আপোনাৰ ছালৰ উজ্জ্বলতা কমিছে নেকি? এবাৰ ব্যৱহাৰ কৰক এই ফেচপেক…

আজিকালি সকলোৱে ছাল-চুলিকলৈ যথেষ্ঠ সচেতন। সকলোৰে এটাই চিন্তা, কিদৰে নিজক ধুনীয়া কৰি ৰাখিব পাৰি। বিশেষকৈ গৰমৰ দিনত আপোনাৰ স্বাস্থ্যৰ যত্ন লোৱা আৰু শৰীৰক হাইড্ৰেটেড কৰি ৰখাটো অতি গুৰুত্বপূৰ্ণ।

আপোনাৰ ছালৰ উজ্জ্বলতা কমিছে নেকি? এবাৰ ব্যৱহাৰ কৰক এই ফেচপেক...

আপোনাৰ ছালৰ উজ্জ্বলতা কমিছে নেকি?

Published: 

22 Jul 2025 02:59 AM

সকলোৱে নিজৰ ছালখন ধুনীয়া কৰি ৰাখিব বিচাৰে। কিন্তু সঠিক যত্ন নোলোৱাৰ বাবে আপোনাৰ ছালখনৰ উজ্জ্বলতা কমিব পাৰে। বিশেষ কৈ গৰমৰ দিনত ৰ’দৰ বাবে ছালখন নিস্তেজ হ’লৈ আৰম্ভ কৰে। এই সময়ত আপুনি আপোনাৰ ছালৰ অতিৰিক্ত যত্ন লোৱা উচিত। ঘৰত থকা কিছুমান বস্তু ব্যৱহাৰ কৰিও আপোনাৰ ছালখনক সুন্দৰ কৰি ৰাখিব পাৰে। কেইটামান বিশেষ ফেচপেক ব্যৱহাৰ কৰি কৰক ছালখন উজ্জ্বল….

মগু দাইল আৰু গাখীৰ

ছালখন উজ্জ্বল কৰিবলৈ আপুনি মুগৰ দাইল আৰু গাখীৰ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে, আপুনি ৩ চাহ চামুচ মুগ দাইল গুৰি কৰিব লাগিব। তাৰ পাছত আধা কাপ গাখীৰ আৰু অকণমান হালধি মিহলি কৰক। ইয়াক ১০ ৰ পৰা ১৫ মিনিটৰ বাবে মুখত লগাই ৰাখক। তাৰ পাছত মুখখন ভাল পানীৰে ধুই দিয়ক। ই ছাল ৰঙা পৰাৰ পৰা পৰিত্ৰাণ পোৱাত সহায়ক হ’ব পাৰে।

পুদিনা আৰু তিয়ঁহৰ ফেচ পেক

এটা তিয়ঁহৰ দুভাগ কৰি ইয়াৰ এভাগ লওক। এমুঠি পুদিনা পাতৰ লগত ইয়াক ভালদৰে মিহলাই লওক। এতিয়া এই পেষ্টটো আপোনাৰ মুখত প্ৰয়োগ কৰক আৰু ১০ৰ পৰা ১৫ মিনিটৰ পাছত ঠাণ্ডা পানীৰে আপোনাৰ মুখ ধুই দিয়ক। যাৰ ফলত আপোনাৰ ছালখন শীতল আৰু সতেজ অনুভৱ কৰাত সহায় কৰে।

মুলতানি মাটি

আপোনাৰ ছালখন তেলীয়া তেনেহ’লে মুলতানি মাটিৰ ফেচ পেক বনাই ছালত লগাব পাৰে। ই আপোনাৰ বাবে যথেষ্ট উপকাৰী । ইয়াৰ বাবে, মুলতানি মাটি গোটেই ৰাতি পানীত তিয়াই ৰাখক আৰু পিছদিনা ইয়াৰে এটা পাতল পেষ্ট প্ৰস্তুত কৰক। তাত কেইটোপালমান গোলাপ জল মিহলি কৰক। যেতিয়া ই সামান্য শুকাবলৈ আৰম্ভ কৰে, মুখখন ঠাণ্ডা পানীৰে ধুই দিয়ক।

হালধি, কেঁচা গাখীৰ আৰু বেচন

ছাল সুন্দৰ স্বাস্থ্যৱান কৰি ৰাখিবলৈ, আপুনি হালধি, কেঁচা গাখীৰ আৰু বেচনৰ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে আপুনি এই তিনিটা মিহলি কৰি এটা পেষ্ট প্ৰস্তুত কৰক। ইয়াৰ পাছত, এই মিশ্ৰণটো আপোনাৰ মুখত প্ৰয়োগ কৰক আৰু ইয়াক অলপ শুকাবলৈ দিয়ক। এতিয়া মুখখন লাহে লাহে হাতেৰে পাতলকৈ মালিচ কৰক। তাৰ পাছত পৰিস্কাৰ পানীৰে মুখখন ধুই দিয়ক।
এই মিশ্ৰণটোৱে ছালৰ দাগ হ্ৰাস কৰাৰ লগতে উজ্জ্বলতা অনাত সহায় কৰে।

চুলি সৰা সমস্যাৰ পৰা উপশম পাবলৈ এইকেইটা ঘৰুৱা উপায় গ্ৰহণ কৰক...
কেন্সাৰৰ এই প্ৰাৰম্ভিক লক্ষণসমূহ আপুনি কেতিয়াও আওকাণ কৰিব নালাগে
শাওনত তুলসী ৰোপণ কৰিলে আঁতৰে বাধা, কিন্তু কেনেকৈ?
পত্নী বা প্ৰেমিকাৰ এনে কু-অভ্যাসে ৰসাতলে নিব পাৰে পৰিয়ালক, চাণক্যৰ নীতিয়ে কৰি গৈছে উল্লেখ