উচ্চ ৰক্তচাপত ভোগা লোকসকলৰ বাবে আদা দিয়া চাহ ভাল নে বেয়া? জানক বিশেষজ্ঞৰ পৰা…

Ginger Tea: শীতকালত বহু মানুহে আদা দিয়া চাহ খোৱা পচন্দ কৰে। কিন্তু প্ৰশ্ন হয়, উচ্চ ৰক্তচাপ থকা ৰোগীসকলৰ বাবে আদা দিয়া চাহ ভাল নে বেয়া?আদাই কিবা অনিষ্ট কৰে নেকি? এই বিষয়ে প্ৰকাশ পাইছে এক গৱেষণাত।

উচ্চ ৰক্তচাপত ভোগা লোকসকলৰ বাবে আদা দিয়া চাহ ভাল নে বেয়া? জানক বিশেষজ্ঞৰ পৰা...

আদা দিয়া চাহ

Published: 

07 Nov 2025 07:01 AM

বহু মানুহে চাহ খাই ভাল পায়। বিশেষকৈ ঠাণ্ডাত বহুতে আদা দিয়া চাহ খাব বিচাৰে। ই বিভিন্ন ৰোগৰ বাবেও ফলপ্ৰসূ। আদা দিয়া চাহে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখে আৰু শৰীৰ গৰম কৰে। কিন্তু প্ৰশ্ন হয় উচ্চ ৰক্তচাপত ভোগা ৰোগীসকলৰ বাবে আদা দিয়া চাহ ভাল নে বেয়া?

উচ্চ ৰক্তচাপ ৰোগীৰ বাবে আদাৰ উপকাৰিতা আৰু ক্ষতিৰ ওপৰত এক অধ্যয়ন কৰা হৈছে। নেচনেল লাইব্ৰেৰী অৱ মেডিচিনৰ এই অধ্যয়নত প্ৰায় ৫০০০ লোকক অন্তৰ্ভুক্ত কৰা হৈছিল, যাৰ বয়স ১৮ বছৰৰ ওপৰত। এই লোকসকলক দুটা ভাগত বিভক্ত কৰা হৈছিল-কিছুমানে আদা সেৱন কৰিছিল আৰু কিছুমানে একেবাৰেই কৰা নাছিল। পাছত এই লোকসকলৰ ওপৰত পৰীক্ষা চলোৱা হৈছিল।

আদা খালে ৰক্তচাপ বৃদ্ধি নে হ্ৰাস পায়

গৱেষণাৰ অন্তত দেখা যায় যে, যিসকল লোকে যিকোনো প্ৰকাৰে আদা সেৱন কৰে সেই লোকসকলৰ উচ্চ ৰক্তচাপ হোৱাৰ আশংকা ৮.৪ শতাংশ হ্ৰাস পায়। ইয়াৰোপৰি কোনোৱে যদি প্ৰতিদিনে ৪ গ্ৰামতকৈ কম আদা সেৱন কৰে সেইসকলৰ একেবাৰেই আদা নোখোৱা সকলতকৈ উচ্চ ৰক্তচাপৰ আশংকা বহু কম। গৱেষকসকলৰ মতে আদাত থকা যৌগবোৰে প্ৰদাহ কমায় আৰু বিপাকীয় ক্ৰিয়া উন্নত কৰে। এই গৱেষণাত স্পষ্ট হৈ পৰিছে যে, আদা সেৱন কৰিলে উচ্চ ৰক্তচাপৰ আশংকা কম হয়।

বিশেষজ্ঞৰ মত

এই  সন্দৰ্ভত দিল্লী চৰকাৰৰ মুখ্য আয়ুৰ্বেদিক বিষয়া ড° আৰ পি পৰাশৰে কয় যে, আয়ুৰ্বেদত আদাক বহু ৰোগত ফলপ্ৰসূ বুলি গণ্য কৰা হৈছে। ই ষ্ট্ৰেছ হৰম’ন হ্ৰাস কৰে আৰু লগতে তেজ পাতল কৰাৰ কামো কৰে, যি ৰক্তচাপৰ বাবে ভাল। অৱশ্যে সদায় সীমিত পৰিমাণ আদা সেৱন কৰিব পাৰে। কিয়নো অত্যধিক আদা সেৱনে পেটৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰোপৰি নিম্ন ৰক্তচাপৰ সমস্যা থকাসকলে এই ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

 

অন্য খবৰ পঢ়কঃ খাদ্যৰ পৰা বিচনাখনলৈ সকলোতে পৰুৱা নেকি? তেন্তে জানক ইয়াক খেদাৰ ৪টা সহজ আৰু ঘৰুৱা উপায়…

এই ৫টা অভ্যাসে মানুহক কৰি তোলে দৰিদ্ৰ! জানক সকলো...
পেটৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি, জানক চিকিৎসকৰ পৰা...
কেৱল জয়ৰ নায়কেই নহয়, যুৱৰাজ সিঙক অতিক্ৰম কৰি অনন্য কৃতিত্ব অক্ষৰ পেটেলৰ
অমিতা খায় ভাল পায় নেকি? অমিতাৰ এই গুণৰ বিষয়ে জানি হ'ব আচৰিত!