বিয়াৰ এবছৰ পিছলৈকে হোৱা নাছিল সন্তানঃ শাহুৰ নিন্দা সহিব নোৱাৰি মহিলাই ল’লে চৰম সিদ্ধান্ত

বিয়াৰ এবছৰৰ পিছতো সন্তান জন্ম নোহোৱাৰ বাবে শাহুৱে দৈনিক কৰা মৌখিক আতিশয্যত বিৰক্ত হৈ এগৰাকী মহিলাই কৰিছে আত্মহত্যা। উত্তৰ প্ৰদেশৰ ইটাৱা জিলাৰ যশৱন্তনগৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা।

বিয়াৰ এবছৰ পিছলৈকে হোৱা নাছিল সন্তানঃ শাহুৰ নিন্দা সহিব নোৱাৰি মহিলাই ল’লে চৰম সিদ্ধান্ত

নিহত মহিলাগৰাকী

Published: 

25 Aug 2024 22:01 PM

উত্তৰ প্ৰদেশৰ ইটাৱা জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। বিয়াৰ এবছৰৰ পিছতো সন্তান জন্ম নোহোৱাৰ বাবে শাহুৱে দৈনিক কৰা মৌখিক আতিশয্যত বিৰক্ত হৈ এগৰাকী মহিলাই কৰিছে আত্মহত্যা। ইটাৱাৰ যশৱন্তনগৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা। প্ৰকাশিত খবৰ অনুসৰি যশৱন্তনগৰ থানা এলেকাৰ নগলা ভদৌৰিয়া অঞ্চলৰ যুৱতীগৰাকীক মধ্যপ্ৰদেশৰ মৰেনা জিলাৰ আম্বাহ থানা এলেকালৈ বিয়া দিয়া হৈছিল। বিগত বৰ্ষৰ ২৭ মে’ত বিবাহপাশত আৱদ্ধ হৈছিল যুৱতীগৰাকী। সেই হিচাপত তেওঁৰ বিবাহৰ মাত্ৰ ১৪ মাহ সময়হে হৈছিল। কিন্তু এই সময়ছোৱাৰ ভিতৰতে মহিলাগৰাকীৰ সন্তান জন্ম হোৱাটো বিচাৰিছিল শাহুৱেকে।

কিন্তু মহিলাগৰাকীৰ কোনো সন্তান জন্ম নোহোৱাৰ বাবে শাহুৱেকে প্ৰতিদিনে তেওঁক ঠাট্টা-মস্কৰা কৰিছিল। এনে পৰিস্থিতিত শাহুৱেকৰ সৈতে তেওঁৰ মতানৈক্য হয় আৰু এই মতানৈক্যৰ বাবেই মহিলাগৰাকী শেহতীয়া কিছুদিনৰ পৰা নিজ মাতৃগৃহত থাকিবলৈ লৈছিল। কিন্তু যোৱা নিশা স্বামীৰ সৈতে ফোনত কথা পতাৰ পিছতে আত্মহত্যা কৰে মহিলাগৰাকীয়ে।

মৃত স্নেহা নামৰ এই মহিলাগৰাকীৰ পিতৃ নৰেশ ভাদৌৰিয়াই জানিবলৈ দিয়া মতে, বিয়াৰ পিছৰে পৰা স্নেহাক শাহুৱেকে সন্তান নাই বুলি দৈনিক ঠাট্টা-মস্কৰা কৰিছিল। এই কথাত স্নেহা বিচলিত হৈ পৰিছিল আৰু সেয়ে নৰেশ ভাদৌৰিয়াই নিজ কন্যাক ঘৰলৈ মাতি নিছিল। কিন্তু শনিবাৰে গভীৰ নিশা কন্যাই নিজৰ কোঠাত আত্মহত্যা কৰে বুলি তেওঁ জানিবলৈ দিয়ে।

ইফালে স্নেহাৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে ইটাৱাত উপস্থিত হয় তেওঁৰ স্বামী আদিত্য তোমৰ আৰু আত্মীয় কিছু লোক। আদিত্যই জানিবলৈ দিয়া মতে ঘটনাৰ পূৰ্বে নিশা প্ৰায় ১১.৩০ বজাত স্নেহাৰ লগত তেওঁৰ ফোন যোগে কথা-বতৰা হৈছিল। ফোনত স্নেহাই তেওঁৰ দেহ ঠিক নহয় বুলি জানিবলৈ দিয়া বুলিও আদিত্যই লগতে কয়।

সেয়ে আদিত্যই স্নেহাক আগ্ৰাত চিকিৎসকৰ ওচৰত দেখুওৱাৰ পৰিকল্পনা কৰিছিল। কিন্তু নিশাৰ এই ফোনকলৰ পিছতে স্নেহাই বাছি লয় এনে চৰম পন্থা। ইফালে কন্যাৰ আত্মহত্যাৰ পিছতো স্নেহাৰ পিতৃয়ে এনে ঘটনাৰ বাবে কোনো লোককে জগৰীয়া কৰা নাই আৰু কাৰো বিৰুদ্ধে কোনো ব্যৱস্থাও নিবিচাৰে বুলি উল্লেখ কৰিছে।

অৱশ্যে ঘটনাৰ বিষয়ে খবৰ লাভ কৰাৰ পিছত স্থানীয় যশৱন্তনগৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। এই সন্দৰ্ভত স্থানীয় এগৰাকী আৰক্ষী বিষয়াই মহিলাগৰাকীয়ে আত্মহত্যা কৰা সন্দৰ্ভত পৰিয়ালৰ লোকে কিছু কথা জনাইছে যদিও এই সন্দৰ্ভত আৰক্ষীক কোনো অভিযোগ পত্ৰ দিয়া নাই বুলি সদৰী কৰে।

তেজৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক সংকেত, এই ৫ টা লক্ষণে দেখা দিলে সাৱধান হওক
ভাৰতৰ কোনখন ৰাজ্যত সবাতোকৈ বেছি কণ্ডম বিক্ৰী হয়? জানক...
উপহাসৰ সামগ্ৰী নহয় মূলা, এনে গুণাৱলীৰে শীতকালৰ ছুপাৰফুড এইবিধ পাচলি
মুখৰ পৰা বয়সৰ চিন আঁতৰিব ! যৌৱন ধৰি ৰাখিবলৈ দৈনিক সেৱন কৰক এই ৩ বিধ পানীয়
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...
বেদখলকাৰীক সকীয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...