ব্ৰিজ ভূষণ সিঙৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান অভিযোগকাৰী মহিলা মল্লযুঁজাৰুৰঃ কেতিয়া হ’ব শুনানি?

ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ প্ৰাক্তন সভাপতি তথা বিজেপি নেতা ব্রিজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰা এগৰাকী এগৰাকী মল্লযুঁজাৰুৰ বক্তব্য শুকুৰবাৰে ৰাউছ এভিনিউ আদালতত লিপিবদ্ধ কৰা হয়। অহা ১০ ছেপ্টেম্বৰত এই গোচৰৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব।

ব্ৰিজ ভূষণ সিঙৰ বিৰুদ্ধে সাক্ষ্য প্ৰদান অভিযোগকাৰী মহিলা মল্লযুঁজাৰুৰঃ কেতিয়া হ’ব শুনানি?

অভিযুক্ত ব্ৰিজ ভূষণ চৰণ সিং

Published: 

24 Aug 2024 | 12:40 PM

যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ প্ৰাক্তন সভাপতি তথা বিজেপি নেতা ব্রিজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে ইতিমধ্যে ৰুজু হৈছে যৌন শোষণৰ গোচৰ৷ ব্রিজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা মহিলা মল্লযুঁজাৰুসকলৰ মাজৰে এগৰাকী মল্লযুঁজাৰুৰ বক্তব্য শুকুৰবাৰে ৰাউছ এভিনিউ আদালতত লিপিবদ্ধ কৰা হয়। সেই সময়ত উপস্থিত থাকে ৰাউছ এভিনিউ আদালতৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ প্ৰিয়ংকা ৰাজপুত। খোদ প্ৰিয়ংকা ৰাজপুতেই মহিলা মল্লযুঁজাৰুগৰাকীৰ বক্তব্য কেমেৰাত ৰেকৰ্ডিং কৰিছে।

তথ্য অনুসৰি, আদালতৰ কাম-কাজৰ অন্ত পৰাৰ বাবে মল্লযুঁজাৰুগৰাকীৰ সাক্ষ্য সম্পূৰ্ণ কৰিব পৰা নগ’ল। সেয়ে অভিযোগকাৰী মহিলা মল্লযুঁজাৰুগৰাকীৰ বক্তব্য ৰেকৰ্ডিং কৰাৰ প্ৰক্ৰিয়া ১০, ১২ আৰু ১৩ ছেপ্টেম্বৰত আদালতত অব্যাহত থাকিব বুলি সদৰী কৰা হৈহে। অহা ১০ ছেপ্টেম্বৰত এই গোচৰৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব।

লক্ষণীয়ভাৱে ব্ৰিজ ভূষণ চৰণ সিঙৰ সৈতে জড়িত এই গোচৰ সন্দৰ্ভত ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এক বিশেষ পোষ্ট দিছিল দেশৰ তাৰকা মল্লযুঁজাৰু তথা মল্লযুঁজাৰুসকলৰ প্ৰতিবাদৰ নেতৃত্ব প্ৰদান কৰা বিনেশ ফ’গাটে। ফ’গাটে এই পোষ্টটোত দিল্লী আৰক্ষীয়ে ব্রিজ ভূষণৰ বিৰুদ্ধে আদালতত সাক্ষ্য দিবলৈ যোৱা মহিলা মল্লযুঁজাৰুসকলৰ নিৰাপত্তা আঁতৰ কৰা বুলি দাবী কৰিছিল৷

বিনেশ ফ’গাটৰ এই পোষ্টৰ পিছতে ব্যাপক চৰ্চা আৰম্ভ হৈছিল। তাৰ পিছতে দিল্লী আৰক্ষীয়ে এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। দিল্লী আৰক্ষীয়ে মল্লযুঁজাৰুসকলৰ নিৰাপত্তাৰক্ষীত নিয়োজিত জোৱানসকলক গুলীচালনাৰ অনুশীলনৰ বাবে মাতি নিয়া বুলি উল্লেখ কৰে আৰু এই তথ্য মল্লযুঁজাৰুসকলক আগতীয়াকৈ দিয়া বুলিও কয়। লগতে মল্লযুঁজাৰুসকলৰ নিৰাপত্তা প্ৰত্যাহাৰ কৰা হোৱা নাই বুলি স্পষ্ট কৰি দিয়ে দিল্লী আৰক্ষীয়ে।

উল্লেখ্য যে, ব্ৰিজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা মহিলা মল্লযুঁজাৰুসকলৰ বক্তব্য লিপিবদ্ধ কৰাৰ বাবে দুটা বিকল্প প্ৰদান কৰিছে আদালতে। প্ৰথমতে, যদি তেওঁলোকে যদি আদালতৰ কক্ষত সাক্ষ্য দিবলৈ কোনো অসুবিধা অনুভৱ নকৰে, তেন্তে তেতিয়া মুকলি শুনানি হ’ব। আনহাতে যদি তেওঁলোকে এই পৰিৱেশত সহজ নহয়, তেন্তে তেওঁলোকৰ বক্তব্য লিপিবদ্ধ কৰা হ’ব।

মল্লযুঁজাৰুসকলক এই ক্ষেত্ৰত নিজা সিদ্ধান্ত ল’বলৈ আদালতে নিৰ্দেশনা দিছিল আৰু সেই অনুসৰি মল্লযুঁজাৰুসকলৰ অনুৰোধত আদালতে তেওঁলোকৰ সাক্ষ্য ন্যায়াধীশৰ সন্মুখত লোৱা হ’ব বুলি উল্লেখ কৰে। লক্ষণীয়ভাৱে এই সময়ত ব্রিজ ভূষণৰ কোনো অধিবক্তা উপস্থিত নাথাকিব৷ আদালতৰ কক্ষৰ কাষৰ কোঠাত লিপিবদ্ধ কৰা হ’ব এই সাক্ষ্য।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...