IPL 2024 ৰ পৰা বাহিৰ হ’ল RCB, একেৰাহে ১৭ বাৰৰ বাবে জয়ৰ পৰা বঞ্চিত…

অহা ২৪ মে’ত চেন্নাইত অনুষ্ঠিত হ’ব ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছৰ মাজত দ্বিতীয়খন কোৱালিফাইয়াৰ মেচ।

IPL 2024 ৰ পৰা বাহিৰ হল RCB,  একেৰাহে ১৭ বাৰৰ বাবে জয়ৰ পৰা বঞ্চিত...

আইপিএলপ পৰা বাহিৰ আৰচিবি

Published: 

23 May 2024 06:36 AM

পুনৰ এবাৰ RCB য়ে হতাশ কৰিলে অনুৰাগীক।  আহমেদাবাদ ক্ৰিকেট ষ্টেডিয়ামত সপোন ভাঙি চুৰমাৰ হ’ল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ। বুধবাৰে অনুষ্ঠিত প্লে অফৰ মেচত ৰাজস্থান ৰয়েলছ (RR) য়ে আৰ চি বিক ৪ উইকেটত পৰাস্ত কৰে আৰু ইয়াৰ লগে লগে দলটো আই পি এল ২০২৪ৰ পৰা বাহিৰ হয়। ইয়াৰ ফলত ১৭ বাৰৰ বাবে আৰ চি বিয়ে আই পি এল (IPL)  খিতাপ দখলৰ পৰা বঞ্চিত হয়।

কালিৰ মেচখনত ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছনে টছত জয় হৈ প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথম অৱস্থাত আৰচিবি প্লেয়াৰসকলে খেলপথাৰত কিছু সমস্যাৰ সন্মুখীন হৈছিল।  পঞ্চম অভাৰত আৰচিবিয়ে প্ৰথমটো উইকেট হেৰুৱায়।  ১৭ ৰান সংগ্ৰহ কৰি আউট হয় ডুপ্লেছিছ। ইয়াৰ পিছতে বিৰাট কোহলীয়েও ৩৩ ৰান সংগ্ৰহ কৰি আউট হয়। এনেকৈয়ে তেওঁলোকে ইনিংছটোত ১৭২ ৰাণ সংগ্ৰহ কৰে।

আৰ চি বিয়ে আৰআৰক বান্ধি দিয়ে ১৭৩ ৰাণৰ লক্ষ্য। প্ৰত্যুত্তৰত ৰাজস্থানে এই লক্ষ্য ১৯ অভাৰত সম্পূৰ্ণ কৰে। ৰাজস্থানৰ জয়ত ৰিয়ান পৰাগ, যশস্বী জয়ছোৱালৰ  অৱদান আছিল গুৰুত্বপূৰ্ণ। পৰাগে ৩৬ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে জয়ছৱালেও ৪৫ ৰানৰ ইনিংছ খেলিছিল। ইয়াৰোপৰ  ছিমৰণ হেটমায়াৰ ২৬ আৰু ৰবমন পোৱেলে ১৬(অপঃ) ৰানৰে দলটোত জয়লাভ কৰাত সহায় কৰে।

এই জয়ৰ জৰিয়তে ৰাজস্থান ৰয়েলছ দ্বিতীয় কোৱালিফায়াৰত স্থান লাভ কৰিছে আৰু এতিয়া এই দলটোৱে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলিব। অহা ২৪ মে’ত চেন্নাইত অনুষ্ঠিত হ’ব ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছৰ মাজত দ্বিতীয়খন কোৱালিফাইয়াৰ মেচ। এই খেলত যিটো দলে জয়লাভ কৰে  সেই দলটোৱে ২৬ মে’ত ফাইনেলত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে খেলিব।

 

 

স্বামীৰ বাবে সৌভাগ্য কঢ়িয়াই আনে এই ৪ গুণৰ মহিলাই, জানক...
খালী পেটত চাহ খোৱা অভ্যাস আছে নেকি? হ’ব পাৰে এই ৩টা গুৰুতৰ সমস্যা...
জীৱনলৈ আহিব দুৰ্ভাগ্য! কেতিয়াও ব্যৱহাৰ নকৰিব আনৰ এইসমূহ বস্তু...
জীৱন হ'ব ধ্বংস, কেতিয়াও বিশ্বাস নকৰিব এইসকল লোকক!
বৃন্দাবনী বস্ত্ৰ বৰপেটালৈ অনা সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে?
ৰাইজে যে কংগ্ৰেছক মাতিব তাৰ কোনো সম্ভাৱনা নাইঃ মুখ্যমন্ত্ৰী
বৰপেটাতো হব বৃহৎ উচ্ছেদঃ মুখ্যমন্ত্ৰী
দুৰ্বল নেকি জুবিন গাৰ্গৰ চাৰ্জশ্বীট? কি ক'লে মুখ্যমন্ত্ৰীয়ে...