়াও কমি যায় আৰু সেয়েহে গাখীৰ সোনকালে নষ্ট নহয়। লগতে গাখীৰৰ দৈ হোৱাৰ সম্ভাৱনাও কমি যায়। পেষ্টুৰাইজড গাখীৰ বুলিও জনাজাত পেকেটত ভৰোৱা গাখীৰ খালে বহু উপকাৰ পোৱা যায়। এই গাখীৰ বহুদিনলৈ নিৰাপদ হৈ থাকে, কাৰণ ইয়াত থকা ক্ষতিকাৰক বেক্টেৰিয়াবোৰ পেষ্টুৰাইজেচন প্ৰক্ৰিয়াৰ দ্বাৰা ধ্বংস হয়।
ইয়াৰ উপৰিও ইয়াত থকা চৰ্বিৰ পৰিমাণো বহুত কম, যাৰ বাবে ই ওজন কমাব বিচৰা লোকসকলৰ বাবে উপকাৰী। ইয়াৰ উপৰিও আন গাখীৰৰ দৰেই এনে গাখীৰতো যথেষ্ট পৰিমাণে কেলচিয়াম থাকে। আমাৰ হাড় মজবুত কৰাৰ বাবে কেলচিয়াম অতি প্ৰয়োজনীয়। কেলচিয়ামৰ অভাৱ দূৰ কৰিবলৈ গাখীৰক সৰ্বোত্তম উৎস হিচাপে গণ্য কৰা হয়। গতিকে পেকেট গাখীৰেও আমাক এই দিশত সহায় কৰে।