প্ৰথমে কোনেও ধৰিব পৰা নাছিল, পুৰীৰ জগন্নাথ মন্দিৰৰ ভিতৰত চাঞ্চল্যকৰ কাণ্ড যুৱকৰ

মঙলবাৰে পুৰীৰ মন্দিৰ চৌহদত ইফালে সিফালে ঘূৰি ফুৰিছিল যুৱকজনে। তেওঁৰ আচৰণ দেখি নিৰাপত্তাৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰে। লগে লগে তেওঁক ওচৰলৈ মাতে। তাৰ পাছত ভালকৈ পৰীক্ষা কৰাত সত্যটো ধৰা পৰে।

প্ৰথমে কোনেও ধৰিব পৰা নাছিল, পুৰীৰ জগন্নাথ মন্দিৰৰ ভিতৰত চাঞ্চল্যকৰ কাণ্ড যুৱকৰ

পুৰীৰ জগন্নাথ মন্দিৰ

Published: 

01 Aug 2025 | 08:03 PM

পুৰীৰ জগন্নাথ মন্দিৰ, লাখ লাখ ভাৰতীয়ৰ আস্থা আৰু বিশ্বাসৰ থল এই মন্দিৰ। কিন্তু শেহতীয়াকৈ পুৰীৰ জগন্নাথ মন্দিৰত সৃষ্টি হৈছে চাঞ্চল্যকৰ এক ঘটনা। মন্দিৰৰ ভিতৰত নিষিদ্ধ কাৰ্য সংঘটিত কৰিলে এজন যুৱকে। যুৱকজনৰ এই কাৰ্য ধৰা পৰাৰ পাচতেই সৃষ্টি হয় তীব্ৰ চাঞ্চল্য। প্ৰশ্ন উঠিছে, কি উদ্দেশ্য লৈ যুৱকজনে সংঘটিত কৰিলে এনে নিষিদ্ধ কাণ্ড, আঁৰত আছে নেকি কোনো ভয়ংকৰ অভিসন্ধি?

পুৰীৰ জগন্নাথ মন্দিৰৰ ভিতৰৰ পৰা গ্ৰেপ্তাৰ হৈছে এজন যুৱক। গোপনে মন্দিৰৰ ফটো আৰু ভিডিঅ’ ৰেকৰ্ডিং কৰিছিল ধৃত যুৱকজনে। তাকো মোবাইল বা কেমেৰাৰ জৰিয়তে নহয়, কেমেৰাযুক্ত এজোৰ চশমা পিন্ধি এই কাম কৰিছিল যুৱকজনে। ইয়াৰ ফলত সন্দেহ আৰু অধিক বৃদ্ধি পাইছে।

সকলোৱে জানে যে পুৰীৰ মন্দিৰত ফটো তোলা নিষিদ্ধ। সেইবাবেই মোবাইল লৈ মন্দিৰত প্ৰৱেশ কৰিব নোৱাৰি। অৱশ্যে এই যুৱকজনে গোপনে মন্দিৰৰ ফটো আৰু ভিডিঅ’ তুলি লৈছিল। ধৃত যুৱকজনৰ নাম অভিষেক কৰ। তেওঁ ভুৱনেশ্বৰৰ বাসিন্দা।

মঙলবাৰে পুৰীৰ মন্দিৰ চৌহদত ইফালে সিফালে ঘূৰি ফুৰিছিল যুৱকজনে। তেওঁৰ আচৰণ দেখি নিৰাপত্তাৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰে। লগে লগে তেওঁক ওচৰলৈ মাতে। তাৰ পাছত ভালকৈ পৰীক্ষা কৰাত সত্যটো ধৰা পৰে। দেখা গ’ল যে যুৱকজনে ৰে-বেনৰ মেটা ৱেফাৰ চশমা পিন্ধিছিল, য’ত কেমেৰা সংলগ্ন আছিল। এই কেমেৰাটো ফোনৰ সৈতে সংযোগ কৰা হৈছে। এই গোপন কেমেৰাৰ সহায়ত লাইভ সম্প্ৰচাৰো কৰিব পাৰি।

ধৃত যুৱকজনে কিয় গোপন কেমেৰাৰে ফটো তুলিছিল সেই সন্দৰ্ভত মুখ খোলা নাই। আৰক্ষীয়ে তেওঁক আটক কৰি জেৰা অব্যাহত ৰাখিছে। এই ভিডিঅ’টো কাৰোবালৈ পঠোৱাৰ পৰিকল্পনা আছিল নেকি সেই বিষয়েও তদন্ত চলি আছে। এটা ভব্য মন্দিৰত এইদৰে নিয়ম উলংঘা কৰি ছবি তোলা বা ভিডিঅ’ কৰাৰ আঁৰত কোনো ভয়ংকৰ অভিসন্ধি থাকিব পাৰে বুলিও সন্দেহ কৰিছে বহুতে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব