দীৰ্ঘদিন প্ৰেমৰ সম্পৰ্ক, পৰিয়ালৰ অসন্তুষ্টি! প্ৰেমিকাৰ অত্যাচাৰ সহিব নোৱাৰি যুৱকৰ ভয়ংকৰ কাণ্ড…

ভাইৰেল ভিডিঅ’টোত অভিষেকৰ প্ৰেয়সীয়ে চৰম পন্থাৰ চেষ্টা কৰা দেখা গৈছে। তদুপৰি ডিঙি আৰু পেটত তৰোৱাল ৰাখি অভিষেকক ভাবুকি দিয়া দেখা যায়, "তুমি মোক এৰি গ'লে মই নিজৰ প্ৰাণ ত্যাগ কৰিম।" ভিডিঅ’টোৰ সময়ত অভিষেক অহৰহ তেওঁক শান্ত কৰিবলৈ আৰু এনে পদক্ষেপ নল’বলৈ বুজাবলৈ চেষ্টা কৰি আছে।

দীৰ্ঘদিন প্ৰেমৰ সম্পৰ্ক, পৰিয়ালৰ অসন্তুষ্টি! প্ৰেমিকাৰ অত্যাচাৰ সহিব নোৱাৰি যুৱকৰ ভয়ংকৰ কাণ্ড...

মধ্যপ্ৰদেশৰ ইন্দোৰত যুৱকৰ চৰম পন্থা

Updated On: 

18 Nov 2025 11:55 AM

এক হৃদয়বিদাৰক ঘটনাই কঁপাই তুলিছে মধ্যপ্ৰদেশৰ ইন্দোৰৰ শিৱাজী নগৰ। ঘৰতে জীৱনৰ চৰম সিদ্ধান্ত বাছি ল’লে ২২ বছৰীয়া অভিষেক প্ৰজাপতে। পৰিয়ালটোৱে আৰম্ভণিৰে পৰাই এই মৃত্যুক লৈ সন্দেহ প্ৰকাশ কৰি পুংখানুপুংখ তদন্তৰ দাবী জনাইছিল। ইফালে ঘটনাৰ দুদিন পিছতে এটা ভিডিঅ’ ওলাইছে যিয়ে গোচৰটোক এক নতুন তথ্য পোহৰলৈ আনিছে।

ভাইৰেল ভিডিঅ’টোত অভিষেকৰ প্ৰেয়সীয়ে চৰম পন্থাৰ চেষ্টা কৰা দেখা গৈছে। তদুপৰি ডিঙি আৰু পেটত তৰোৱাল ৰাখি অভিষেকক ভাবুকি দিয়া দেখা যায়, “তুমি মোক এৰি গ’লে মই নিজৰ প্ৰাণ ত্যাগ কৰিম।” ভিডিঅ’টোৰ সময়ত অভিষেক অহৰহ তেওঁক শান্ত কৰিবলৈ আৰু এনে পদক্ষেপ নল’বলৈ বুজাবলৈ চেষ্টা কৰি আছে। পৰিয়ালটোৱে দাবী কৰা মতে, ছোৱালীজনীৰ এই আচৰণ দীৰ্ঘদিন ধৰি চলি আছিল, আৰু মানসিক চাপে তেওঁলোকৰ পুত্ৰক ভিতৰৰ পৰা ভাঙি পেলাইছিল।

অভিষেকৰ পিতৃৰ গুৰুতৰ অভিযোগ

অভিষেকৰ পিতৃ ৰামহিত প্ৰজাপতে ছোৱালীজনী আৰু তেওঁৰ পৰিয়ালে তেওঁৰ পুত্ৰক চৰম পন্থাৰ দিশলৈ ঠেলি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ অভিযোগ কৰে যে অভিষেক খুচী নামৰ ছোৱালী এজনীৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্কত আছিল যদিও সেই সম্পৰ্কক লৈ খুচীৰ পৰিয়াল অসন্তুষ্ট। বাৰে বাৰে মাৰপিট কৰি বিচ্ছেদ কৰিবলৈ বাধ্য কৰাইছিল।

পৰিয়ালৰ অভিযোগ যে খুচীয়ে প্ৰায়ে অভিষেকক ভিডিঅ’ কল কৰি  তৰোৱাল ব্যৱহাৰ কৰি বা আত্মহত্যা কৰি হেঁচা প্ৰয়োগ কৰিছিল। ইয়াৰ ফলত অহৰহ মানসিক চাপত ভুগিছিল অভিষেকে। কিছুদিন পূৰ্বে খুচীৰ পৰিয়ালে ভুৱা এজাহাৰ দাখিল কৰি অভিষেকক ভগীৰথপুৰা আৰক্ষী থানাত আটক কৰি ৰখাৰ অভিযোগো কৰে পিতৃয়ে। বহু চেষ্টাৰ অন্তত তেওঁক মুকলি কৰি দিয়া হয়। পিতৃয়ে কয় যে আৰক্ষীয়ে অভিষেকক ছোৱালীজনীৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছিল। অহৰহ ভাবুকি, প্ৰহাৰ, ব্লেকমেইলিং আদিয়ে অভিষেকক ভিতৰৰ পৰা দুৰ্বল কৰি তুলিছিল।

১৪ নৱেম্বৰৰ সন্ধিয়া অভিষেকৰ সৰু ভনীয়েকে তেওঁক চৰম পন্থা লোৱা অৱস্থাত  দেখা পায়। তাৰ পিছত আতংকিত হৈ চিঞৰি দেউতাকক মাতিলে। অভিষেক আছিল পৰিয়ালটোৰ উপাৰ্জনৰ পথ। পিতৃয়ে এখন দোকান চলায়, পৰিয়ালটোৰ দুগৰাকী ভগ্নী আৰু এজন ভাতৃয়ো আছে।

অভিষেকৰ মোবাইল ফোনটো জব্দ কৰিছে আৰক্ষীয়ে

ঘটনাৰ পিছতে আৰক্ষীয়ে অভিষেকৰ মোবাইল ফোনটো জব্দ কৰে। চৰমপন্থান কেইমিনিটমান আগলৈকে তেওঁ আনন্দৰে কথা পাতি আছিল বুলি পৰিয়ালৰ লোকে দাবী কৰে। এই কাৰণেই তেওঁৰ মোবাইল ফোন, মেছেজ, কল ৰেকৰ্ড, ভিডিঅ’ এতিয়া তদন্তৰ গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে। অতিৰিক্ত ডিচিপি ৰাজেশ দণ্ডোটিয়াই কয় যে ভাইৰেল ভিডিঅ’টোৰ ফৰেনছিক পৰীক্ষা কৰা হ’ব, আৰু সকলো দিশৰ পুংখানুপুংখ তদন্ত চলি আছে। আৰক্ষীয়ে জনোৱা মতে, প্ৰতিবেদন পোৱাৰ পিছত পৰৱৰ্তী ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লোৱা হ’ব।

কেৱল সোৱাদতে নহয়, উপকাৰিতাৰ দিশতো অনন্য পিঁয়াজ পাত; জানিবলৈ চাওক...
ভাৰততকৈ ডুবাইত সোণ সস্তা কিয়? জানক...
আপোনাৰো আছে নেকি ডায়েবেটিছৰ সমস্যা, শীতকালত এনে ভুল কৰি নচপাব নিজৰ বিপদ
দ্বিতীয়বাৰ গৰম কৰি খাব নালাগে এইসমূহ খাদ্য! জানক সকলো...