কোষ্ঠকাঠিন্যৰ সমস্যাত ভুগি আছে নেকি? এই আয়ুৰ্বেদিক বস্তুবোৰ খাবলৈ আৰম্ভ কৰক

আজিকালি বেছিভাগ মানুহেই কোষ্ঠকাঠিন্যৰ ফলত অশান্তি ভুগীবলগা হয়। বেয়া জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ বাবে কোষ্ঠকাঠিন্যই মানুহক সমস্যাত পেলায়। এবাৰ কোষ্ঠকাঠিন্যত ভুগিলে বহুদিনলৈ ই নাইকিয়া হৈ নাযায়।  কোষ্ঠকাঠিন্য হ’লে  আপুনি কিছু আয়ুৰ্বেদিক ঔষধো খাব পাৰে। যিবোৰে কোষ্ঠকাঠিন্যত বিশেষ সকাহ দিয়ে

কোষ্ঠকাঠিন্যৰ সমস্যাত ভুগি আছে নেকি? এই আয়ুৰ্বেদিক বস্তুবোৰ খাবলৈ আৰম্ভ কৰক

কোষ্ঠকাঠিন্য

Updated On: 

20 May 2025 10:05 AM

আজিকালি বেছিভাগ মানুহেই কোষ্ঠকাঠিন্যৰ ফলত অশান্তি ভুগিবলগা হয়। বেয়া জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ বাবে কোষ্ঠকাঠিন্যই মানুহক সমস্যাত পেলায়। এবাৰ কোষ্ঠকাঠিন্যত ভুগিলে বহুদিনলৈ ই নাইকিয়া হৈ নাযায়।  কোষ্ঠকাঠিন্য হ’লে  আপুনি কিছু আয়ুৰ্বেদিক ঔষধো খাব পাৰে। যিবোৰে কোষ্ঠকাঠিন্যত বিশেষ সকাহ দিয়ে

বৰ্তমান সময়ত বেয়া জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ বাবে মানুহ কোষ্ঠকাঠিন্যত ভুগা দেখা যায়। পেট পৰিষ্কাৰ নোহোৱাৰ বাবে দিনটোৰ ভিতৰত অলসতা, এলাহ আৰু খিংখিঙীয়া হৈ পৰে। কোষ্ঠকাঠিন্যৰ বাবে আন বহু ৰোগৰ আশংকা থাকে। এই ৰোগত আক্ৰান্ত লোকসকলে প্ৰায়ে বিভিন্ন চিকিৎসা কৰে। ঔষধ খোৱাৰ সময়ত সমস্যা কিছু পৰিমাণে কমি যায়, কিন্তু ঔষধ বন্ধ হ’লে পুনৰ আৰম্ভ হয়। যদি আপুনিও কোষ্ঠকাঠিন্যৰ সমস্যাত অসুবিধা পাইছে, তেন্তে এই আয়ুৰ্বেদিক ঔষধসমূহ গ্ৰহণ কৰিব পাৰে।

কোষ্ঠকাঠিন্য এক গুৰুতৰ সমস্যা। কিন্তু বেছিভাগ সময়তে ভুল খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ বাবেই এই সমস্যাৰ সৃষ্টি হয়। দেৰিকৈ শোৱা আৰু দেৰিকৈ উঠা এই সমস্যাৰ মূল কাৰণ। যাৰ বাবে কোষ্ঠকাঠিন্যৰ ৰোগ হয়। সাধাৰণতে আমি ইয়াৰ এটা প্ৰকাৰহে জানো। শৌচাগাৰৰ পৰা অহাৰ পিছতো পেট পৰিষ্কাৰ অনুভৱ নকৰা। এবাৰতকৈ অধিক শৌচ কৰিবলৈ যোৱা। শৌচাগাৰত বহু সময় কটোৱাটোও কোষ্ঠকাঠিন্যৰ লক্ষণ। যদি আপোনাৰ লগতো এনেকুৱা হৈছে, তেন্তে এই আয়ুৰ্বেদিক ঔষধবোৰে আপোনাক সকাহ দিব পাৰে।

আয়ুৰ্বেদিক চিকিৎসা

যিকোনো ধৰণৰ কোষ্ঠকাঠিন্যৰ পৰা সকাহ পাবলৈ এই আয়ুৰ্বেদিক ঔষধ খাব পাৰে। ইয়াৰ ভিতৰত ত্ৰিফলা, ইছাবগোল, এলোভেৰাৰ ৰস, অভয়াৰিষ্ট আদি অন্তৰ্ভুক্ত। আমলখি, শিলিখা, ভোমৰা আদি বনৌষধিৰ পৰা ত্ৰিফলা গুড়ি তৈয়াৰ কৰা হয়। ইছাবগোল বা শিঙাবন হৈছে প্ৰাকৃতিক আঁহৰ উৎস। ই পাচন প্ৰক্ৰিয়াক সুচাৰুৰূপে কাম কৰাত সহায় কৰে। এলোভেৰাৰ ৰসত প্ৰচুৰ পৰিমাণে আঁহ, এনজাইম, আৰু এন্টিঅক্সিডেন্ট থাকে। দীৰ্ঘদিনীয়া কোষ্ঠকাঠিন্যৰ চিকিৎসাৰ বাবে অভয়াৰিষ্টৰ ব্যৱহাৰ প্ৰভাৱশালী।

ঔষধ কেনেকৈ খাব লাগে

ত্ৰিফলাই কোষ্ঠকাঠিন্যত সহায় কৰিব পাৰে। ইয়াৰ বাবে ত্ৰিফলা গুড়ি এচামুচ কুহুমীয়া পানীৰ লগত ৰাতি খাব। ইছাবগোল ৰাতি এচামুচ বা আধা চামুচ কুহুমীয়া পানী বা গাখীৰৰ সৈতেও খাব পাৰি। ৰাতিপুৱা এলোভেৰাৰ ৰস খালে উপকাৰী। চিকিৎসকৰ পৰামৰ্শ মতে অভয়াৰিষ্ট গ্ৰহণ কৰিব লাগে। ইয়াৰ উপৰিও গাজৰ, বিত, পানীলাউ, ডালিম আৰু আপেলৰ মিশ্ৰিত ৰস খালেও কোষ্ঠকাঠিন্যৰ পৰা উপশম পোৱা যায়। দিনটোৰ যিকোনো সময়তে ইয়াক খাব পাৰি যদিও ৰাতিপুৱা খালে অধিক উপকাৰী।

প্ৰতি মঙলবাৰে হনুমান চালিছা পাঠ কৰিলে কি হয়? সকলো জানক
পাকিস্তানত ১০০ গ্ৰাম সেন্দূৰৰ দাম কিমান জানেনে? জানক...
ভাৰতৰ কোনখন ৰাজ্যত অপৰাধৰ হাৰ সৰ্বাধিক, অসমত কিমান জানেনে?
ভাৰতৰ ১০০ টকাৰ মূল্য ইজৰাইলত কিমান হয়? জানক সকলো...